ETV Bharat / health

কাঠবাদাম খোৱাৰ সময়ত আপুনিও কৰে নেকি এই ভুল ? তেন্তে লাভৰ পৰিৱৰ্তে হ’ব লোকচান - Mistakes While Eating Almonds

Mistakes While Eating Almonds: আমি সকলোৱে জানো যে নিতৌ শুকান ফল খালে আমাৰ স্বাস্থ্যই বিভিন্ন উপকাৰিতা লাভ কৰে ৷ ইয়াৰে ভিতৰত অন্যতম এবিধ শুকান ফল হৈছে কাঠবাদাম ৷ সঠিক পদ্ধতিৰে যদি আমি ইয়াক সেৱন কৰো তেন্তে ইয়াৰ আমাৰ স্বাস্থ্যৰ বিভিন্ন উপকাৰিতা সাধন কৰে কিন্তু যদি আপুনি তলত উল্লেখিত এই ভুল পদ্ধতিৰে কাঠবাদাম সেৱন কৰে তেন্তে ই আপোনাৰ স্বাস্থ্যৰ লাভৰ পৰিৱৰ্তে লোকচান কৰিব পাৰে ৷

Common Mistakes To Avoid When Eating Almonds
কাঠবাদাম খোৱাৰ সময়ত আপুনিও কৰে নেকি এই ভুল ? তেন্তে লাভৰ পৰিৱৰ্তে হ’ব লোকচান
author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 12:34 PM IST

কাঠবাদামক স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে ৷ ইয়াত প্ৰ’টিন, ভিটামিন, ফাইবাৰ, কেলচিয়াম আৰু ওমেগা ৩ ফেটি এচিড আদি বহুতো পুষ্টিকৰ উপাদান থাকে ৷ বেছিভাগ মানুহেই ইয়াক তিয়াই খাই ভাল পায় ৷

আপোনালোকক জনাই দিও যে কাঠবাদামক তিয়াই খালে কলেষ্টেৰল হ্ৰাস হোৱাৰ লগতে ভোক কম হয়, ওজন বৃদ্ধি নিয়ন্ত্ৰণ, ৰক্তচাপ নিয়ন্ত্ৰণ আৰু তেজত শৰ্কৰাৰ মাত্ৰা বজাই ৰখাত সহায় কৰে ৷

কাঠবাদাম সেৱন কেৱল মগজুৰ বাবেই নহয় শৰীৰৰ বাবেও উপকাৰী ৷ দৈনিক ইয়াক সেৱন কৰিলে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ পৰা সকাহ পোৱা যায় ৷ চুলি আৰু ছালৰ বাবেও উপকাৰী ৷ কিন্তু ভুল ধৰণে সেৱন কৰিলেও ক্ষতি হ’ব পাৰে ৷

কাঠবাদাম খোৱাৰ সময়ত এই ভুলবোৰ পৰিহাৰ কৰক-

কাঠবাদাম বেছি বা কম খোৱা

বৃহৎ পৰিমাণে কাঠবাদাম সেৱন কৰিলে পাচনতন্ত্ৰত প্ৰত্যক্ষ প্ৰভাৱ পৰে ৷ ইয়াৰ ফলত ওজন বৃদ্ধি, ভিটামিন ইৰ অতিমাত্ৰা সেৱন, বৃক্কৰ ৰোগ আদি গুৰুতৰ সমস্যাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ৷ আনহাতে, ইয়াক কম পৰিমাণে সেৱন কৰিলে শৰীৰে উপযুক্ত পুষ্টি লাভ নকৰে ৷ সাধাৰণতে দৈনিক ৫ ৰ পৰা ৮ টা কাঠবাদাম খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷

ভজা বা নিমখীয়া কাঠবাদাম সেৱন কৰা

ভজা, পোৰা বা নিমখীয়া কাঠবাদাম খোৱাটোৱে কিমান সোৱাদযুক্ত তাতকৈ বেছি ক্ষতি কৰিব পাৰে ৷ এইটো এটা অস্বাস্থ্যকৰ পদ্ধতি, যিটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে ৷ কাঠবাদাম ভাজি বা সেকি খালে পুষ্টিৰ অভাৱ হয় আৰু কেলৰি বৃদ্ধি পায় আৰু বেছি নিমখীয়া বা মছলাযুক্ত খাদ্য খালে উচ্চ ৰক্তচাপ হয়, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ৷

এই সমস্যা থাকিলে কাঠবাদাম গ্ৰহণ কৰাৰ পৰা বিৰত থাকক

বহু লোকৰ বাদামৰ এলাৰ্জী হয় বা কাঠবাদাম গিলিবলৈ অসুবিধা হয় ৷ এনে লোকে কাঠবাদাম খোৱাৰ পৰা বিৰত থাকিব লাগে ৷ ইয়াৰ উপৰিও কিডনীৰ কোনো ধৰণৰ ৰোগ থাকিলে কাঠবাদাম খোৱাৰ পৰা বিৰত থাকিব ৷ উপকাৰৰ পৰিৱৰ্তে এনে লোকে স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰো সন্মুখীন হ’ব পাৰে ৷

ভুলকৈ সংৰক্ষণ কৰা

কাঠবাদাম খোৱাটো যিমানেই গুৰুত্বপূৰ্ণ, সেইবোৰ সংৰক্ষণ কৰাটোও সমানেই গুৰুত্বপূৰ্ণ ৷ কাঠবাদাম সদায় বায়ু বন্ধ পাত্ৰত শুকান ঠাইত ৰাখিব লাগে ৷ যদি ইয়াৰ বৃহৎ পৰিমাণে থাকে তেন্তে ফ্ৰীজত ৰাখিব পাৰি ৷

নিয়মিতভাৱে গ্ৰহণ নকৰা

মাজে মাজে কাঠবাদাম সেৱন কৰিলে স্বাস্থ্যৰ কোনো উপকাৰিতা পোৱা নাযায় ৷ ১ বা ২ দিনৰ ব্যৱধান থাকিলেও কোনো সমস্যা নাই যদিও দৈনিক সেৱন কৰিলে শৰীৰৰ বাবে অধিক উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷

সতৰ্কীকৰণ: এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবেহে দিয়া হৈছে ৷ ই কোনো চিকিৎসাৰ বিকল্প হ’ব নোৱাৰে ৷ এনে কোনো তথ্যক অনুসৰণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ নিশ্চয়কৈ গ্ৰহণ কৰক ৷

লগতে পঢ়ক: ৰমজান মাহত খেজুৰৰ গুৰুত্ব বাঢ়ি যায়, খেজুৰ খোৱাৰ উপকাৰিতা জানি লওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.