ETV Bharat / health

ঘেঁহুৰ সলনি এইবিধ আটাৰে তৈয়াৰ কৰক ৰুটি, পাব লাভালাভ - Best Food For Weight Loss

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 2:05 PM IST

Jowar Roti Health Benefits: ভাতৰ পিছতে আমাৰ খাদ্য তালিকাৰ অন্যতম মুখ্য খাদ্য হৈছে ৰুটি ৷ বহুতে খাদ্য তালিকাত সেয়ে ৰুটিক অন্তৰ্ভুক্ত কৰে ৷ প্ৰায়েই আমি ঘেঁহুৰ ৰুটিহে খাও, কিন্তু আপুনি জানেনে যে ঘেঁহুতকৈও বহুগুণে পুষ্টিকৰ এবিধ শস্য আছে, যাৰ আটাৰ পৰা তৈয়াৰী ৰুটি খালে আমি বহু স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰো ৷ বিতংভাৱে জানিবলৈ সম্পূৰ্ণ প্ৰতিবেদন পঢক-

Amazing Jowar Flour Benefits for a Healthier Lifestyle
ঘেঁহুৰ আটাৰ ৰুটিতকৈ বহুগুণে পুষ্টিকৰ এইবিধ আটাৰ ৰুটি; উপকাৰিতা জানি লওক (FREEPIK)

জোৱাৰ ৰুটি স্বাস্থ্যৰ বাবে অন্যতম এক প্ৰাকৃতিক আৰু পুষ্টিকৰ বিকল্প, যিয়ে বিভিন্ন স্বাস্থ্যজনিত সমস্যা নিয়ন্ত্ৰণত সহায় কৰিব পাৰে ৷ কেৱল সেয়াই নহয় জোৱাৰৰ ৰুটিত বহুতো পুষ্টিকৰ গুণাগুণ থাকে ৷ ইয়াত থকা আঁহ, প্ৰ’টিন, ভিটামিন যেনে ভিটামিন ই আৰু বি-কম্প্লেক্স, আৰু খনিজ পদাৰ্থ কেলচিয়াম, মেগনেছিয়াম, ফছফৰাছ, আৰু আইৰণ আদি পোৱা যায় ।

এই পুষ্টিকৰ উপাদানসমূহে আমাৰ হজম প্ৰক্ৰিয়া উন্নত কৰাত, ওজন নিয়ন্ত্ৰণ কৰাত আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় । জানো আহক ইয়াৰ অন্যান্য উপকাৰিতাসমূহ-

পুষ্টি: জোৱাৰ ৰুটিত আঁহ, প্ৰ’টিন, ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, যিয়ে আমাৰ শৰীৰক পুষ্টি প্ৰদান কৰে ৷ ইয়াত আঁহৰ পৰিমাণ বেছি হোৱাৰ বাবে পাচনতন্ত্ৰ সুস্থ হৈ থাকে আৰু খাদ্য ভালদৰে হজম হয় ৷

ওজন নিয়ন্ত্ৰণ: জোৱাৰৰ ৰুটিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে ৷ কাৰণ ইয়াত চৰ্বি কম থাকে আৰু ই এক গোটা শস্য ৷ যাৰ ফলত খাদ্য খোৱাৰ পিচতো বহুসময়লৈকে পেট পূৰ হৈ থকা যেন অনুভৱ হয় ৷

ডায়েবেটিছ: ডায়েবেটিছ নিয়ন্ত্ৰণত জোৱাৰ সেৱনে ইনচুলিনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে ৷ যাৰ ফলত ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস পায় ৷

হৃদযন্ত্ৰৰ স্বাস্থ্য: ইয়াত থকা আলফা লাইপ’ইক এচিড (ALA) হৃদযন্ত্ৰৰ বাবে উপকাৰী আৰু ভাল হোম’চিষ্টাইন নিয়ন্ত্ৰণ কৰিব পাৰে, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস পায় ৷

কৰ্কট ৰোগ প্ৰতিৰোধ: বহু গৱেষণাৰ পৰা জানিব পৰা গৈছে যে জোৱাৰত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্টৰে ভৰপূৰ আৰু এণ্টি অক্সিডেণ্টে কেন্সাৰৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে ৷

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ: ইয়াৰ নিয়মীয়া সেৱনে উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰিব পাৰে ৷

হাড়ৰ বাবে উপকাৰী: জোৱাৰত কেলচিয়াম, মেগনেছিয়াম, ফছফৰাছ আৰু ভিটামিন ডি থাকে ৷ যিয়ে হাড়ক শক্তিশালী আৰু সুস্থ কৰি ৰখাত সহায় কৰে ৷ ইয়াৰ ফলত অষ্টিঅ’পৰ’ছিছৰ দৰে হাড়ৰ সমস্যাৰ সম্ভাৱনাও হ্ৰাস পায় ৷

ভিটামিন এৰ উৎস: জোৱাৰত উৎকৃষ্ট পৰিমাণৰ ভিটামিন এ থাকে ৷ যিয়ে আভ্যন্তৰীণ ৰক্ত সঞ্চালন বৃদ্ধি কৰে আৰু আভ্যন্তৰীণ অংগসমূহৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে ৷

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে: জোৱাৰত থকা এণ্টি অক্সিডেণ্ট তথা ভিটামিন চি আৰু ই-ৰ উৎসই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে বৃদ্ধি কৰে ৷ ইয়াৰ ফলত বিভিন্ন সংক্ৰমণ আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি পায় ৷

পাচনতন্ত্ৰ উন্নত কৰে: জোৱাৰ ৰুটিত ভাল পৰিমাণৰ আঁহৰ উপস্থিতিয়ে পাচনতন্ত্ৰ উন্নত কৰাত সহায় কৰে ৷ যাৰ ফলত কোষ্ঠকাঠিন্য, গেছ আৰু এচিডিটিৰ সমস্যা হ্ৰাস পায় ৷

এই সকলোবোৰ উপকাৰিতাৰ বাবে জোৱাৰ ৰুটি এক স্বাস্থ্যসন্মত বিকল্প, যিয়ে বহুতো স্বাস্থ্যজনিত সমস্যা পৰিচালনা কৰাত সহায় কৰিব পাৰে আৰু ই আপোনাৰ শাৰীৰিক ষ্টেমিনা বৃদ্ধি কৰিব পাৰে ৷

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ ৷ এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে ৷ আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো ৷ কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷

লগতে পঢ়ক: পৰ্যাপ্ত শাৰিৰীক শ্ৰম নকৰাৰ বাবে ৰোগৰ আশংকাত ভোগে 1.8 নিযুত প্ৰাপ্তবয়স্কই : বিশ্ব স্বাস্থ্য সংস্থা - Risk Of Disease

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.