ETV Bharat / entertainment

অগস্ত্যৰ জন্মদিন: নাতাশা-হাৰ্দিকে ফটো ভিডিঅ’ পোষ্ট কৰি জনাইছে জন্মদিনৰ শুভেচ্ছা - Natasa Hardik son Agatsya birthday

author img

By ETV Bharat Entertainment Team

Published : Jul 31, 2024, 12:43 PM IST

Updated : Jul 31, 2024, 1:13 PM IST

Natasa Stankovic Instagram : পুত্ৰ অগস্ত্যই নাতাশা আৰু হাৰ্দিকৰ জীৱনলৈ কেনেদৰে যোগাত্মক দৃষ্টিভংগী কঢ়িয়াই আনিছে, সেই কথা অকপটে স্বীকাৰ কৰিছে দুই তাৰকাই ৷ অগস্ত্যৰ জন্মদিনত কোনে কি দৰে শুভেচ্ছা জনালে চাওক-

You Brought Peace, Love and Joy into My Life: Natasa Stankovic Showers Birthday Love on Son Agastya Post Separation from Hardik Pandya
নাতাশা ষ্টেনক’ভিচ (IANS)

চিটাৰা ডেস্ক, 31 জুলাই : নাতাশা ষ্টেনক’ভিচে তেওঁৰ জন্মদিনত পুত্ৰ অগস্ত্যক লৈ এটা আন্তৰিক পোষ্ট আপলোড কৰে । অভিনেত্ৰী-মডেলগৰাকীয়ে স্বামী হাৰ্দিক পাণ্ডিয়াৰ পৰা পৃথক হোৱাৰ কথা ঘোষণা কৰাৰ পিচত বৰ্তমান পুত্ৰৰ সৈতে তেওঁৰ গৃহচহৰ ছাৰ্বিয়াত সময় অতিবাহিত কৰি আছে ।

ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া আৰু অভিনেত্ৰী তথা মডেল নাতাশা ষ্টেনক’ভিচে মাত্ৰ দুসপ্তাহমান পূৰ্বে বিচ্ছেদৰ কথা ঘোষণা কৰে ৷ 30 জুলাইত তেওঁলোকে পুত্ৰ অগস্ত্যৰ জন্মদিন উদযাপন কৰে । দুয়োজনে কণমানিটোৰ বাবে ছ’চিয়েল মিডিয়াত জন্মদিনৰ বিশেষ শুভেচ্ছাবাৰ্তা প্ৰেৰণ কৰে । ছ'চিয়েল মিডিয়াত কেইবাখনো ছবি শ্বেয়াৰ কৰি নাতাশাই তেওঁৰ কেপশ্যনত তেওঁক মৰমেৰে "বুবা" বুলি অভিহিত কৰে ।

ইনষ্টাগ্ৰামত ছাৰ্বিয়ান মডেলগৰাকীয়ে তেওঁৰ পুত্ৰৰ সৈতে নিজৰ চহৰত কটোৱা বিশেষ দিনটো অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিছিল । ছবি আৰু ভিডিঅ’ আপলোড কৰি নাতাশাই এইদৰে লিখিছে, "মোৰ বুবা ❤️ তুমি মোৰ জীৱনত শান্তি, প্ৰেম আৰু আনন্দ কঢ়িয়াই আনিছিলা । মোৰ ধুনীয়া ল’ৰা ✨❤️ তুমি ইমান আশীৰ্বাদ, ইমান মিঠা আৰু দয়ালু... সদায় এনেদৰে থাকা...। মই এই পৃথিৱীখনক তোমাৰ দয়ালু আত্মাক ❤️ সলনি কৰিবলৈ নিদিওঁ মই সদায় তোমাৰ কাষত থাকিম... হাতত ❤️ হাত দি মই তোমাক ভাল পাওঁ, মামা"

নাতাশা পুত্ৰৰ সৈতে নিজৰ গৃহচহৰ ছাৰ্বিয়ালৈ স্থানান্তৰিত হৈছে । অভিনেত্ৰীগৰাকীয়ে অনুৰাগীসকলক তেওঁৰ দৈনন্দিন জীৱনৰ আভাস শ্বেয়াৰ কৰি আপডেট কৰি ৰাখে । শেহতীয়াকৈ, পুত্ৰৰ সৈতে নাতাশাই ইনষ্টাগ্ৰাম হেণ্ডেলত পশু উদ্যানৰ পৰা ফটো শ্বেয়াৰ কৰিছিল ।

2020 চনৰ 31 মে’ত খ্ৰীষ্টান আৰু হিন্দু ৰীতি-নীতিত বিবাহপাশত আবদ্ধ হোৱা নাতাশা আৰু হাৰ্দিকে 2023 চনৰ ফেব্ৰুৱাৰী মাহত ৰাজস্থানত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত পুনৰ বিয়াত বহে । কিন্তু 2024 চনৰ মে’ মাহত নাতাশাই তেওঁৰ ইনষ্টাগ্ৰাম ইউজাৰনেমৰ পৰা "পাণ্ডিয়া" উপাধিটো বিলোপ কৰা বুলি অনুগামীসকলে পৰ্যবেক্ষণ কৰাৰ পিচতে বিবাহ বিচ্ছেদৰ উৰাবাতৰি আৰম্ভ হয় । 14 জুলাইত দুয়োৱে এক যৌথ বিবৃতি প্ৰকাশ কৰি আনুষ্ঠানিকভাৱে তেওঁলোকৰ বিচ্ছেদৰ কথা ঘোষণা কৰে ।

লগতে পঢ়ক : একাধিকবাৰ বিয়াত বহিও চিৰস্থায়ী নহ’ল নাতাশা-হাৰ্দিকৰ সম্পৰ্ক - Hardik Natasa Divorce

Last Updated : Jul 31, 2024, 1:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.