কতৰ্ব্যৰ খাতিৰত আজিকালি অধিকাংশ লোকেই ঘণ্টা ঘণ্টাজুৰি একে ঠাইতে বহি থাকিবলগীয়া হয় ৷ বহু সময় একেলেথাৰিৰে বহি থকাৰ ফলত আমি গম নোপোৱাকৈয়ে বহু গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে ৷ হয়, অফিচ-কাছাৰীত এইদৰে বহি থকাৰ অভ্যাসৰ ফলত আপোনাৰ কঁকাল জঠৰ, ভৰি আৰু আঁঠুত অত্যন্ত বিষ হ'ব পাৰে ৷ এই স্বাস্থ্য সমস্যাক 'ডেড বাট ছিণ্ড্ৰম' বুলি কোৱা হয় ৷ আজি এই গুৰুতৰ সমস্যাৰ বিষয়ে জানো আহক-
'ডেড বাট ছিণ্ড্ৰম' কি ?
'ডেড বাট ছিণ্ড্ৰম', যাক গ্লুটিয়েল এমনেছিয়া বুলিও কোৱা হয় ৷ ই হৈছে এনে এক স্থিতি য'ত কঁকাল আৰু ভৰিত দুৰ্বলতা আৰু বিষ অনুভৱ হয় ৷ তল পিঠি আৰু কঁকালৰ বিষ এই সমস্যাৰ প্ৰাৰম্ভিক লক্ষণ ৷ সময় বাগৰাৰ লগে লগে এই সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে ৷ ইয়াৰ ফলত আপুনি খোজ কাঢ়িব আৰু থিয় দিব নোৱাৰো হৈ পৰিব পাৰে ৷
'ডেড বাট ছিণ্ড্ৰম'ৰ কাৰণ
এই ৰোগৰ মুখ্য কাৰণ হৈছে দীৰ্ঘ সময় ধৰি একে স্থিতিতে বহি থকা ৷ চকী এখনত বহি ৭-৮ ঘণ্টা কাৰ্যালয়ত কাম কৰা অথবা বিৰতি নোহোৱাকৈ দীঘলীয়া সময় গাড়ী চলোৱাটোৱে এই সমস্যাটো বৃদ্ধি কৰিব পাৰে ৷ কোভিডৰ সময়ত, যেতিয়া ঘৰৰ পৰা কাৰ্যালয়ৰ কাম কৰাৰ সংস্কৃতি (ৱৰ্ক ফৰ্ম হম) বৃদ্ধি পাইছিল, তেতিয়াৰে পৰা এই স্বাস্থ্য সমস্যা তুলনামূলকভাৱে অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিলে ৷ নিৰন্তৰ বহি থাকিলে ৰক্ত সঞ্চালনত বাধাৰ সৃষ্টি হয় ৷ যাৰ ফলত কঁকাল ফুলা আৰু বিষ হয় ৷
'ডেড বাট ছিণ্ড্ৰম'ৰ লক্ষণ
- পিঠি আৰু আঁঠুৰ বিষ
- গোৰোহাৰ বিষ
- কঁকাল বিষ
- তলৰ কঁকালত জিনজিননি
- কঁকালৰ চাৰিওফালে জঠৰ অনুভৱ কৰা বা জ্বলা-পোৰা আৰু বিষ
'ডেড বাট ছিণ্ড্ৰম'ৰ পৰা বাচি থকাৰ উপায়
১) দৈনিক ব্যায়াম কৰক: নিয়মীয়া ব্যায়াম কৰিলে পেশীবোৰ শক্তিশালী হৈ থাকে ৷
২) একেৰাহে বহি থকা পৰিহাৰ কৰক: দীঘলীয়া সময়ৰ বাবে এটা ঠাইত বহি নাথাকিব, মাজে-মাজে উঠি খোজ কাঢ়িব ৷
৩) বহাৰ সঠিক ভংগী: সদায় চকীত সঠিকভাৱে বহিব ৷বেঁকা-বেঁকি হৈ নবহিব ৷
৪) খেলত অংশগ্ৰহণ: টেনিছ বা বাস্কেটবলৰ দৰে ক্ৰীড়াত অংশগ্ৰহণ কৰিব, যিয়ে শাৰীৰিক কাৰ্যকলাপ বৃদ্ধি কৰি যি কোনো ৰোগৰ পৰা আপোনাৰ বচাই ৰাখিব পাৰে ৷