ETV Bharat / entertainment

পুনৰ বিতৰ্কত এলভিছ যাদৱ, গুৰুগ্ৰাম আৰক্ষী থানাত দাখিল এফআইআৰ

Elvish Yadav Slaps Maxtern: এইবাৰ ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে এলভিছ যাদৱৰ আন এটা বিতৰ্কিত ভিডিঅ’। ভিডিঅ’টোত তেওঁ ইউটিউবাৰ মেক্সটাৰ্ণ ওৰফে সাগৰ ঠাকুৰক প্ৰহাৰ কৰা দেখা গৈছে ।

author img

By PTI

Published : Mar 9, 2024, 10:55 AM IST

YouTuber Elvish Yadav Booked For 'Assaulting' Delhi-Based Content Creator
এলভিছ যাদৱৰ বিৰুদ্ধে এফআইআৰ দাখিল

চিটাৰা ডেস্ক, ৯ মাৰ্চ: পুনৰ বিতৰ্কত ইউটিউবাৰ তথা বিগ বছ অ’টিটি ২ বিজয়ী এলভিছ যাদৱ । এইবাৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আন এজন ইউটিউবাৰৰ সৈতে তেওঁৰ আক্ৰমণৰ ভিডিঅ’ । ইয়াৰ পিচতে এলভিছ যাদৱৰ বিৰুদ্ধে গুৰুগ্ৰাম ছেক্টৰ ৫৩ থানাত গোচৰ ৰুজু হৈছে ।

আচলতে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত এলভিছ যাদৱক এজন যুৱকক উপৰ্যুপৰি প্ৰহাৰ কৰা দেখা গৈছে । প্ৰহাৰ কৰা যুৱকজনো এজন ইউটিউবাৰ, তেওঁৰ নাম সাগৰ ঠাকুৰ ওৰফে ‘মেক্সটাৰ্ণ’। ভিডিঅ’টোত এলভিছ যাদৱে তেওঁক আক্ৰমণ কৰা দেখা গৈছে ।

এতিয়া এই গোটেই বিষয়টোক লৈ এলভিছ যাদৱৰ বিৰুদ্ধে গুৰুগ্ৰাম ছেক্টৰ ৫৩ পি এছত আক্ৰমণ আৰু হত্যাৰ ভাবুকি দিয়াৰ গোচৰ ৰুজু হৈছে । ছ’চিয়েল মিডিয়াতো ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে ভিডিঅ’টো, য’ত তেওঁক সাগৰ ঠাকুৰক প্ৰহাৰ কৰা দেখা গৈছে ।

ঘটনাৰ বিৱৰণী অনুসৰি ছেক্টৰ-৫৩ত অৱস্থিত চাউথ পইণ্ট মলত এলভিছ যাদৱ আৰু তেওঁৰ সহযোগীসকলে সাগৰ ঠাকুৰ ওৰফে ‘মেক্সটাৰ্ণ’ নামৰ ইউটিউবাৰজনক আক্ৰমণ কৰে । যাৰ অভিযোগত শুকুৰবাৰে নিশা আৰক্ষীয়ে ছেক্টৰ-৫৩ থানাত আই পি চিৰ ১৪৯, ১৪৭, ৩২৩ আৰু ৫০৬ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ।

কিয় হৈছিল কাজিয়া ?

আচলতে ইণ্ডিয়ান ষ্ট্ৰীট প্ৰিমিয়াৰ লীগ ক্ৰিকেট মেচৰ পিচত মুনাৱাৰ ফাৰুকী আৰু এলভিছ যাদৱৰ বহু ছবি ভাইৰেল হৈছিল, যাৰ বাবে এলভিছ যাদৱৰ ইউটিউবাৰ মেক্সটাৰ্ণৰ সৈতে বিবাদ হৈছিল । মেক্সটাৰ্ণে এলভিছৰ সম্পৰ্কে কিছুমান মিম শ্বেয়াৰ কৰিছিল, তাৰ পিচতে বিষয়টো কাজিয়ালৈ পৰিণত হৈছিল ।

#ArrestElvishYadav ট্ৰেণ্ডিং হৈ আছে

এই সমগ্ৰ ঘটনাৰ পিচতে X ত #ArrestElvishYadav ট্ৰেণ্ডিং হৈ আছে । এলভিছ যাদৱক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে তীব্ৰ সমালোচনা কৰিছে । ব্যৱহাৰকাৰীসকলে এলভিছক গ্ৰেপ্তাৰ কৰাৰ দাবী কৰিছে ।

লগতে পঢ়ক: FSLৰ প্ৰতিবেদনৰ পিছত পুনৰবাৰ বিপদত বিগ বছ OTT 2 ৰ বিজয়ী এলভিছ যাদৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.