ETV Bharat / health

অংগদান কৰি এইগৰাকী ছাত্ৰই বহুজনক দি গ'ল নতুন জীৱন - 8 year old boy organs donate

Organs Donate: অকালতে মৃত্যুক আকোৱালি লোৱা কিশোৰ শুভজিৎ চাহু হৈ পৰিল বহুতৰে বাবে হৈ পৰে এক আদৰ্শ ৷ শুভজিৎ চাহু নামৰ কিশোৰটিয়ে তেওঁৰ অংগ বহুজনক দান কৰি দি গ'ল নতুন জীৱন ৷ সম্পূৰ্ণ খবৰ পঢ়ক...

8-year-old boy, whose organs were donated after his death, cremated with full state honors
অংগদান কৰি এইগৰাকী ছাত্ৰই বহুজনক দি গ'ল নতুন জীৱন
author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 7:17 PM IST

নেশ্যনেল ডেস্ক, 19 মাৰ্চ: মাত্ৰ আঠ বছৰ বয়সতে অজান দেশলৈ গ’লগৈ এজন ছাত্ৰ ৷ কিন্তু বহুজনক দি গ’ল নতুন জীৱন ৷ এই ঘটনা উৰিষ্যাৰ ভূৱনেশ্বৰৰ ৷ হয়, অকালতে মৃত্যুক আকোৱালি লোৱা শুভজিৎ চাহু নামৰ এটি কিশোৰে তেওঁৰ অংগ বহুজনক দান কৰি দি গ'ল নতুন জীৱন ৷ ভূৱনেশ্বৰৰ আৰক্ষী আয়ুক্ত সঞ্জীৱ পাণ্ডা আৰু আৰক্ষী উপায়ুক্ত (ডিচিপি) প্ৰতীক সিঙৰ উপস্থিতিত কেইদিনমান পূৰ্বে সত্য নগৰ শ্মশানত সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে শুভজিৎৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷

শুভজিতে স্নায়বিক ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল ৷ বিদ্যালয়ৰ চলিত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়ত দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ শুভজিৎ চিজাৰত আক্ৰান্ত হয় ৷ ছাত্ৰজনক প্ৰথমে কেপিটেল হস্পিটেল আৰু পাছত এখন ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছিল যদিও তেওঁৰ অকাল মৃত্যু হয় ৷

এই সমগ্ৰ ঘটনাটোৰ সনদৰ্ভত শুভজিৎৰ পিতৃ বিশ্বজিৎ চাহুৱে কয়, ‘আমাৰ সকলো প্ৰচেষ্টাৰ স্বত্বেও আমি তেওঁক বচাব নোৱাৰিলো ৷ সেয়েহে, আমি তাৰ বৃক্ক, হাঁওফাঁও, যকৃত, চকু, হৃদযন্ত্ৰ আৰু অগ্ন্যাশয়কে ধৰি সকলো অংগ দান কৰাৰ সিদ্ধান্ত ল’লো ৷ মই মোৰ সাহসী পুত্ৰৰ বাবে অত্যন্ত গৌৰৱান্বিত ৷ সি তাৰ অংগৰ দ্বাৰা বহুতৰ জীৱন ৰক্ষা কৰিলে ৷ এতিয়া আমি নিজকে সান্ত্বনা দিব পাৰো যে আমাৰ পুত্ৰই আনৰ জীৱন ৰক্ষা কৰিছে আৰু সি তেওঁলোকৰ মাজতেই জীয়াই আছে ৷’ আনহাতে, এই সন্দৰ্ভত আৰক্ষী আয়ুক্ত পাণ্ডাই কয় যে, অংগ দাতাসকলৰ বাবে ৰাজ্য চৰকাৰৰ নতুন নীতি অনুসৰি সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে অন্ত্যেষ্টিক্ৰিয়া কৰা হ'ব ৷ যিয়ে আন লোকসকলকো অংগ দান কৰিবলৈ উৎসাহিত কৰিব ৷

লগতে পঢ়ক: শিশুৰ দেহত ভিটামিন ডিৰ অভাৱ কেনেকৈ ধৰা পেলাব ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.