ETV Bharat / health

এই খাদ্যই দূৰ কৰিব কিডনী বেয়া হোৱাৰ আশংকা - Best Foods For Kidney

author img

By ETV Bharat Health Team

Published : Aug 9, 2024, 1:17 PM IST

Best Foods For Kidney: বহু সময়ত আমি আমাৰ স্বাস্থ্যৰ যত্ন ভালদৰে নলও আৰু যিকোনো ভুল খাবলৈ আৰম্ভ কৰো ৷ যাৰ ফলত আমাৰ বৃক্কৰ ক্ষতি হ’ব পাৰে । বৃক্কক সদায় সুস্থ কৰি ৰাখিবলৈ আমি কোনবোৰ খাদ্য গ্ৰহণ কৰা উচিত জানি লওক-

5 foods to Keep your kidneys Healthy
এই খাদ্যই দূৰ কৰিব কিডনী বেয়া হোৱাৰ আশংকা (CANVA)

কিডনী বা বৃক্কৰ স্বাস্থ্য আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ কাৰণ ই শৰীৰত ফিল্টাৰৰ দৰে কাম কৰে ৷ যদি আমাৰ শৰীৰত কোনো ধৰণৰ সমস্যা হয়, তেন্তে শৰীৰৰ ভিতৰত বহু ধৰণৰ দূষিত পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে ৷ যাৰ ফলত ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ৷

উচ্চ ছ’ডিয়ামযুক্ত খাদ্য, তেল, মছলা, সুৰা আদি বস্তুৱে বৃক্কৰ গুৰুতৰ ক্ষতিসাধন কৰে ৷ কিন্তু কোনবোৰ খাদ্য সামগ্ৰী বৃক্কৰ স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে আপুনি জানেনে ? যাক গ্ৰহণ কৰি আপুনি আপোনাৰ বৃক্কক সদায় সুস্থ ৰাখিব পাৰে ৷

৫বিধ বস্তু যিয়ে বৃক্কৰ স্বাস্থ্য উন্নত কৰে

বৃক্কৰ স্বাস্থ্য উন্নত কৰিবলৈ কিছুমান বিশেষ আহাৰ আছে ৷ যিবোৰ নিয়মিতভাৱে গ্ৰহণ কৰিলে আমি বৃক্কক সুস্থ কৰি ৰাখিব পাৰো ৷ পুষ্টিবিদ নিখিল ভাটছে এনে কিছু পৰামৰ্শ আগবঢ়াইছে -

১/ পানী

সঠিক পৰিমাণৰ পানী সেৱন কৰাটো বৃক্কৰ বাবে গুৰুত্বপূৰ্ণ ৷ ই বৃক্কক পৰিষ্কাৰ কৰাৰ লগতে বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে ৷

২/ সতেজ ফল-মূল আৰু শাক-পাচলি

বৃক্কৰ স্বাস্থ্যৰ বাবেও সতেজ ফল-মূল আৰু শাক-পাচলি অতিকৈ গুৰুত্বপূৰ্ণ ৷ বিশেষকৈ ফল-মূলত থকা আঁহে বৃক্কক বহু ৰোগৰ পৰা ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷

৩/ দৈ

গাখীৰৰ পৰা তৈয়াৰী দৈ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ পেট পৰিষ্কাৰ কৰি ৰাখিবলৈ দৈ সেৱন কৰাটো খুবেই জৰুৰী ৷ কিন্তু আপুনি হয়তো নাজানে যে ইয়াত থকা প্ৰ’টিনে বৃক্কৰ স্বাস্থ্য উন্নত কৰাত যথেষ্ট গুৰুত্বৰপূৰ্ণ ভূমিকা পালন কৰে ৷

৪/ মূলা

মূলা বৃক্কৰ বাবে উপকাৰী ৷ কাৰণ ইয়াত ভিটামিন চি, কেলচিয়াম, মেগনেছিয়াম থাকে ৷ যাৰ ফলত বৃক্কৰ ক্ষতিৰ সম্ভাৱনা কম হয় ৷

৫/ মাখানা

পানীত হোৱা মাখানা এবিধ অতি পুষ্টিকৰ খাদ্য ৷ ই উচ্চ আঁহৰ উৎস ৷ যিয়ে বৃক্কৰ স্বাস্থ্য উন্নত কৰে ৷ ইয়াক শুকান কৈ ভাজি খাবলৈ অভ্যাস কৰক ৷

লগতে পঢ়ক: খাদ্য তালিকাৰ পৰা আজিয়েই বাহিৰ কৰক এইসমূহ খাদ্যক, অন্যথা হৈ পৰিব আপোনাৰ কিডনী বিকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.