ETV Bharat / health

জলবায়ু পৰিৱৰ্তনে মেলেৰিয়াক কেনেদৰে প্ৰভাৱিত কৰিছে জানো আহক.... - malaria day 2024

author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 2:23 PM IST

malaria day 2024 : প্ৰতিবৰ্ষৰ 25 এপ্ৰিলত মেলেৰিয়া দিৱস পালন কৰা হয় ৷ মেলেৰিয়া সম্পৰ্কে সজাগতা সৃষ্টিৰ লক্ষ্যৰে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে বিশ্ব মেলেৰিয়া দিৱস পালন কৰে ৷

Etv Bharatmalaria day 2024
জলবায়ু পৰিৱৰ্তনে মেলেৰিয়াক কেনেদৰে প্ৰভাৱিত কৰিছে জানো আহক....

বৃহস্পতিবাৰে সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় বিশ্ব মেলেৰিয়া দিৱস ৷ মেলেৰিয়া ৰোগৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ প্ৰতি বছৰে 25 এপ্ৰিলত বিশ্ব মেলেৰিয়া দিৱস পালন কৰা হয় । মেলেৰিয়া দিৱসৰ এই বছৰৰ বিষয়বস্তু হৈছে "অধিক ন্যায়সংগত পৃথিৱীৰ বাবে মেলেৰিয়াৰ বিৰুদ্ধে যুঁজ ত্বৰান্বিত কৰা", কিয়নো বিশ্বব্যাপী বহুলোকে মেলেৰিয়া ৰোগ প্ৰতিৰোধ, চিনাক্ত আৰু চিকিৎসাৰ মানদণ্ড, সময়মতে চিকিৎসা আৰু সুলভ চিকিৎসা সেৱা প্ৰাপ্ত কৰিব নোৱাৰে । এই দিৱসৰ উপলক্ষে বিশেষজ্ঞসকলে কয় যে মেলেৰিয়াৰ সংক্ৰমণৰ প্ৰকাৰ সলনি কৰাত জলবায়ুয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

বিশ্ব স্বাস্থ্য সংস্থাৰ অনুসৰি, 2022 চনত বিশ্বজুৰি মেলেৰিয়া ৰোগত আক্ৰান্ত হৈ আনুমানিক 6,08,000 গৰাকী লোকৰ মৃত্যু হৈছিল ৷ ইয়াৰ লগতে প্ৰায় 249 নিযুত মেলেৰীয়া ৰোগৰ ঘটনা পোহৰলৈ আহিছিল ।

মেলেৰিয়া ৰোগৰ 2022 চনৰ লেঞ্চেট অধ্যয়নত দেখুওৱা হৈছিল যে উষ্ণতা বৃদ্ধিৰ ফলত মেলেৰিয়া পৰজীৱী দ্ৰুতগতিত বৃদ্ধি হ'ব পাৰে আৰু সেয়েহে মেলেৰিয়াৰ সংক্ৰমণ বৃদ্ধি হ'ব পাৰে । আনকি তাপমাত্ৰা মাত্ৰ 2-3° চেণ্টিগ্ৰেড বৃদ্ধিৰ ফলত এই ৰোগৰ কাৰক ম’হৰ জনসংখ্যা 5 শতাংশলৈ বৃদ্ধি হ'ব পাৰে, যি 700 নিযুতৰো অধিক লোকৰ সমান ।

ডোদৰাৰ ভাইলাল আমীন জেনেৰেল চিকিৎসালয়ৰ পৰামৰ্শদাতা চিকিৎসক ডাঃ মনীষ মিট্টলে কয়, "মেলেৰিয়াৰ সংক্ৰমণৰ আৰ্হি সলনি কৰাত জলবায়ু পৰিৱৰ্তনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, বিশেষকৈ জুনৰ পৰা নৱেম্বৰ লৈ বাৰিষা আৰু প্ৰাক-মৌচুমী ঋতুত । সাধাৰণতে বৰষুণৰ ফলত পানী জমা হয় আৰু সেই পানী জমা হৈ পৰে ৷ যাৰ ফলত ই মাইকী এনোফিলিছ ম’হৰ প্ৰজনন ক্ষেত্ৰ হৈ পৰে, ই হৈছে মেলেৰিয়া পৰজীৱিৰ বাহক । এই সময়ছোৱাত এই জলাশয়সমূহত ম’হৰ প্ৰজনন বৃদ্ধি হোৱাৰ ফলত মেলেৰিয়াৰ ঘটনা হয় ৷"

চিকিৎসকগৰাকীয়ে লগতে কয়, "মেলেৰিয়াৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে আগতীয়াকৈ ৰোগৰ নিৰাময় আৰু চিকিৎসা কৰাটো অত্যন্ত প্ৰয়োজনীয় ৷ মেলেৰিয়াৰ বিষয়ে বৰ্ধিত সজাগতাই মানুহক জ্বৰৰ লক্ষণ দেখিলে ততালিকে চিকিৎসা কৰাৰ লগতে তেজ পৰীক্ষা কৰিবলৈ অনুপ্ৰেৰিত কৰিব ।"

লগতে পঢ়ক: ভেকচিন সন্দৰ্ভত সজাগতাৰ অভাৱ এতিয়াও ভাৰতত এক প্ৰত্যাহ্বান: আই এম এ - WORLD IMMUNIZATION WEEK

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.