ETV Bharat / entertainment

পৰ্দাৰ আঁৰতহে আছে দেশৰ খলনায়ক - anurag kashyap new web series

author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 11:26 AM IST

Anurag Kashyap new web series: অনুৰাগ কাশ্যপ আৰু গুলশন দেৱাইয়াই বেড কপ শীৰ্ষক এটা ৱেব ছিৰিজৰ বাবে সহযোগিতা কৰিছে, যাৰ উদ্দেশ্য হৈছে দৰ্শকসকলক এক আকৰ্ষণীয় অপৰাধ থ্ৰিলাৰ অভিজ্ঞতা প্ৰদান কৰা । অনুৰাগে সামাজিক সমস্যাৰ ইংগিত দি খলনায়কৰ ধাৰণাটোৰ ওপৰত আলোচনা কৰে আৰু গুৰুত্ব আৰোপ কৰে যে প্ৰকৃত খলনায়ক পৰ্দাত দেখুওৱাৰ দৰে নহয় ৷ তেওঁ কয় চলচ্চিত্ৰ নিৰ্মাতাই দেশৰ খলনায়কক আজিলৈকে চিনেমাত দেখুওৱাই নাই ৷

Who Is Anurag Kashyap's Favourite Villain? Filmmaker Says 'Real Antagonist of Our Country Isn't Onscreen' - Watch
অনুৰাগ কাশ্যপ (ANI)

চিটাৰা ডেস্ক, 6 জুন : অভিনেতা-পৰিচালক অনুৰাগ কাশ্যপ আৰু অভিনেতা গুলশন দেৱাইয়াই এই বছৰ অ’টিটি প্লেটফৰ্মত প্ৰিমিয়াৰ হ'বলগীয়া এটা আকৰ্ষণীয় ৱেব চিৰিজ বেড কপৰ বাবে একত্ৰিত হৈছে ৷ এক ৰোমাঞ্চকৰ যাত্ৰাৰ সৈতে সাজু হৈছে তেওঁলোক । এই ক্ৰাইম থ্ৰিলাৰে আপোনাক ঘৰৰ আৰামৰ মাজতে এক উৎকণ্ঠাময় অভিজ্ঞতা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । শেহতীয়াকৈ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত অনুৰাগে খলনায়কৰ ধাৰণাটোৰ ওপৰত তেওঁৰ মতামত ব্যক্ত কৰি কয় যে প্ৰকৃত খলনায়ক পৰ্দাত চিত্ৰিত নহয় ।

সাক্ষাৎকাৰ ((Video source: ANI))

অনুৰাগ কাশ্যপে জোৰ দি কয় যে প্ৰকৃত খলনায়ক পৰ্দাৰ বাহিৰতহে থাকে ৷ প্ৰায়ে লক্ষ্যহীন হৈ থকা সমাজ আৰু ব্যৱস্থাগত বিষয়বোৰৰ ইংগিত দিয়ে এই খলনায়কে । সেইখিনি সময়তে গুলশন দেৱাইয়াই হাঁহি হাঁহি কয় যে অনুৰাগ কাশ্যপৰ উত্তৰটোৰ সোধা প্ৰশ্নটোৰ সৈতে মিল নাছিল ৷

অনুৰাগে কয়, "পৰম্পৰাগত নায়ক-খলনায়কৰ ধাৰণাটো পুৰণি হৈ পৰিছে । আজিকালি, সকলো ধূসৰ ।" লগতে তেওঁ কয়, "মানুহে মোক কেৱল খলনায়ক হিচাপেহে চাই ৷ মানুহে প্ৰায়ে মোক সেই চৰিত্ৰতে দেখিছিল । মই গাম্ভীয্যপূৰ্ণ এটা চৰিত্ৰহে ৰূপায়ণ কৰিব বিচাৰো, যেনে দেউতা বা ভাতৃ । মই নায়ক হ'বলৈ আগ্ৰহী নহয় আৰু মই মোৰ এই বয়স আৰু শাৰীৰিক পৰ্যায়ত একশ্যন চিকুৱেন্স প্ৰদৰ্শন কৰিবলৈ সক্ষম নহয় ।"

প্ৰিয় পুলিচৰ চৰিত্ৰৰ বিষয়ে সোধাত গুলশন দেৱাইয়াই সিংঘমত অজয় ​​দেৱগণৰ চৰিত্ৰ আৰু অৰ্ধ সত্যত ওম পুৰীৰ আইকনিক অভিনয়ক প্ৰশংসা কৰে । তেওঁ উল্লেখ কৰে যে এজন পুলিচৰ ভূমিকা ব্যক্তিত্বৰ ওপৰত নহয়, পেছাটোৰ ওপৰত নিৰ্ভৰশীল আৰু সেইটোৱেই ইয়াক ইমান কুটিল কৰি তোলে । গুলশনে লগতে কয় যে তেওঁ একাধিক চৰিত্ৰত অভিনয় কৰিছে আৰু তেওঁ উল্লেখ কৰা অভিনেতাসকলে তেওঁলোকৰ কপ চৰিত্ৰত অতি উত্তম কাম কৰিছে ৷

আদিত্য দত্তৰ পৰিচালনাত অতি সোনকালে ডিজনী+হটষ্টাৰত প্ৰচাৰ হ’ব বেড কপ ৷ সৌৰভ সচদেৱা, হাৰ্লীন শেঠী, ঐশ্বৰ্য সুষ্মিতা আদিয়েও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । ৰেনচিল ডি চিলভাৰ দ্বাৰা লিখা আৰু ফ্ৰেমেণ্টেল ইণ্ডিয়াই প্ৰযোজনা কৰা বেড কপে দৰ্শকক আকৰ্ষণ কৰিব পৰা ছিৰিজ হ’ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : পৰ্দাত খলকনি তোলা তাৰকাসকল পাৰিবনে ৰাজনৈতিক ক্ষেত্ৰত তিষ্ঠি থাকিব ? - Lok Sabha Elections Results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.