ETV Bharat / entertainment

জীৱন বৰঠাকুৰৰ পৰা জুবিন গাৰ্গলৈ...52 বছৰীয়া এক সুৰীয়া পৰিক্ৰমা - ZUBEEN GARG BIRTHDAY

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আজি জন্মদিন ৷ জীৱনৰ 52 টা বসন্ত পাৰ কৰা শিল্পীগৰাকীৰ অব্যাহত থাকক সংগীতৰ সুৰীয়া যাত্ৰা ৷

zubeen garg birthday
জুবিন গাৰ্গ (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Nov 18, 2024, 11:06 AM IST

চিটাৰা ডেস্ক : 18 নৱেম্বৰত অসমৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ জন্মদিন ৷ সংগীতশিল্পীগৰাকীয়ে জীৱনৰ 52 টা বছৰ সুকলমে অতিক্ৰম কৰে ৷ আজি তেওঁ 53 সংখ্যক জন্মদিন উদযাপন কৰিছে ৷ 1972 চনৰ আজিৰ দিনটোতে মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰিছিল জুবিন গাৰ্গে ৷ জলীউডৰ লগতে টলীউড আৰু বলীউডতো নিজৰ কণ্ঠৰ যাদুৰে শ্ৰোতাক মোহিত কৰি ৰাখিছে তেওঁ ৷

অসমীয়া, বঙালী আৰু হিন্দী ভাষাৰ উপৰিও অন্য়ান্য বহু ভাষাৰ গানত কণ্ঠ নিগৰাইছে কণ্ঠশিল্পীগৰাকীয়ে ৷ 1992 চনত প্ৰথমটো গানৰ এলবাম ‘অনামিকা’ৰ জৰিয়তে তেওঁ সংগীতৰ জগতত ভৰি দিছিল ৷ কণ্ঠশিল্পীৰ উপৰিও জুবিন এগৰাকী সফল সংগীত পৰিচালক, ছবি নিৰ্দেশক আৰু সু-অভিনেতাও ৷ জুবিনৰ প্ৰথমটো হিন্দী গান ‘য়া য়ালী’য়ে বলীউডত সৰ্ববৃহৎ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল ৷

জুবিন এগৰাকী সমাজকৰ্মীও ৷ ‘কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্য়ন’ নামৰ সংস্থাটোৰ তেওঁ এগৰাকী মূল অংশীদাৰ তেওঁ ৷ তাৰোপৰি জুবিন এগৰাকী ফুটবলপ্ৰেমী হোৱা হেতুকে সময়ে সময়ে তেওঁ ফুটবল খেলাও পৰিলক্ষিত হয় ৷ 2002 চনত গোলাঘাট নিৱাসী ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়াৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় জুবিন গাৰ্গ ৷

আপোনালোকে জানেনে, প্ৰথমাৱস্থাত শিল্পীগৰাকীৰ নাম জীৱন বৰঠাকুৰ আছিল যদিও পিছলৈ গোত্ৰৰ হিচাপত নামটো জুবিন গাৰ্গ কৰি দিয়ে পৰিয়ালে ৷ জুবিনৰ ভগ্নী জংকী বৰঠাকুৰ এগৰাকী কণ্ঠশিল্পী হোৱাৰ বিপৰীতে পাল্কী বৰঠাকুৰ এগৰাকী নৃত্য শিল্পী ৷ ভগ্নী জংকী বৰঠাকুৰৰ পথ-দুৰ্ঘটনাত মৃত্যু হোৱাটো জুবিনৰ জীৱনৰ এক অপূৰণীয় ক্ষতি ৷

অসমৰ সংগীত ক্ষেত্ৰখনত জুবিনৰ জনপ্ৰিয়তা চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰি ৷ অনামিকা (1992), অনুৰাধা (1992), মায়া (1994) আদি এলবামৰ সফলতাৰ পিছত জুবিনৰ আন বহুকেইটা গীতৰ এলবামে অনুৰাগীৰ মাজত জনপ্ৰিয়তা লাভ কৰে ৷ তাৰ ভিতৰত আছে ‘মন’ ছিৰিজৰ বহুকেইটা এলবাম যেনে ৰুমাল, হিয়ামন, বাঁহী(2013), চিলা(2020) আদি ৷

ইয়াৰোপৰি জুবিনে হিন্দী আৰু বঙালী এলবাম যেনে চান্দিনী ৰাত (1995), চন্দা (1996), য়ুহী কভী (1998), স্পৰ্শ (2000-01), শ্ৰদ্ধাঞ্জলি (খণ্ড 1,2,3), মেৰে লিয়ে (2001), পাকিজা (2012), ছুফী ইশ্ক (2017) আদিতো কণ্ঠ নিগৰাইছে ৷

সংগীত পৰিচালক হিচাপে জুবিন গাৰ্গে জনপ্ৰিয় কথাছবি হিয়া দিয়া নিয়া (2000), তুমি মোৰ মাঁথো মোৰ (2000), শেষ উপহাৰ (2001) আদিকে ধৰি প্ৰায় 26 খন ছবিত কাম কৰিছে ৷ অভিনেতা হিচাপেও জুবিনে কেৰিয়াৰ আগবঢ়াইছে ৷ ‘মন যায়’ ৰ পৰা শেহতীয়াকৈ মুক্তি পোৱা ‘চিকাৰ’ লৈকে জুবিন অভিনেতা হিচাপে সক্ৰিয় হৈ আছে ৷ তুমি মোৰ মাথোঁ মোৰ, দীনবন্ধু, প্ৰিয়াৰ প্ৰিয়, অহেতুক, মিছন চাইনা, কাঞ্চনজংঘা আদি তেওঁৰ উল্লেখনীয় ছবি ৷

2005 চনত জুবিন গাৰ্গে শুধু তুমি নামৰ বঙালী ভাষাৰ কথাছবিত কৰা কামৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰে ৷ 2006 চনত গেংষ্টাৰ চিনেমাৰ য়া আলী শীৰ্ষক সংগীতৰ বাবে শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পীৰ বঁটা লাভ কৰে ৷

উল্লেখ্য যে, গেংষ্টাৰ ছবিৰ বাবেই একেটা বৰ্ষতে জুবিনে গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড (GIFA) ত শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পী আৰু নিউ মিউজিকেল ছেন্সেশ্যন বঁটা (পুৰুষ শাখাত)ৰ মেক্স ষ্টাৰডাষ্ট এৱাৰ্ড লাভ কৰে ৷

শেহতীয়াকৈ শিল্পী জুবিন গাৰ্গক USTM কৰ্তৃপক্ষই প্ৰদান কৰে সন্মানীয় ডি-লিট সন্মান । USTM ত অনুষ্ঠিত হোৱা দশম সমাৱৰ্তন অনুষ্ঠানত এই বিশেষ সন্মান প্ৰদান কৰা হয় তেওঁক ৷

লগতে পঢ়ক : মিউজিক ফেষ্টিভেলত চপলা গাভৰু হ'বলৈ সাজু মাজুলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.