ETV Bharat / entertainment

USTM এ ডি লিট সন্মান ঘোষণাৰ পাছতে মাতৃক লৈ সামাজিক মাধ্যমত আবেগিক পোষ্ট জুবিন গাৰ্গৰ - Zubeen Garg - ZUBEEN GARG

D Litt Degree to Zubeen Garg : উত্তৰ-পূৰ্বাঞ্চলৰ দুই প্ৰখ্যাত গায়ক হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু মেঘালয়ৰ সংগীতশিল্পী লু’ মাজাউলৈ USTM ৰ ডি লিট সন্মান । অহা ২৭ আগষ্টত USTMত অনুষ্ঠিত হ'বলগীয়া দশম সমাৱৰ্তনত প্ৰদান কৰা হ’ব এই সন্মান । সন্মান ঘোষণাৰ পাছতে কণ্ঠশিল্পী জুবিন গাৰ্গৰ মাতৃক লৈ আবেগিক পোষ্ট ।

D Litt Degree to Zubeen Garg
জুবিন গাৰ্গলৈ USTMৰ সন্মানীয় ডক্টৰেট অব্ ডি লিট সন্মান (Facebook/Zubeen Garg/USTM)
author img

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 4:09 PM IST

গুৱাহাটী, ২৫ আগষ্ট : উত্তৰ-পূৰ্বাঞ্চলৰ দুই প্ৰখ্যাত গায়কলৈ ডি লিট সন্মান । হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু মেঘালয়ৰ সংগীতশিল্পী লু’ মাজাউলৈ USTM এ আগবঢ়াইছে এই বিশেষ সন্মান ৷ অহা ২৭ আগষ্টত USTM ত অনুষ্ঠিত হ'বলগীয়া দশম সমাৱৰ্তনত মেঘালয়ৰ ৰাজ্যপাল চি এইচ বিজয়শংকৰে দুয়োগৰাকী শিল্পীক প্ৰদান কৰিব সন্মানীয় ডি লিট সন্মান ।

ইফালে জুবিন গাৰ্গলৈ এই সন্মান ঘোষণাৰ পিচতে কণ্ঠশিল্পীগৰাকীয়ে সামাজিক মাধ্যমত এক আবেগিক পোষ্ট শ্বেয়াৰ কৰে । য'ত কণ্ঠশিল্পীগৰাকীয়ে উল্লেখ কৰিছে ‘‘মা থকাহেঁতেন সমাৱৰ্তন সমাৰোহত মোক ‘Convocation Gown’ পিন্ধা দেখি বহুত সুখী হ’লহেঁতেন’ ।’’ লগতে উক্ত পোষ্টযোগে কণ্ঠশিল্পীগৰাকীয়ে ডি লিট সন্মান আগবঢ়োৱাৰ বাবে USTM ক ধন্যবাদো জ্ঞাপন কৰে ।

উল্লেখ্য যে, জুবিন গাৰ্গৰ দৰে লু’ মাজাউ এগৰাকী বহু প্ৰতিভাসম্পন্ন শিল্পী ৷ ভাৰতৰ বব ডিলান বুলি পৰিচিত লু’ মাজাউৱে খাছি সংস্কৃতিৰ পুনৰুদ্ধাৰৰ বাবে যথেষ্ট অৱদান আগবঢ়াইছে । আনহাতে USTM ক লৈ বিৰ্তক অব্যাহত থকাৰ এই নতুন ঘোষণাক লৈ এতিয়া পুনৰ আৰম্ভ হৈছে তীব্ৰ চৰ্চা ।

কণ্ঠশিল্পী জুবিন গাৰ্গক USTM এ এই সন্মান প্ৰদান কৰাক লৈ সামাজিক মাধ্যমত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ ৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধাৰাহিকভাৱে USTM ৰ কৰ্তৃপক্ষক কটাক্ষ কৰি থকাৰ সময়তে জুবিন গাৰ্গলৈ এই সন্মান আগবঢ়োৱাক লৈ একাংশই সামাজিক মাধ্যমযোগে সন্দেহ প্ৰকাশ কৰাৰ লগতে আন একাংশই জুবিন গাৰ্গে এই সন্মান গ্ৰহণ কৰাৰ পাছত অসমৰ সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ অনুমতি নাইবা কোনো পৰীক্ষা দিব লাগিব নেকি বুলিও চৰকাৰক কটাক্ষ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : ১৭ টকা পাইছিল জুবিন গাৰ্গে, ভৰ দুপৰীয়া গান গাই শুনিছিল গালি : বন্ধুৰ মুখত জুবিন গাৰ্গৰ স্মৃতি

মুক্তিৰ বাবে সাজু জুবিন গাৰ্গৰ চিকাৰ

ওপৰৰজনক পাৰি কিন্তু সন্মুখৰজনক কোনোপধ্যে নোৱাৰি: প্ৰসংগ ‘উপেক্ষা’

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.