বলীউড তথা তামিল ছবিত কাম কৰা অভিনেত্ৰী ইলিয়ানা ডি ক্ৰুজে আজিকালি নিজৰ স্বাস্থ্যক লৈ অলপ চিন্তিত হৈ পৰিছে ৷ শেহতীয়াকৈ তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ প্ৰসৱৰ পিচৰ বিষণ্ণতাত ভুগি থকাৰ বিষয়ে অৱগত কৰিছে ৷ অভিনেত্ৰীগৰাকীৰ পুত্ৰৰ বয়স এবছৰ হ’বলৈ ওলাইছে, তাৰ পিছত বৰ্তমান তেওঁক এই সমস্যাৰ সৈতে যুঁজি থকা দেখা গৈছে ৷ ইয়াৰ পিচতে নিজৰ ইনষ্টাগ্ৰাম পোষ্টত তেওঁ নিজৰ বিষয়ে বহু কথা লিখিছে ৷
মোৰ টোপনি যথেষ্ট নহয়
ইলিয়ানাই নিজৰ পোষ্টত লিখিছে যে বহুদিন হ’ল, মই চেলফি লোৱা নাই ৷ ইলিয়ানাই কয় যে তেওঁ বেছিভাগ সময়েই পায়জামা পিন্ধি থাকে আৰু পুত্ৰৰ সৰু হাতৰ পৰা আঁতৰি থাকিবলৈ লেতেৰা হৈ পৰো, সেয়েহে চেলফি তোলাৰ চিন্তা তেওঁৰ মনলৈ নাহে ৷ তেওঁ লিখিছে যে, শেহতীয়াকৈ কেইটামান দিন তেওঁৰ জীৱনত অবিশ্বাস্যভাৱে কঠিন হৈ পৰিছে ৷ এই সময়ছোৱাত অভিনেত্ৰীগৰাকীয়ে অনিদ্ৰাৰ সমস্যাৰ সৈতেও যুঁজি আছে বুলি জানিবলৈ দিয়ে৷
নিজৰ বাবে সময় বিচাৰি পোৱা নাই
ইলিয়ানাই কয় যে, প্ৰসৱৰ পিছৰ বিষণ্ণতাৰ বাবে তেওঁ নিজৰ বাবে সময় উলিয়াব পৰা নাই ৷ তেওঁ কয় যে মই এই কথা কৈ কোনো অভিযোগ দিবলৈ চেষ্টা কৰা নাই ৷ পূৰ্ণকালীন মাতৃ হোৱাৰ বাবে ঘৰখন চম্ভালিবলৈ আৰু নিজৰ লগত থাকিবলৈ সময় নাপাওঁ ৷ ইলিয়ানাই নিজৰ বাবে সময়ো বিচাৰি উলিয়াব পৰা নাই ৱৰ্কআউট কৰিবলৈ সময় নোপোৱাৰ কথা উল্লেখ কৰে ৷
প্ৰসৱৰ পিছৰ হতাশাৰ পৰা হাত সাৰিবলৈ উপায়
- প্ৰসৱৰ পিছৰ বিষণ্ণতাৰ পৰা হাত সাৰিবলৈ ব্যায়াম কৰাটো অতি প্ৰয়োজনীয় ৷
- এই হতাশাৰ পৰা হাত সাৰিবলৈ স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিব লাগে ৷
- ইয়াৰ বাবে আপুনি বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক৷
- ইয়াৰ বাবে আপুনি অকলে থকাটো এৰাই চলিব লাগে ৷
- প্ৰসৱৰ পিছৰ বিষণ্ণতাৰ পৰা হাত সাৰিবলৈ পৰিয়াল, সদস্য আৰু বন্ধু-বান্ধৱীৰ সৈতে সময় কটাওক ৷
লগতে পঢ়ক: মহিলাৰ স্বাস্থ্যৰ বাবে কোনো মহৌষধিতকৈ কম নহয় জালুক