চিটাৰা ডেস্ক, 11 জুলাই: মুঞ্জ্যাৰ সফলতাৰ পিছত পৰিচালক আদিত্য সৰ্পোতদাৰে লৈ আহিছে কাকুড়া ৷ যিখন ছবি অ’টিটি প্লেটফৰ্ম জি৫ত ১২ জুলাইত মুক্তি পাবলৈ ওলাইছে । ইয়াৰ পূৰ্বে এক সাক্ষাৎকাৰত পৰিচালক আদিত্য, ৰিতেশ দেশমুখ, চাকিব ছালিমে ছবিখনৰ বিষয়ে কিছু আমোদজনক কথা শ্বেয়াৰ কৰে । একে সময়তে ৰিতেশ দেশমুখেও ছবিখনত বিশেষ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী সোণাক্ষী সিনহাক তেওঁৰ শেহতীয়া বিবাহৰ বাবে কিছু পৰামৰ্শ দিয়ে ।
ছবিখনৰ নাম ‘কাকুড়া’ কিয় ?
সাক্ষাৎকাৰত নিৰ্মাতাসকলক প্ৰশ্ন কৰা হৈছিল যে ছবিখনৰ নাম কিয় কাকুড়া ৰখা হৈছে । এই সন্দৰ্ভত পৰিচালক আদিত্য সৰ্পোতদাৰে কয় যে- আমি ইয়াক ৰহস্যৰ আৱৰ্তত ৰাখিব বিচাৰো । আমি বিচাৰো মানুহে ভাবিব যে এইটো কেনেকুৱা নাম বা কিয় এই নামটো ৰখা হৈছে । ইয়াৰ ফলত ছবিখন চাবলৈ অধিক আগ্ৰহী হ’ব । কিন্তু জনাই দিও যে, কাকুড়াই আমাৰ ভূত । ছবিখনত ৰিতেশ দেশমুখক কাষ্ট কৰাৰ কাৰণ বুজাই দিওঁতে তেওঁ কয় - ৰিতেশৰ কমিক টাইমিং ভাল আৰু মই ভাবো এই চৰিত্ৰটোৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতা ।
ৰিতেশে সোণাক্ষী-জাহীৰক দিলে কিছু টিপচ
সাক্ষাৎকাৰত ৰিতেশক কোৱা হৈছিল যে ছবিখনত তেওঁ নিজৰ অভিনয়ৰ বাবে জনপ্ৰিয় কিন্তু কাপল গোলচৰ বাবেও দৰ্শকে তেওঁক খুবেই ভাল পায় ৷ তেন্তে তেওঁ নতুনকৈ বিবাহিত দম্পতি সোণাক্ষী-জাহীৰক কিবা উপদেশ দিব বিচাৰে নেকি ? ইয়াৰ উত্তৰত তেওঁ কয়- ‘মই ভাবো এইবোৰ বিষয়ত মই কাকো কোনো পৰামৰ্শ বা উপদেশ দিব নোৱাৰে কাৰণ প্ৰত্যেকৰে অগ্ৰাধিকাৰ বেলেগ বেলেগ । কিন্তু আমাৰ সম্পৰ্ক উন্নত কৰিবলৈ আমি কিছুমান কথা মনত ৰাখিব পাৰে যি মই মোৰ বৈবাহিক জীৱনতো সদায় মানি চলি আহিছো । আমাৰ বাবে প্ৰথমে আহে সন্মান যি ইজনে আনজনৰ প্ৰতি থকাটো অতি প্ৰয়োজনীয় । আনহাতে, আপোনাৰ প্ৰয়োজনৰ আগত আপোনাৰ সংগীৰ প্ৰয়োজনীয়তা আহিব লাগে । তৃতীয়তে, ঘটনা বা বিষয়বস্তুৰ হাস্যকৰ দিশ বুজিব পৰা গুণ থকাটোও জৰুৰী ৷