ETV Bharat / health

পেটৰ পৰা ওলাল চুলিৰ গোট, ৰহস্যময় ৰোগৰ গ্ৰাসত কণমানি - Habit Of Eating Hair

author img

By ETV Bharat Health Team

Published : Aug 30, 2024, 1:12 PM IST

Updated : Aug 30, 2024, 2:45 PM IST

Habit Of Eating Hair: কিছুমান মানুহৰ চুলি খোৱাৰ অভ্যাস থাকে, যিটো এক প্ৰকাৰৰ মানসিক বিকাৰ । শেহতীয়াকৈ এই ৰোগত দেখা গ’ল বেংগালুৰুৰ এটি 8 বছৰীয়া শিশুৰ ক্ষেত্ৰত । এই ৰোগ কিমান বিপদজনক তথা ইয়াৰ বিষয়ে সবিশেষ জানো আহক-

Bengaluru doctors successfully removed a cricket ball-sized hairball from an 8-year-old's stomach
কটা হ’ল পেট ওলাল বলৰ সমান চুলিৰ গোট, ৰহস্যময় ৰোগৰ গ্ৰাসত কণমানি (CANVA)

বৃহস্পতিবাৰে বেংগালুৰুত চিকিৎসকৰ এটি দলে এটি আঠ বছৰীয়া শিশুৰ পেটৰ অপাৰেচন কৰে ৷ আৰু এই অপাৰেচনত পেটৰ ভিতৰত এনেকুৱা এটা বস্তু দেখিবলৈ পোৱা গ’ল যিটো দেখাৰ পিচত চিকিৎসকৰ চকু থৰ হৈ পৰিল ৷ ই কোনো পোক নাছিল বৰঞ্চ এটা ক্ৰিকেট বলৰ সমান এসোপা চুলিৰ গোটহে আছিল ৷

শিশুটিৰ পিতৃ-মাতৃয়ে চিকিৎসকক জনোৱা মতে, বিগত দুবছৰ ধৰি শিশুটিয়ে সঠিকভাৱে খাদ্য গ্ৰহণ কৰা নাছিল ৷ গেষ্ট্ৰাইটিছ (পেট সম্পৰ্কীয় সমস্যা) বুলি ভাবিও তেওঁ ছোৱালীজনীক ঔষধ খাবলৈ দিছিল, কিন্তু যেতিয়া কোনো লাভ নহ’ল, তেতিয়া পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল ৷

বেংগালুৰুৰ এষ্টাৰ চিলড্ৰেন এণ্ড উইমেনছ হাস্পতালৰ চিকিৎসকে ছোৱালীজনীৰ ট্ৰাইকোফেজিয়া নামৰ এক বিৰল ৰোগত ভোগা বুলি জানিবলৈ দিয়ে৷ এই ৰোগত ৰোগীৰ চুলি খোৱাৰ অভ্যাস থাকে ৷ ইয়াক ৰেপাঞ্জেল চিণ্ড্ৰম(Rapunzel syndrome) বুলিও কোৱা হয় ৷

এক প্ৰকাৰৰ মানসিক বিকাৰ

শিশু অস্ত্ৰোপচাৰৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ মঞ্জৰী সোমাছেখৰে সংবাদমাধ্যমক জনাই কয় যে, ইমান কম বয়সতে এটি শিশুৰ এই বিৰল ৰোগ হোৱাটো অতি অস্বাভাৱিক ৷ সাধাৰণতে ইয়াৰ লগত ট্ৰাইকোফেজিয়া জড়িত হৈ থাকে, যিটো এক প্ৰকাৰৰ মানসিক বিকাৰ ৷ ইয়াত ব্যক্তিজনে চুলি খাবলৈ আৰম্ভ কৰে ৷ সাধাৰণতে এই সমস্যা কিশোৰী বা প্ৰাপ্তবয়স্ক ছোৱালীৰ ক্ষেত্ৰত দেখা যায় ৷

মুকলি অস্ত্ৰোপচাৰৰ জৰিয়তে চুলি আঁতৰোৱা হয়

ছোৱালীজনীৰ চুলি আঁতৰাবলৈ লেপাৰ’টমী নামৰ এটা মুকলি অস্ত্ৰোপচাৰ কৰা হৈছিল ৷ কাৰণ চুলিৰ গোটটো অতি ডাঙৰ আৰু আঠাযুক্ত আছিল আৰু অৱস্থাটো এণ্ড’স্কপিৰ বাবে অতি জটিল আছিল ৷ চিকিৎসকৰ মতে, দুঘণ্টা পঞ্চাশ মিনিটৰ অস্ত্ৰোপচাৰৰ অন্তত এই অপাৰেচন সফল হয় ৷

Rapunzel Syndrome কিমান বিপজ্জনক ?

যদিহে এই ৰোগৰ আগতীয়াকৈ চিকিৎসা কৰা নহয় তেন্তে পুষ্টিহীনতা, ৰক্তহীনতা আৰু পেটৰ পৰা ৰক্তক্ষৰণ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ ইয়াৰ বাবে মৃত্যুৰ আশংকাও বাঢ়ি যায় ৷

লগতে পঢ়ক: কটা-চিঙা নকৰাকৈয়ে সম্পন্ন হ’ল জটিল অস্ত্ৰোপচাৰ...ব্ৰেইন টিউমাৰৰ ৰোগীক নতুন জীৱন দিলে AIGএ - Brain Tumor

Last Updated : Aug 30, 2024, 2:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.