ETV Bharat / entertainment

ছেপ্টেম্বৰত মুক্তি পাব জুবিন গাৰ্গৰ ছবি 'চিকাৰ' - Zubeen Garg

author img

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 4:25 PM IST

Zubeen Garg: 20 ছেপ্টেম্বৰত মুক্তি লাভ কৰিব জুবিন গাৰ্গ অভিনীত নতুন অসমীয়া ছবি "চিকাৰ"। দিছপুৰ প্ৰেছ ক্লাবত জুবিন গাৰ্গৰ সংবাদ মেল ।

Zubeen Garg's 'Sikar' to release in September
ছেপ্টেম্বৰত মুক্তি পাব জুবিন গাৰ্গৰ ছবি 'চিকাৰ'

গুৱাহাটী, 26 মাৰ্চ : চিনেমাপ্ৰেমী লোকসকললৈ সুখবৰ ৷ অচিৰেই মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ ছবি ‘চিকাৰ’ ৷ মঙলবাৰে দিছপুৰ প্ৰেছ ক্লাবত শীঘ্ৰেই মুক্তি লাভ কৰিবলগীয়া দুখনকৈ ছবি ‘চিকাৰ’ আৰু ‘আইৰা’ক লৈ জুবিন গাৰ্গে এক সংবাদমেল আয়োজন কৰে ৷ অহা 20 ছেপ্টেম্বৰত মুক্তি লাভ কৰিব জুবিন গাৰ্গ অভিনীত নতুন অসমীয়া ছবি "চিকাৰ"।

চিকাৰ অসমীয়া ভাষাত নিৰ্মাণ কৰাৰ বিপৰীতে আইৰা নিৰ্মাণ কৰা হৈছে হিন্দী ভাষাত । অহা 4 এপ্ৰিলত মুক্তি দিয়া হব "আইৰা" নামৰ ছবিখন ৷ আনহাতে 20 ছেপ্টেম্বৰত মুক্তি দিয়া হ'ব জুবিন গাৰ্গ অভিনীত নতুন অসমীয়া ছবি "চিকাৰ"।

লণ্ডনত বিভিন্ন মনোৰম লোকেশ্যনত দৃশ্যগ্ৰহণ কৰা হৈছিল "চিকাৰ"ৰ । এই সংবাদমেল যোগে "চিকাৰ"ত অভিনয়ৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে জুবিন গাৰ্গে ৷ লগতে দুয়োখন ছবি দৰ্শকক উপভোগৰ বাবে আহ্বান জনায় জুবিন গাৰ্গে ।

জুবিন গাৰ্গে কয়, "এইখন ছবিত দৰ্শকে মোক এজন আদিবাসী ল’ৰাৰ ৰূপত দেখিবলৈ পাব । ছবিখন চাই দৰ্শকে নিশ্চয় ভাল পাব ।"

লগতে এইবাৰৰ বিহুৰ অনুষ্ঠানৰ সন্দৰ্ভত মন্তব্য কৰি জুবিন গাৰ্গে কয়, 'এইবাৰ বিহুত গান নাগাওঁ, নাচিম বুলি ভাবিছো । বহুত ঠাইৰ পৰা অনুৰোধ কৰিছে ৰাইজে । বহু ঠাইৰ পৰা গীত পৰিৱেশনৰ আমন্ত্ৰণ আহিছে । বেলেগ বেলেগ গান গাম এইবাৰ । দুই-তিনিজনী নতুন ছোৱালীয়ে এইবাৰ মোৰ লগত গীত গাব । নতুন প্ৰজন্মৰ এইসকল শিল্পীক এইবাৰ মোৰ লগত গীত পৰিৱেশনত গুৰুত্ব প্ৰদান কৰিছো । এতিয়া আৰু নিজৰ কথা ভাবি লাভ নাই, মই ৩০ বছৰ কাম কৰিলো ।"

উল্লেখ্য যে, আহিবলগীয়া দুয়োখন ছবি চিকাৰ আৰু আইৰাৰ প্ৰযোজনা কৰিছে সমীন্দ্ৰ ভট্টাচাৰ্যই । এই সংবাদমেল যোগে সমীন্দ্ৰ ভট্টাচাৰ্যয়ো দুয়োখন ছবি নিৰ্মাণৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে । লগতে আগন্তুক দুবছৰত অন্য তিনিখন ছবি নিৰ্মাণৰ কথা চিন্তা-চৰ্চাৰ সম্পৰ্কে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : পুনৰ ‘কা’ নমনাৰ প্ৰতিশ্ৰুতিৰে নতুন ছবিৰ বাৰ্তা দিলে জুবিনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.