ETV Bharat / health

প্ৰয়োজনতকৈ ভাল অভ্যাস গ্ৰহণ কৰিলে পৰিব পাৰে নেতিবাচক প্ৰভাৱ - Side effects of Good habits

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 2:28 PM IST

Good habits side effects: প্ৰায়ে বিশেষজ্ঞসকলে মানুহক সুস্থ আৰু সক্ৰিয় জীৱন যাপন কৰিবলৈ পৰামৰ্শ কিছু বিশেষ পৰামৰ্শ আগবঢ়ায় । কিন্তু আপুনি জানেনে যে, এই অভ্যাসবোৰৰ অতিৰিক্ততাই কেতিয়াবা আমাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে । সেই সন্দৰ্ভত জানো আহক এই বিশেষ প্ৰতিবেদনযোগে-

adopting good habit more than necessary can have negative impact
প্ৰতিনিধিত্বমূলক ফটো (Getty Images Canva)

নেশ্যনেল ডেস্ক, 12 আগষ্ট: খাদ্য আৰু আচৰণৰ লগত জড়িত ভাল অভ্যাসবোৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰা বা জীৱনত গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী ৷ কিন্তু সেইবোৰ অত্যধিক বা ভুল পদ্ধতিৰে পালন কৰিলে কেতিয়াবা আমাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পৰাৰ আশংকা থাকে । বিশেষজ্ঞসকলৰ মতে অভ্যাস বা আচৰণ যিয়েই নহওক কিয়, সদায় ভাৰসাম্যতাৰে মানি চলিব লাগে, নহ’লে কেতিয়াবা ভাল অভ্যাসৰো পাৰ্শ্বক্ৰিয়া দেখা যায় ।

বিশেষজ্ঞৰ মতামত

ভূপালৰ জ্যেষ্ঠ আয়ুৰ্বেদিক চিকিৎসক ডাঃ ৰাজেশ শৰ্মাই কয়, "কামেই হওঁক, খাদ্যাভ্যাসেই হওঁক বা আচৰণেই হওঁক, সকলোতে ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয় । সাধাৰণতে মানুহক সুস্থ আৰু নিৰাপদ হৈ থাকিবলৈ খাদ্য আৰু আচৰণৰ সৈতে জড়িত বহুতো ভাল অভ্যাস গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হয় । কিন্তু বহুতে কেতিয়াবা তথ্যৰ অভাৱত, কেতিয়াবা ট্ৰেণ্ডৰ বাবে আৰু কেতিয়াবা নিচাৰ বাবে সেই ভাল অভ্যাসবোৰ অস্বাস্থ্যকৰভাৱে অনুসৰণ কৰিবলৈ আৰম্ভ কৰে । যিয়ে কেতিয়াবা তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত বহু ধৰণৰ পাৰ্শ্বক্ৰিয়া দেখুৱাবলৈ আৰম্ভ কৰে ।"

পাৰ্শ্বক্ৰিয়া কি আৰু কেনেকৈ প্ৰভাৱ পেলাব

শৰ্মাই পুনৰ কয়, "সকলো বস্তুৰ অতিৰিক্ততাই দেহৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ৷ সেয়েহে আপোনাৰ শৰীৰৰ সংকেতবোৰ সদায় বুজি পোৱাটো অতি প্ৰয়োজনীয় আৰু শৰীৰৰ প্ৰয়োজন অনুসৰি এই ভাল অভ্যাসবোৰ নিজৰ জীৱন আৰু আচৰণত অন্তৰ্ভুক্ত কৰাটো অতি প্ৰয়োজনীয় । বহুতো অভ্যাস আছে যাৰ অতিমাত্ৰাই স্বাস্থ্যৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে ।"

শৰ্মাই এই সন্দৰ্ভত বাখ্যা আগবঢ়াই কয়--

অত্যাধিক ব্যায়াম কৰা

ব্যায়াম কৰাটো স্বাস্থ্যৰ বাবে ভাল, কিন্তু অত্যাধিক ব্যায়ামে পেশী আৰু গাঁঠিৰ ওপৰত অতিৰিক্ত চাপ পেলাব পাৰে ৷ ইয়াৰ ফলত আঘাতৰ সম্ভাৱনা বৃদ্ধি পায় আৰু শৰীৰ ভাগৰুৱা হ’ব পাৰে । অবিৰতভাৱে অত্যধিক ব্যায়াম কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে, যাৰ ফলত ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ।

অত্যাধিক পানী খোৱা

আমাৰ শৰীৰৰ বাবে পানী খোৱাটো অতি গুৰুত্বপূৰ্ণ যদিও অতিৰিক্ত পানী সেৱন কৰিলে হাইপ’নাট্ৰেমিয়া হ’ব পাৰে । এই অৱস্থাত তেজত ছ’ডিয়ামৰ মাত্ৰা অতি কম হৈ পৰে, যাৰ ফলত মগজুত বেয়া প্ৰভাৱ পৰিব পাৰে আৰু ই মাৰাত্মকো হ’ব পাৰে ।

সঘনাই হাত ধোৱা

সংক্ৰমণৰ পৰা হাত সাৰিবলৈ হাত ধোৱাটো গুৰুত্বপূৰ্ণ যদিও সঘনাই হাত ধোৱাৰ ফলত ছাল শুকুৱাই ফাঁট মেলিব পাৰে । ফলত ছালত খজুৱতি, জ্বলা-পোৰা আৰু সংক্ৰমণৰ সম্ভাৱনা বাঢ়ি যায় । চেনিটাইজাৰৰ অত্যধিক ব্যৱহাৰো ছালৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ।

প্ৰয়োজনতকৈ অধিক ফল খোৱা

ফল-মূল স্বাস্থ্যৰ বাবে উপকাৰী, কিন্তু বেছিকৈ ফল খালে ফ্ৰুক্ট’জ বেছিকৈ সেৱন হ’ব পাৰে । ইয়াৰ ফলত ওজন বৃদ্ধি হোৱাৰ লগতে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি হোৱাৰ আশংকা বৃদ্ধি হয় । ইয়াৰ উপৰিও ফলমূলত আঁহৰ পৰিমাণ বেছি হ’লে পাচনতন্ত্ৰৰ সমস্যাও হ’ব পাৰে ।

অত্যধিক শুই থকা

পৰ্যাপ্ত পৰিমাণে টোপনি অহাটো স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ যদিও অত্যধিক টোপনি আমাৰ শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে । বেছিকৈ শুলে ভাগৰুৱা অনুভৱ হ’ব পাৰে, বিপাকীয় ক্ৰিয়া লেহেমীয়া হ’ব পাৰে আৰু ওজন বৃদ্ধি হ’ব পাৰে । ইয়াৰ উপৰিও অত্যধিক টোপনিয়ে মানসিক স্বাস্থ্যৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলায় ।

সঘনাই ডায়েটিং কৰা

ওজন কমাবলৈ ডায়েটিং কৰাটো সাধাৰণ কথা, কিন্তু সঘনাই ডায়েটিং কৰিলে বিপাকীয় ক্ৰিয়াত নেতিবাচক প্ৰভাৱ পৰিব পাৰে । ইয়াৰ কাৰণে শৰীৰত অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদানৰ অভাৱ হ’ব পাৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল হৈ পৰিব পাৰে । ইয়াৰ উপৰিও সঘনাই ডায়েটিং কৰিলে খাদ্যাভ্যাসতো প্ৰভাৱ পৰে ।

লগতে পঢ়ক: আপোনাৰ স্বাস্থ্যৰ বাবে মাখানা কিমান উপকাৰী জানেনে ? - Makhana Benefits

খাদ্যত কৰক এই সামান্য পৰিৱৰ্তন, শীঘ্ৰেই হ্ৰাস হ’ব ওজন - Roti For Weight Loss

উচ্চমাত্ৰাৰ প্ৰ’টিনযুক্ত খাদ্য আমাৰ শৰীৰৰ বাবে লাভদায়ক নে ক্ষতিকাৰক ? - High Protein Diets

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.