ETV Bharat / health

আপুনি চাহত এচিকুট নিমখ মিহলাই খাই নেকি ? তেন্তে সুখবৰ... - Salt In Tea Benefits - SALT IN TEA BENEFITS

Salt In Tea Benefits: আমি খোৱা চাহত গাখীৰ, চাহৰ গুড়ি আৰু চেনি যোগ কৰা হয় । কিছুমান মানুহে বিভিন্ন ধৰণৰ চাহ যেনে নেমু চাহ, ক’লা চাহ, সেউজীয়া চাহ খায় আহকচোন চাহত নিমখ দিলে কি কি উপকাৰ হয় ?

SALT IN TEA BENEFITS
আপুনি চাহত এচিকুট নিমখ মিহলাই খাই নেকি ? তেন্তে সুখবৰ... (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Sep 4, 2024, 12:58 PM IST

এনে বহুলোক আছে যিয়ে পুৱা সাৰ পোৱাৰ পিচত চাহ নাখালে দিনটো আৰম্ভ কৰিব নোৱাৰে ৷ কিছুমানে এয়াও অনুভৱ কৰে যে যদি তেওঁলোকে দিনটোত কমেও দুবাৰকৈ যদি চাহ নাখায় তেন্তে তেওঁলোকৰ কোনো কাম আধৰুৱা যেন অনুভৱ কৰে ৷ ভাৰতীয়সকলে চাহ নোখোৱাকৈ এদিনো কটাব নোৱাৰে বুলি ক’লেও চাগে ভুল কোৱা নহ’ব ৷ যদিও দৈনিক খোৱা চাহত গাখীৰ, চাহপাত আৰু চেনি আদি ব্যৱহাৰ কৰি খোৱা হয় কিন্তু কিছুমান মানুহে বিভিন্ন ধৰণৰ চাহ যেনে নেমু চাহ, ক’লা চাহ, সেউজীয়া চাহ খাইও ভাল পায় ৷

কিন্তু আপুনি কেতিয়াবা চাহত নিমখ দি খাই পাইছেনে ? ইয়াৰ ফলত আপুনি কেনে লাভ পাব পাৰে আপুনি জানেনে ? হয় দৈনিক চাহত এচিকুট নিমখ মিহলাই খালে আপুনি আচৰিত উপকাৰিতা লাভ কৰিব পাৰে ৷ তেন্তে কোনো পলম নকৰাকৈ আজি জানো আহক দৈনিক চাহত এচিকুট নিমখ মিহলাই খালে আপুনি কেনেধৰণৰ উপকাৰিতা পাব পাৰে ৷

পাচন প্ৰক্ৰিয়া উন্নত হয়: নিমখে মানুহৰ শৰীৰত পাচন ৰস উৎপাদনত উদ্দীপিত কৰে ৷ ই অতি গুৰুত্বপূৰ্ণ হজম প্ৰক্ৰিয়া উন্নত কৰাত অতি সহায়ক ৷

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে: শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত নিমখৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে ৷ নিমখে বতৰৰ সংক্ৰমণৰ ফলত হোৱা ৰোগৰ পৰা ৰক্ষা কৰাত যথেষ্ট সহায় কৰে ৷

হাইড্ৰেট: নিমখ এবিধ প্ৰাকৃতিক বিদ্যুৎ বিশ্লেষক ৷ গ্ৰীষ্মকালত অত্যধিক ঘাম ওলোৱাৰ ফলত শৰীৰৰ পৰা বাহিৰ হৈ যোৱা নিমখ শৰীৰত পুনৰ যোগান ধৰে ৷

পুষ্টিৰে সমৃদ্ধ: নিমখত ছডিয়াম, কেলচিয়াম, মেগনেছিয়াম আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে থাকে ৷ মানুহ সুস্থ হৈ থাকিবলৈ এই সকলোবোৰ পুষ্টিকৰ উপাদান প্ৰয়োজনীয় ৷

ছালৰ বাবে: নিমখ মিহলি কৰা চাহ খালে ছালখন চিকচিকিয়া আৰু কোমল হৈ পৰে ৷ লগতে নষ্ট হোৱা ছালো ভাল হয় ৷

চাহৰ তিতা সোৱাদ কম কৰে: নিমখৰ চাহৰ তিতা সোৱাদ কম কৰাৰ আছে ৷ চাহত থকা তিতা ভাৱ কমোৱাত নিমখ অতি উপযোগী ৷

মাইগ্ৰেইন: চাহত মিহলি নিমখ এচিকুট খালে মাইগ্ৰেইন সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ পোৱা যায় ৷ ই মনক শান্ত কৰে আৰু লগতে শৰীৰৰ কাম-কাজ পৰিচালনা কৰাত সহায় কৰে ৷

নিমখে সোৱাদ বৃদ্ধি কৰে! নিমখে চাহৰ মিঠা আৰু সোৱাদ দুয়োটায়ে বৃদ্ধিত সহায় কৰে ৷ বিশেষকৈ আপুনি খোৱা সেউজীয়া আৰু বগা চাহ চেনি নোহোৱাকৈ খালে সোৱাদ ভাল হয় ৷

Ref:- https://www.newscientist.com/article/2414348-the-chemist-who-told-us-to-put-salt-in-our-tea-explains-why-she-did-it/

লগতে পঢ়ক: আমি কেতিয়া গ্ৰীণ টী খাব লাগে ? জানি লওক ভুল সময়ত গ্ৰীণ টী খোৱাৰ পাৰ্শ্বক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.