ETV Bharat / health

কেইপেগ সুৰাই সুৰক্ষিত কৰি ৰাখে লিভাৰ - How Much Alcohol Can Damage Liver

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 10:16 PM IST

How Much Alcohol Can Damage Liver: আজিকালি সুৰা প্ৰায় সকলো মানুহেই পান কৰে ৷ পাৰ্টী বুলিলেই পুৰুষ-মহিলা সকলোৰে হাততে দেখা যায় ৰঙীন গ্লাছ ৷ ডাঙৰ ডাঙৰ অট্টালিকাবোৰত হোৱা অনুষ্ঠানবোৰ দেখিলে সুৰাই যেন কোনোবাখিনিত আভিজাত্যৰো পৰিচয় দিয়ে তেনে অনুমান হয় ৷ সুৰা স্বাস্থ্যৰ বাবে অপকাৰী, এই বিষয়ে সকলো জ্ঞাত ৷ পিছে সকলো জানিও মানুহে নিচাৰ আশ্ৰয় লয় ৷ সুৰাপান কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, পিছে জানো আহকচোন সুৰা কিদৰে গ্ৰহণ কৰিলে লিভাৰ বেয়া নহয়-

alcohol consumption how much alcohol intake can harm the liver
কিমান পৰিমাণত সুৰা পান কৰিব ((IANS))

আজিৰ দিনত মদ খোৱাটো এটা ষ্টেটাছ চিম্বল হৈ পৰিছে । পুৰুষেই হওক বা মহিলাই হওক সকলোৱে মদ্যপান কৰে । পাৰ্টী বুলি ক’লেই প্ৰায় সকলোৰে হাতত সুৰাভৰ্তি গিলাচ দেখা যায় । কিছুমান মানুহে ইমানেই মদ্যপান কৰে যে সচেতন হৈয়ো নাথাকে । মদ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি জানিও বহুলোকে প্ৰতিদিনে ইয়াক পান কৰে ।

alcohol consumption how much alcohol intake can harm the liver
কিমান পৰিমাণত সুৰাপান কৰিব ((IANS))

অত্যধিক মদ্যপানৰ ফলত শৰীৰৰ যিটো অংগ প্ৰথমে ক্ষতিগ্ৰস্ত হয়, সেয়া হ’ল লিভাৰ । যদিও বিশেষজ্ঞসকলে কয় যে মদ্যপান লিভাৰৰ বাবে ক্ষতিকাৰক, তেওঁলোকে এটা নিৰ্দিষ্ট পৰিমাণৰ মদ্যপান কৰাৰ পৰামৰ্শ দিয়ে ।

উপভোগৰ মাধ্যম হিচাপেহে সকলোৱে প্ৰথমে সুৰাপান কৰিবলৈ আৰম্ভ কৰে । তাৰ পিচত ই এটা অভ্যাস হৈ পৰে আৰু শেষত ই এক বেয়া আসক্তি হৈ পৰে আৰু এনে এটা সময় আহি পৰে যে ব্যক্তি এজন ইয়াৰ অবিহনে জীয়াই থাকিব নোৱাৰা হয় । এই অভ্যাসে লাহে লাহে শৰীৰটোক ৰুগীয়া কৰি তোলে । গম পোৱাৰ পিচতো বহু লোকে সুৰা ত্যাগ কৰিব নোৱাৰে । কিছু সংখ্যক লোকে দৈনিক সুৰা পান কৰিবলৈ আৰম্ভ কৰে, কিন্তু কিমান পৰিমাণত কৰিব লাগে সেই বিষয়ে একো নাজানে । তেওঁলোকে কেৱল সুৰাপান কৰি গৈ থাকে । এনেদৰে সুৰাপান কৰিলে শৰীৰত ইয়াৰ পাৰ্শ্বক্ৰিয়াই দেখা দিয়ে । সুৰাপানৰ ফলত

ক্ষতিগ্ৰস্ত হোৱা প্ৰথম অংগটো হৈছে লিভাৰ ৷ কিন্তু, লিভাৰৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ পৰিহাৰ কৰিবলৈ দৈনিক কিমান সুৰাপান কৰিব লাগে আপুনি জানেনে ?

এই পৰিমাণতকৈ অধিক সুৰাপানে ক্ষতিগ্ৰস্ত কৰে লিভাৰ

বিশেষজ্ঞসকলে কয় যে যিকোনো প্ৰকাৰৰ সুৰা যিমানেই পান নকৰক কিয় লিভাৰৰ বাবে ক্ষতিকাৰক । এইটোও কোৱা হয় যে ই পুৰুষতকৈ মহিলাৰ বাবে অধিক বিপদজনক ৷ বিশেষজ্ঞসকলৰ মতে ৩০ মিলিলিটাৰহে সুৰাপান কৰিব লাগে । এই সীমাই লিভাৰৰ ক্ষতি নকৰে । যদি এই সীমা অতিক্ৰম কৰিছে, তেন্তে বুজিব যে লিভাৰৰ অৱনতি হ'বলৈ আৰম্ভ কৰিছে । যদি আপুনি 80 মিলিলিটাৰতকৈ অধিক সুৰাপান কৰে, তেনেহ'লে আপোনাৰ লিভাৰ বেয়া হ'বলৈ আৰম্ভ কৰিছে । আপুনি সতৰ্ক হোৱাৰ সময় আহি পৰিছে ।

২০১৮ চনত ‘ব্ৰিটিছ মেডিকেল জাৰ্ণেল অ’পেন’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি প্ৰতিদিনে ৩০ মিলিলিটাৰতকৈ অধিক মদ্যপান কৰা লোকৰ লিভাৰৰ ৰোগ হোৱাৰ সম্ভাৱনা দুগুণ বেছি । এই গৱেষণাত অংশগ্ৰহণ কৰিছিল নেশ্যনেল টাইৱান ইউনিভাৰ্চিটি হাস্পতালৰ প্ৰখ্যাত গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট ডাঃ গাই-য়ুন লিনে । তেওঁ কয় যে যদি আপুনি দৈনিক ৩০ মিলিলিটাৰতকৈ অধিক মদ্যপান কৰে তেন্তে লিভাৰৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকে ।

কেনেদৰে কৰিব সুৰা পান

বিশেষজ্ঞসকলৰ মতে, যেতিয়া সুৰাপান কৰা হয় ই পাকস্থলী আৰু ক্ষুদ্ৰ অন্ত্ৰৰ মাজেৰে তেজত প্ৰৱেশ কৰে । যদি খালী পেটত সুৰাপান কৰা হয়, ই কেইমিনিটমানৰ ভিতৰতে তেজত শোষিত হয় । গতিকে খালী পেটত একেবাৰে সুৰাপান নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে । সুৰাপানৰ সময়ত জলপান গ্ৰহণ কৰিলে, তেজত সুৰা মিহলি হোৱাৰ প্ৰক্ৰিয়াটো অলপ লেহেমীয়া হয় । এনজাইমবোৰে লিভাৰত এলকহলৰ সৈতে বিক্ৰিয়া কৰি ইয়াক এচিটালডিহাইডলৈ ৰূপান্তৰিত কৰে ৷ বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে মাত্ৰাধিক সুৰা শৰীৰৰ বাবে বিহ ৷

লগতে পঢ়ক : খাদ্যত বগা নিমখৰ ব্যৱহাৰে মাতিব পাৰে ভয়াৱহ বিপদ - WHITE SALT SIDE EFFECTS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.