ETV Bharat / health

বাৰিষাকালৰ আগমণ; ৰোগৰ পৰা হাত সাৰিবলৈ কিদৰে কৰিব প্ৰস্তুতি ? - Preparation Before Monsoon

Health Tips For Monsoon: ৰিমঝিম বাৰিষা উপভোগ কৰিবলৈ কোনেনো ভাল নাপায় ! কিন্তু এই বতৰত বিভিন্ন ৰোগে বাহৰ পাতিবলৈ আৰম্ভ কৰে ৷ গতিকে ইয়াৰ বাবে আগতীয়াকৈ সাজু হোৱাটো খুবেই জৰুৰী যাতে সম্ভাব্য বিপদৰ পৰা হাত সাৰিব পৰা যায় ।

author img

By ETV Bharat Health Team

Published : Jun 11, 2024, 11:10 AM IST

Before the monsoon arrives, follow these 5 preparations, the risk of many diseases including dengue will decrease
বাৰিষাকালৰ আগমণ; ৰোগৰ পৰা হাত সাৰিবলৈ কিদৰে কৰিব প্ৰস্তুতি ? (FREEPIK)

বাৰিষাই যেতিয়া টোকৰ মাৰে তেতিয়া ই নিজৰ লগত কঢ়িয়াই আনে বহু স্বাস্থ্যজনিত সমস্যা ৷ বাৰিষাৰ সময়ত সংক্ৰমণ, Water Borne Diseases আৰু ঋতুভিত্তিক জ্বৰৰ আশংকা বৃদ্ধি পায় ৷

যদিও ৰিমঝিম বৰষুণৰ বাবে আমি সকলোৱে অতি আগ্ৰহেৰে অপেক্ষা কৰি থাকিলেও ৰোগৰ পৰা হাত সাৰিবলৈ আগতীয়াকৈ কিছু প্ৰস্তুতি চলোৱাটো জৰুৰী ৷ সেয়ে আজিৰ এই প্ৰতিবেদনত আমি আপোনালোকক বাৰিষাকাল অহাৰ আগতে কৰিবলগীয়া ৫ টা জৰুৰী কামৰ বিষয়ে ক’বলৈ ওলাইছো, যাক অনুসৰণ কৰি আপুনি নিজৰ লগতে আপোনাৰ পৰিয়ালকো ৰোগৰ আশংকাৰ পৰা ৰক্ষা কৰিব পাৰে ৷

১) পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়ক

বাৰিষাৰ সময়ত বায়ুমণ্ডলত আৰ্দ্ৰতা বৃদ্ধি পায়, যিটো বেক্টেৰিয়া আৰু ভাইৰাছৰ বৃদ্ধিৰ বাবে অনুকূল ৷ ঘৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া উচিত ৷ পাকঘৰ আৰু বাথৰুম নিয়মিতভাৱে পৰিষ্কাৰ কৰক ৷ কুলাৰত মহৰ বংশবৃদ্ধি ৰোধ কৰিবলৈ আগতীয়াকৈ কেৰাচিন তেল কিনিব থওক ৷ বৰষুণ দিলে খাদ্য সামগ্ৰী ঢাকি ৰাখিব আৰু ফল-মূল আৰু শাক-পাচলি ভালদৰে ধুব লাগে যাতে কোনো ধৰণৰ সংক্ৰমণৰ পৰা হাত সাৰিব পাৰে ৷

২) পৰিষ্কাৰ পানী

বাৰিষাৰ সময়ত খোৱা পানীৰ বিশুদ্ধতাৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় ৷ পানী উতলাই বা পানী বিশুদ্ধকৰণ কৰাৰ পিছতহে এই পানী খাব লাগে বাহিৰৰ পৰা পানী খোৱাৰ পৰা বিৰত থাকিব লাগে আৰু সদায় লগত পানীৰ বটল এটা লগত ৰাখক ৷ বৰষুণ অহাৰ আগতে পানীৰ ফিল্টাৰ, পাত্ৰ, পানী বিশুদ্ধকৰণ, পানীৰ টেংকি আদি ভালদৰে পৰিষ্কাৰ কৰি থওক যাতে মহে বংশবৃদ্ধি কৰিব নোৱাৰে ৷

৩) খাদ্যাভ্যাস সঠিকভাৱে ৰাখক

বাৰিষাৰ আগতে খাদ্যাভ্যাসত কিছু পৰিৱৰ্তন কৰক, এনে বস্তু সেৱন কৰক যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে আৰু সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে ৷ ইয়াৰ বাহিৰেও সতেজ আৰু লঘু খাদ্য খাব যিবোৰত ভিটামিন চি আৰু ভিটামিন ডি প্ৰচুৰ পৰিমাণে থাকে ৷ বজাৰত উপলব্ধ ঢিলা খাদ্য সামগ্ৰী পৰিহাৰ কৰক ৷ গৰম আৰু সদ্য সিজোৱা খাদ্যক অগ্ৰাধিকাৰ দিয়ক আৰু অত্যধিক তেলীয়া-জ্বলা বা অধিক মছলাযুক্ত খাদ্য পৰিহাৰ কৰক ৷

৪) মহৰ পৰা সুৰক্ষা

বাৰিষা বা ইয়াৰ আগৰ বতৰ মহৰ প্ৰজননৰ বাবে আটাইতকৈ অনুকূল ৷ ইয়াৰ ফলত মেলেৰিয়া, ডেংগু, চিকুনগুনিয়া আদি ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ৷ সেয়ে মহৰ পৰা হাত সাৰিবলৈ ঘৰৰ ভিতৰত আৰু আশে-পাশে পানী জমা হ’বলৈ নিদিব ৷ এই বতৰত শোৱাৰ পূৰ্বে আঁঠুৱা, মহ নিবাৰণকাৰী স্প্ৰে আৰু ক্ৰীম আদি ব্যৱহাৰ কৰিবলৈ নাপাহৰিব ৷ সম্পূৰ্ণ হাতৰ কাপোৰ পৰিধান কৰক ৷ লগতে খিৰিকী আৰু দুৱাৰত জাল লগাই মহ প্ৰতিৰোধ কৰিব পাৰে ৷

৫) পুখুৰী আৰু ফোয়াৰা চাফা কৰি থওক

ডেংগু আৰু মেলেৰিয়া মহে প্ৰায়ে পুখুৰী আৰু ফোয়াৰাত প্ৰজনন আৰম্ভ কৰে, এনে পৰিস্থিতিত ইয়াক পৰিষ্কাৰ কৰাটো প্ৰয়োজনীয় ৷ ইচ্ছা কৰিলে ইয়াত এনে মাছ ৰাখিব পাৰে যিয়ে মহৰ কণী খাই আমাক ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে ৷

লগতে পঢ়ক: অসমলৈ কেতিয়া আহিব মৌচুমী ? জানক দেশৰ কোন প্ৰান্তত বাৰিষাৰ আগমন কেতিয়া - Monsoon Forecast in India

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.