ETV Bharat / health

কোষ্ঠকাঠিন্য-গেষ্ট্ৰিকৰ সমস্যা হ’ব দূৰ মাত্ৰ আপোনাৰ খাদ্যৰ অংশ কৰি লওক এইবিধ পানীয়ক

Health Benefits of Detox Drink: যদি আপুনিও প্ৰায়ে কোষ্ঠকাঠিন্য আৰু পেট ফুলাৰ দৰে সমস্যাত ভুগি আহিছে তেন্তে আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ ডিটক্স পানীয় ।

author img

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 3:26 PM IST

Are you suffering from constipation and bloating? Try this detox drink that can help relieve these symptoms, know its recipe
কোষ্ঠকাঠিন্য-গেষ্ট্ৰিকৰ সমস্যা হ’ব দূৰ মাত্ৰ আপোনাৰ খাদ্যৰ অংশ কৰি লওক এইবিধ পানীয়ক

ৰমজান মাহ আৰম্ভ হৈছে ৷ ইছলাম ধৰ্মত এই সময়ছোৱাত এমাহ ধৰি ৰোজা পালন কৰা হয় ৷ পুৱা চেহেৰীৰ পিছত বিয়লি ইফতাৰ গ্ৰহণ কৰা হয় ৷ এই সময়ছোৱাত ভজা খাদ্য খোৱাৰ ফলত শৰীৰত বিষাক্ত পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে ৷ এনে পৰিস্থিতিত আপুনি ডিটক্স ড্ৰিংক সেৱন কৰিব পাৰে ৷ যিয়ে আপোনাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ আঁতৰাই আপোনাৰ শৰীৰত পানীৰ যোগান ধৰে ৷

যদি আপুনি বডি ডিটক্সৰ বিকল্প বিচাৰিছে, তেন্তে এই পানীয় আপোনাৰ বাবে উপকাৰী হ’ব পাৰে ৷ ইয়াক শাক-পাচলি আৰু ফল-মূলৰ পৰা প্ৰস্তুত কৰা হয় ৷ ইয়াক সেৱন কৰিলে শৰীৰৰ বিষাক্ত পদাৰ্থ শৰীৰৰ পৰা বাহিৰ হয় ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে ডিটক্স ড্ৰিংক কেনেকৈ তৈয়াৰ কৰিব পাৰি জানো আহক-

পেট ফুলা আৰু কোষ্ঠকাঠিন্যৰ পৰা সকাহ পাবলৈ ডিটক্স পানী

সামগ্ৰী

  • ষ্ট্ৰবেৰী- ২ৰ পৰা ৩
  • কমলা- ১
  • তিয়ঁহ– আধা
  • চিয়া গুটি- ১ চামুচ
  • নেমু- ১

তৈয়াৰ কৰাৰ পদ্ধতি

  • ডিটক্স পানীয়প্ৰস্তুত কৰিবলৈ সকলো শাক-পাচলি আৰু ফল-মূল এটা বাটিত ধুই কাটি লওক ৷
  • এতিয়া এটা গ্লাছৰ বটলত ষ্ট্ৰবেৰী, তিয়ঁহ, নেমু, কমলা আৰু চিয়া গুটি দিব ৷
  • মনত ৰাখিব যে কেৱল কাঁচ বা ভাল প্লাষ্টিকৰ বটলত বনাব লাগে ৷
  • এই ডিটক্স ড্ৰিংক বনাই ৫ৰ পৰা ৬ ঘণ্টা ধৰি ৰাখিব ৷ দিনটোত কেইবাবাৰো সেৱন কৰিব পাৰে ৷

এই ডিটক্স পানীয় স্বাস্থ্যৰ বাবে কেনেদৰে উপকাৰী

সুস্থ হজম শক্তি বজাই ৰাখক

যদি আপোনাৰ কোষ্ঠকাঠিন্য, এচিডিটি বা পেট ফুলাৰ সমস্যা হয়, তেন্তে এই পানীয় উপকাৰী হ’ব পাৰে ৷ নেমু আৰু চিয়া গুটিয়ে হজম শক্তি দ্ৰুত কৰাত সহায় কৰে ৷ ইয়াৰ জৰিয়তে বিষাক্ত পদাৰ্থও শৰীৰৰ পৰা ওলাই আহিবলৈ সক্ষম হয় ৷

ছালখন গ্লোয়িং কৰক

ছালখন সুস্থ আৰু উজ্জ্বল কৰি ৰাখিবলৈ এই পানীয়টোও খাব পাৰে ৷ ছালখন সুস্থ কৰি ৰাখিবলৈ প্ৰয়োজনীয় ভিটামিন চিৰ লগতে ইয়াত এন্টিঅক্সিডেন্টও পোৱা যায় ৷

ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে উপকাৰী

ফল-মূল আৰু শাক-পাচলিৰ পৰা তৈয়াৰী এই পানীয়ত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে ৷ ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰাখে আৰু ৰোগৰ সম্ভাৱনা কমি যায় ৷ ইয়াৰ উপৰিও ই যকৃতক বিষমুক্ত কৰাতো সহায় কৰে ।

ওজন কমাবলৈ সহায় কৰে

যদি আপুনি সোনকালে ওজন কমাব বিচাৰে তেন্তে এই পানীয়টো উপকাৰী হ’ব পাৰে ৷ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, যিবোৰ ওজন কমাবলৈ অতি প্ৰয়োজনীয় ৷ ইয়াৰ সেৱনৰ ফলতো বিপাকীয় ক্ৰিয়া বৃদ্ধি পায় ৷ আপোনাৰ বিপাকীয় ক্ৰিয়া যিমানেই ভাল হ’ব সিমানেই ই ওজন হ্ৰাস কৰাত সহায় কৰে ৷

শৰীৰটো হাইড্ৰেটেড কৰি ৰাখক

শৰীৰক হাইড্ৰেট কৰি ৰখাৰ বাবেও এই ডিটক্স ড্ৰিংক উপকাৰী ৷ ভিটামিন চি আৰু এন্টিঅক্সিডেন্টৰ দৰে বহুতো খনিজ পদাৰ্থ ইয়াত পোৱা যায় ৷ ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰায় ৷ ইয়াৰ উপৰিও শৰীৰক হাইড্ৰেট কৰি ৰখাতো সহায় কৰে ৷

যদি প্ৰতিবেদনত দিয়া তথ্য আপুনি পঢ়ি ভাল পালে, তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ৷

লগতে পঢ়ক: আজিৰ পৰা আৰু কেতিয়াও পেলাই নিদিব ৰঙালাওৰ গুটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.