ETV Bharat / health

ৰুগীয়া হ’বলৈ মন নাই যদি আজিয়েই ত্যাগ কৰক ব্ৰেড - Bread

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 9:27 PM IST

Bread Side Effects: আমাৰ মাজত এনে বহুলোক আছে যি পুৱাৰ আৰম্ভণি ব্ৰেডৰ সৈতে কৰে ৷ ব্ৰেড অমলেট, ব্ৰেড জেম, ব্ৰেড বাটাৰ ইত্যাদি ৷ কিন্তু আপোনালোকে জানেনে যে ব্ৰেড খোৱাটো আপোনাৰ স্বাস্থ্যৰ পক্ষে কিমান লোকচানদায়ক হ’ব পাৰে ৷ আজি এই বিষয়ে জানো আহক-

Do not eat bread if possible, otherwise you will get sick
ৰুগীয়া হ’বলৈ মন নাই যদি আজিয়েই ত্যাগ কৰক ব্ৰেড (FREEPIK)

ব্ৰেড অধিকাংশ লোকৰেই প্ৰিয় ৷ বিভিন্ন ধৰণে বিভিন্ন সময়ত আমি ব্ৰেড খাওঁ ৷ কিন্তু সকলোৰে প্ৰিয় ব্ৰেড প্ৰকৃততে স্বাস্থ্যৰ পক্ষে হানিকাৰক ৷ ইয়াত প্ৰ'টিন বা আন কোনো ভিটামিন নাথাকে ৷ ই শৰীৰৰ পাচন তন্ত্ৰ দুৰ্বল কৰে ৷ ইফালে বহুতে কয় যে ব্ৰাউন ব্ৰেড আমাৰ স্বাস্থ্যৰ কোনো অপকাৰ সাধন নকৰে বৰঞ্চ ই আমাৰ স্বাস্থ্যৰ পক্ষে উপকাৰী ৷ কিন্তু আজিকালি বহুতে ব্ৰেডত মাটিয়া ৰং ব্ৰাউন ব্ৰেডৰ ৰূপত বজাৰত বিক্ৰী কৰি আহিছে যি আমাৰ শৰীৰৰ বাবে অধিক লোকচানদায়ক লগতে আমি এই বিষয়ে জ্ঞাত নহয় যে ব্ৰেডত কেনে ৰং আমাৰ ব্যৱহাৰ কৰা হৈছে ৷ ইয়াৰ ফলত আমাৰ বহুতো স্বাস্থ্য সম্পৰ্কীয় সমস্যা হ'ব পাৰে ৷ আজি ব্ৰেডৰ স্বাস্থ্য অপকাৰিতাৰ বিষয়ে জানো আহক-

উচ্চ ছ'ডিয়াম

ব্ৰেডত যথেষ্ট পৰিমাণে ছ'ডিয়াম থাকে, যি শৰীৰৰ বাবে যথেষ্ট ক্ষতিকাৰক ৷ ইয়াৰ ফলত ৰক্তচাপ আৰু হৃদৰোগ হ'ব পাৰে ৷ ব্ৰেড খোৱাৰ ফলত শৰীৰত নিমখ যথেষ্ট পৰিমাণে জমা হয় ৷ যিয়ে হৃদআক্ৰমণ সম্পৰ্কীয় সমস্যা বৃদ্ধি কৰে ৷

মেদবহুলতা

আজিকালিৰ প্ৰজন্মই ব্ৰেডৰে তৈয়াৰী খাদ্য খায় খুব ভাল পায় ৷ কিন্তু ইয়াত যথেষ্ট পৰিমাণে কেলৰি থাকে ৷ যাৰ ফলত মেদবহুলতাৰ সমস্যা হয় ৷

ভৰ্তি নহয় পেট

বহুলোকে পেট ভৰাবলৈ ব্ৰেড গ্ৰহণ কৰে ৷ কিন্তু প্ৰকৃততে কেতিয়াও ই পাকস্থলী ভৰ্তি নকৰে ৷

পেটৰ সমস্যা

ব্ৰেডত যথেষ্ট পৰিমাণৰ গ্লুটেন থাকে ৷ যিয়ে বিভিন্ন পেটৰ সমস্যাৰ সৃষ্টি কৰে ৷ সেয়েহে যদি সুস্থ হৈ থাকিবলৈ বিচাৰে, তেন্তে ব্ৰেড পৰিহাৰ কৰাটো ভাল ৷

উচ্চ কাৰ্বহাইড্ৰেট

ব্ৰেডত যথেষ্ট পৰিমাণৰ কাৰ্বহাইড্ৰেট থাকে ৷ যি স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক ৷ অত্যধিক ব্ৰেড খোৱাৰ ফলত ৰক্ত শৰ্কৰা বৃদ্ধি হ'বলৈ আৰম্ভ কৰে ৷ যিয়ে ডায়েবেটিচ ৰোগ আৰু মস্তিষ্কৰ ক্ষতিৰ আশংকা বৃদ্ধি কৰে ৷

কেৱল সেয়াই নহয় দীৰ্ঘদিন ধৰি দৈনিক ব্ৰেড সেৱন কৰিলে ডায়েবেটিছ ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে । প্ৰতিদিনে ব্ৰেড খোৱাৰ ফলত মানুহৰ ওজন বৃদ্ধি পায়, যাৰ ফলত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে । কিছুমান লোকে ব্ৰেড অত্যধিক সেৱনৰ বাবে বমি আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাই দেখা দিব পাৰে । গ্লুটেন অসহিষ্ণুতাত ভোগা লোকসকলে ৰুটি খোৱাৰ বাবে গাঁঠিৰ বিষত ভুগিব পাৰে ।

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ ৷ এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে ৷ আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো ৷ কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷

লগতে পঢ়ক: Disadvantage of White Bread: আপুনিও ব্ৰেকফাষ্টত বগা পাউ ৰুটি খায় নেকি ? তেন্তে এই ৩টা অপকাৰিতা জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.