ETV Bharat / health

শিশুৰ ডায়েৰীয়া-বমি হ'লে কি কৰা উচিত ? - Diarrhea in Children

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 7:38 PM IST

Diarrhea in Children: ডায়েৰীয়া বা বমি হ'লে শিশুৰ স্বাস্থ্যৰ কেনেধৰণৰ যতন ল'ব লাগে ? এই সন্দৰ্ভত ই টিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত কি ক’লে শিশুৰোগ বিশেষজ্ঞ ডাঃ চামিউল এ. হুছেইনে জানো আহক-

Child care
শিশুৰ ডায়েৰীয়া তথা বমি হ'লে কি কৰা উচিত ? (ETV Bharat)

গুৱাহাটী, 17 জুলাই: উৎকট গৰম তথা হঠাৎ জলবায়ু পৰিৱৰ্তনৰ ফলত এই সময়ছোৱাত শিশুৰ ভাইৰেল জ্বৰ আদিৰ পৰা আৰম্ভ কৰি ভিন্ন ৰোগ হোৱা দেখা যায় ৷ বিশেষকৈ এই সময়ছোৱাত শিশুসকলৰ ডায়েৰীয়া, বমি আদিও হোৱা দেখা যায় ৷ শিশুৰ ডায়েৰীয়া হোৱাৰ পূৰ্বে বমি হোৱাও দেখা যায় ৷ ডায়েৰীয়াৰ হোৱাৰ ফলত শৰীৰৰ পৰা পানী আৰু খনিজ পদাৰ্থ বাহিৰ হৈ যায় ৷ যাৰ ফলত শিশুটিৰ ডি হাইড্ৰেচনৰ সমস্যাই দেখা যায় ৷ যাৰ ফলত শিশুটি দুৰ্বল হৈ পৰা পৰিলক্ষিত হয় ৷

শিশুৰোগ বিশেষজ্ঞ ডাঃ চামিউল এ. হুছেইন (ETV Bharat)

ডায়েৰীয়া আৰু বমি হ'লে শিশুটিৰ কেনেধৰণৰ যতন ল'ব লাগে ?

ডায়েৰীয়া হ’লে বহু অভিভাৱকৰ ক্ষেত্ৰত দেখা যায় যে শিশুটিক একো খাবলৈ নিদিয়ে ৷ কিন্তু এয়া দৰাচলতে এক ভুল ধাৰণা ৷ ডায়েৰীয়া হ’লে শিশুটিক ঘৰতে প্ৰস্তুত কৰা সুষম আহাৰ খাবলৈ দিব লাগে ৷ লগতে শিশুক ORS খুওৱাব পাৰে ৷ ORSত ছডিয়াম, পটাছিয়াম, গ্লু'কজ আদিকে ধৰি ভিন্ন ধৰণৰ খনিজ পদাৰ্থ থাকে ৷

ORS পৰিৱৰ্তে আপুনি আপোনাৰ শিশুটিক ডালিমৰ ৰস বা ঘৰতে ORS বনাই খুৱাব পাৰে ৷ ইয়াৰোপৰি ভিন্ন ধৰণৰ ফলৰ ৰস শিশুটিক খুৱাব পাৰে ৷ গৰমৰ বাবে এই সময়ছোৱাত শিশুসকলৰ বমি হোৱাও দেখা যায় ৷ খাদ্যৰ বিষক্ৰিয়াৰ ফলত শিশুসকলৰ সাধাৰণতে বমিৰ সমস্যা হোৱা দেখা যায় ৷ সেয়ে শিশুক বেছি সময়লৈকে ৰাখি থোৱা বা বাহি খাদ্য খুৱাব নালাগে ৷ শিশুটিক খাদ্য খুওৱাৰ পূৰ্বে সদায় চাই ল'ব লাগে যে খাদ্যখিনি ভালে আছেনে নাই ৷

ইমানখিনি কৰাৰ পাচতো যদি শিশুটিয়ে ভাল নাপাই তেন্তে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ৷

লগতে পঢ়ক: বাৰিষাকালত বিভিন্ন ৰোগৰ পৰা আপোনাৰ শিশুটিক কেনেকৈ ৰক্ষা কৰিব ? - Child Care

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.