ETV Bharat / entertainment

কেটৰিণাৰ গৰ্ভধাৰণৰ খবৰ সন্দৰ্ভত বিকি কৌশলৰ প্ৰতিক্ৰিয়া: ক’লে উপভোগ কৰক 'Bad Newz' - Vicky reacts on Katrina Pregnancy

Vicky Kaushal Reaction On Katrina Pregnancy: ‘বেড নিউজ’ ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি কেটৰিণা কাইফৰ গৰ্ভধাৰণৰ উৰাবাতৰিৰ সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অভিনেতা বিকি কৌশলে । চাওক ভিডিঅ’...

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 10:40 AM IST

Vicky Kaushal reacts to wife Katrina Kaif pregnancy rumors at Bad Newz trailer launch event watch
পত্নী কেটৰিণাৰ গৰ্ভধাৰণৰ খবৰক লৈ বিকি কৌশলৰ প্ৰতিক্ৰিয়া: ক’লে এতিয়াৰ বাবে 'Bad Newz' উপভোগ কৰক (INSTAGRAM)

চিটাৰা ডেস্ক, 29 জুন: বিগত দীঘলীয়া সময় ধৰি বলীউডৰ খবৰত এটি উৰাবাতৰি চলি আহিছে আৰু সেয়া হৈছে কেটৰিণা কাইফে গৰ্ভধাৰণ কৰিবলৈ ওলাইছে নেকি ? দীপিকা পাডুকনে গৰ্ভধাৰণ কৰাৰ খবৰৰ পিচত নেটিজেনৰ মাজত চৰ্চা চলিছে যে কেতিয়া মাতৃ হ’ব মোহময়ী অভিনেত্ৰী কেটৰিণা কাইফ ৷ অৱশেষত অভিনেত্ৰীগৰাকীৰ স্বামী বিকী কৌশলে ‘বেড নিউজ’ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত এই উৰাবাতৰিৰ অন্ত পেলাই এই খবৰত স্পষ্টীকৰণ দিয়া পৰিলক্ষিত হয় ।

‘বেড নিউজ’ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত যেতিয়া বিকীক কেটৰিণাৰ গৰ্ভধাৰণৰ উৰাবাতৰিৰ বিষয়ে সোধা হৈছিল, তেতিয়া তাত উপস্থিত দৰ্শকে কেতিয়া বাস্তৱ জীৱনৰ ‘গুড নিউজ’ শুনিবলৈ পাব সেই বিষয়ত প্ৰশ্ন কৰে ৷

শেহতীয়াকৈ লণ্ডনত বিকী আৰু পত্নী কেটৰিণা কাইফৰ প্ৰথম সন্তান জন্ম হোৱাৰ উৰাবাতৰি প্ৰচাৰ হৈছিল । ছবিখনৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত এই উৰাবাতৰিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অভিনেতাজনে ৷ যদি এনে কোনো ভাল খবৰ থাকে, তেন্তে নিশ্চয় তেওঁ ব্যক্তিগতভাৱে সংবাদ মাধ্যমক এই বিষয়ে অৱগত কৰিব বুলিও উল্লেখ কৰে ।

উল্লেখ্য যে, কেইবাসপ্তাহ ধৰি কেটৰিণা কাইফৰ গৰ্ভধাৰণৰ উৰাবাতৰি চলি আহিছে । অভিনেত্ৰীগৰাকীৰ আগন্তুক ছবি ‘বেড নিউজ’ ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত উপস্থিত হৈ এই উৰাবাতৰিৰ অন্ত পেলাইছে অভিনেত্ৰীগৰাকীৰ স্বামী তথা অভিনেতা বিকী কৌশলে ।

লগতে পঢ়ক: Katrina Kaif Vicky Kaushal:কেটৰিণাৰ বাবে ছাণ্টাক্লজৰ ৰূপত বিকী কৌশল

শেহতীয়াকৈ কেটৰিণা আৰু বিকীৰ লণ্ডন ভ্ৰমণৰ ছবি আৰু ভিডিঅ’ অনলাইনত প্ৰকাশ পোৱাৰ পিচৰে পৰা তেওঁলোকৰ গৰ্ভাৱস্থাৰ বিষয়ে জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল । অৱশ্যে কেটৰিণাৰ টীমে সংবাদ মাধ্যমক দিয়া এক বিবৃতিৰে ততাতৈয়াকৈ এই উৰাবাতৰি খেলিমেলিৰ সৃষ্টি কৰে । লগতে সকলো সংবাদ মাধ্যমক জল্পনা-কল্পনা বন্ধ কৰিবলৈ আহ্বান জনায় ।

আগন্তুক ১৯ জুলাইত মুক্তি পাব হাস্যৰসিক ছবি ‘বেড নিউজ’ । এই কাহিনী হৈছে ছালোনীৰ (তৃপ্তী ডিমৰী), যিয়ে এই বিষয়ে অৱগত হয় যে তেওঁ দুজন ভিন্ন পিতৃ অখিল (বিকী কৌশল) আৰু গুৰবীৰ (এমি বিৰ্কৰ)ৰ যমজ সন্তানৰ মাতৃ হ’বলৈ ওলাইছে । এই অসাধাৰণ পৰিস্থিতি হাস্যকৰ আৰু হৃদয়স্পৰ্শী । এই ছবিখন পৰিচালনা কৰিছে আনন্দ তিৱাৰীয়ে ।

বিকী কৌশলৰ উপৰিও ছবিখনত অভিনয় কৰা দেখিবলৈ পোৱা যাব তৃপ্তী ডিমৰি আৰু এমি বিৰ্কক । ইতিমধ্যে ছবিখনক লৈ বহু সমালোচনাৰো সৃষ্টি হৈছে ৷ বহুতে এই বুলি মন্তব্য কৰে যে বলীউডত ভাল কাহিনী নোহোৱা হৈছে ৷ আনহাতে, বহুতে ছবিখনৰ ট্ৰেইলাৰ চাই ভাল পাইছে আৰু ছবিখনৰ চোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ৷

এতিয়া প্ৰশ্ন হৈছে যে, দৰ্শকে এই ছবিখনক আঁকোৱালি ল’ব নে নাই, সেয়া ছবিখন মুক্তিলাভ কৰাৰ পিচতহে জানিব পৰা যাব ৷

লগতে পঢ়ক: কেটৰিণাৰ ইনষ্টাগ্ৰামত বিকীৰ কেণ্ডিড মুহূৰ্তৰ ফটো - Katrina Kaif instagram

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.