ETV Bharat / health

ব্ৰেকফাষ্টত এই খাদ্য খাই হ্ৰাস কৰক ওজন - How to Lose Fat

How to Lose Fat: ব্ৰেকফাষ্ট দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খাদ্য ৷ ই এক গেম চেঞ্জাৰ হিচাপে কাম কৰে যদি ইয়াত আপুনি সঠিক খাদ্য অন্তৰ্ভুক্ত কৰে ৷

author img

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 5:28 PM IST

Breakfast for weight loss: 5 best morning foods for weight loss, fat will melt like butter
ব্ৰেকফাষ্টত এই খাদ্য খাই হ্ৰাস কৰক ওজন (FREEPIK)

ওজন কমাব বিচাৰে নেকি ? কিন্তু ব্ৰেকফাষ্ট ত্য়াগ কৰাটো ইয়াৰ সমাধান নহয়! বৰঞ্চ স্বাস্থ্যসন্মত ব্ৰেকফাষ্টে আপোনাৰ চৰ্বি কম কৰাত সহায় কৰিব পাৰে ৷ দৰাচলতে স্বাস্থ্যসন্মত আৰু পুষ্টিকৰ ব্ৰেকফাষ্টে আপোনাক গোটেই দিনটো শক্তি প্ৰদান কৰাই নহয় বৰঞ্চ আপোনাৰ ওজন কমোৱাটো সহায় কৰিব পাৰে ৷ ইয়াৰ ফলত আপোনাৰ পেটটো দীৰ্ঘময়লৈকে ভৰাই ৰখাত সহায় কৰে আৰু আপুনি অস্বাস্থ্যকৰ বস্তু খোৱাৰ পৰা বিৰত থাকে ৷

পুৱাৰ ব্ৰেকফাষ্টৰ এনে ৫টা বিকল্পৰ বিষয়ে আমাক জনাওক যিবোৰ সুস্বাদু হোৱাৰ উপৰিও ওজন কমাবলৈও সহায় কৰিব পাৰে-

অটচ

অটচত প্ৰচুৰ পৰিমাণে আঁহ আৰু প্ৰ’টিন থাকে, যাৰ ফলত আপুনি দীৰ্ঘ সময়লৈকে সন্তুষ্ট হৈ থাকে ৷ ইয়াৰ উপৰিও ইয়াত কেলৰি কম থাকে ৷ পাৰিলে অটচ গাখীৰ বা দৈৰ লগত মিহলাই খাব পাৰে ৷ লগতে আপোনাৰ ৰুচি অনুসৰি বাদাম, বীজ আৰু ফল-মূল আদি দিব পাৰে ৷

ডালিয়া

ডালিয়া এবিধ পুষ্টিকৰ আৰু সহজে হজম হোৱা খাদ্য ৷ ই প্ৰ’টিন আৰু আঁহযুক্ত আৰু সোনকালে হজম হয় ৷ শাক-পাচলিৰ সৈতে ডালিয়া মিহলাই খাব পাৰে বা দৈ দিও খাব পাৰে ৷

ফল-মূল

ফল হৈছে আঁহ, ভিটামিন আৰু খনিজ পদাৰ্থৰ এক ভঁৰাল ৷ ব্ৰেকফাষ্টত ফল-মূল খালে পেট ভৰি থকাই নহয় বৰঞ্চ অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদানো লাভ কৰিব পাৰে ৷ বিভিন্ন ফলৰ মিশ্ৰণ বনাই চালাডৰ ৰূপত খাব পাৰে বা যিকোনো এবিধ ফল খাব পাৰে ৷

কণী

কণী প্ৰ’টিনৰ এক উৎকৃষ্ট উৎস ৷ প্ৰ’টিনে দীৰ্ঘসময়লৈকে আপোনাৰ পেট পূৰ কৰি ৰাখে আৰু মাংসপেশীৰ গঠনতো সহায় কৰে ৷ কণী উতলাই, অমলেট বনাই বা স্ক্ৰাম্বল্ড বনাইও খাব পাৰে ৷

চিৰা বা পোহা

পুৱাৰ ভাগত খাবৰ বাবে চিৰা এবিধ লঘু আৰু পুষ্টিকৰ ব্ৰেকফাষ্ট ৷ ইয়াক হজম কৰাটো সহজ আৰু ইয়াত কেলৰিও কম থাকে ৷ শাক-পাচলি দি জুতি লগাই আপুনি চিৰা বনাই খাব পাৰে বা দৈ আৰু গাখীৰৰ লগতো মিহলাই খাব পাৰে ৷

এই কথাও মনত ৰাখিব

ব্ৰেকফাষ্টত মিঠা বস্তুৰ সেৱন কম কৰক ৷ ব্ৰেকফাষ্টৰ লগত চাহ বা কফি খাব পাৰে কিন্তু চেনি কম বা নিদিয়াকৈ খাব পাৰিলে ভাল ৷ সুষম খাদ্য আৰু ব্যায়ামৰ দ্বাৰা ওজন কমোৱাৰ সৰ্বোত্তম উপায় ৷ কিন্তু যিকোনো ধৰণৰ খাদ্য আৰম্ভ কৰাৰ আগতে চিকিৎসক বা পুষ্টিবিদৰ পৰামৰ্শ লোৱাটো ভাল ৷

লগতে পঢ়ক: যদি আপুনি এগৰাকী ডায়েবেটিছ ৰোগী তেন্তে ভুলতো ব্ৰেকফাষ্টত নাখাব এই খাদ্য - Best and Worst Foods for Diabetes

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.