ETV Bharat / entertainment

জুবিন গাৰ্গ আৰু লু’ মাজাউক USTMৰ ফালৰ পৰা ডি-লিট সন্মান প্ৰদান - Zubeen Garg

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 10:55 PM IST

D Litt degrees to Zubeen Garg : শিল্পী জুবিন গাৰ্গক USTM কৰ্তৃপক্ষই প্ৰদান কৰে সন্মানীয় ডি-লিট সন্মান । USTM ত অনুষ্ঠিত হয় দশম সমাৱৰ্তন ৷ অনুষ্ঠানত এই বিশেষ সন্মান লাভ কৰি স্বাভাৱিকতে আনন্দিত হৈ পৰে শিল্পীগৰাকী ৷ জুবিনৰ লগতে মেঘালয়ৰ সংগীত শিল্পী লু’ মাজাউকো এই সন্মান আগবঢ়োৱা হয় ৷

USTM award honorary D Litt degrees to Zubeen Garg and Lou Majaw
জুবিন গাৰ্গক সন্মানীয় ডি-লিট প্ৰদান (Canva)

গুৱাহাটী, 27 আগষ্ট : আজিৰে পৰা জুবিন গাৰ্গ ‘‘ড৹ জুবিন গাৰ্গ’’ হ'ল ৷ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক মঙলবাৰে সন্মানীয় ডি-লিট প্ৰদান কৰা হয় । সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে USTM কৰ্তৃপক্ষই কণ্ঠশিল্পীগৰকীলৈ আগবঢ়াইছে এই বিশেষ সন্মান ।

জুবিন গাৰ্গ আৰু লু’ মাজাউক USTMৰ ফালৰ পৰা ডি-লিট সন্মান প্ৰদান (ETV Bharat Assam)

জুবিন গাৰ্গৰ লগতে এই সন্মান আগবঢ়োৱা হয় মেঘালয়ৰ সংগীত শিল্পী লু’ মাজাউলৈও । আজি USTM ত অনুষ্ঠিত হয় দশম সমাৱৰ্তন অনুষ্ঠান ৷ এই অনুষ্ঠানতে দুয়োগৰাকী শিল্পীলৈ এই সন্মান আগবঢ়োৱা হয় । মেঘালয়ৰ ৰাজ্যপাল চি এইচ বিজয়শংকৰে দুই শিল্পীক প্ৰদান কৰে ডি লিট সন্মান ।

USTM award honorary D Litt degrees to Zubeen Garg and Lou Majaw
জুবিন গাৰ্গ আৰু লু’ মাজাউক USTMৰ ফালৰ পৰা ডি-লিট সন্মান প্ৰদান (ETV Bharat Assam)

সন্মান গ্ৰহণ কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি জুবিনে কয়, "ভাল লাগিল । এনেয়ো মই ইয়ালৈ বহুবাৰ আহিছো । ইয়াত মই মিছন চাইনাৰ শ্বুটিং কৰিছো, গানৰ শ্বুটিং কৰিছো । গতিকে বিশ্ববিদ্যালয়খনৰ লগত এটা সমন্বয় আছে । এটা সুন্দৰ অনুষ্ঠান । অনুষ্ঠানত সমগ্ৰ ভাৰতবৰ্ষৰ পৰা বহু মানুহ আহিছে, সকলোকে লগ পালো । ধন্যবাদ জনাইছো মোক ডক্টৰেট দিছে । কাম কৰি যাম । নতুন ছবিও আহি আছে মোৰ ।"

দেশৰ বিভিন্ন প্ৰান্তৰ দহজনৰো অধিক উপাচাৰ্য, শিক্ষাবিদ, আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত আজি ইউনিভাৰ্ছিটি অফ চায়েঞ্চ এণ্ড টেকন'লজী মেঘালয়ৰ দশম সমাৱৰ্তন সফলভাৱে অনুষ্ঠিত হয় । অনুষ্ঠানত মুঠ ১,৬৩৯ জন ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰা হয় । ইয়াৰে ১৭ গৰাকীয়ে পি এইচ ডি ডিগ্ৰী, ৯০৬ গৰাকীয়ে স্নাতকোত্তৰ ডিগ্ৰী আৰু ৭১৬ গৰাকীয়ে স্নাতক ডিগ্ৰী লাভ কৰে ।

আজিৰে পৰা জুবিন গাৰ্গ ‘‘ড৹ জুবিন গাৰ্গ’’ হ'ল (ETV Bharat Assam)

এই সমাৱৰ্তন অনুষ্ঠানত সভাপতিত্ব কৰে ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকে । সমাৱৰ্তনৰ মূল ভাষণ প্ৰদান কৰে ইউ জি চিৰ প্ৰাক্তন অধ্যক্ষ অধ্যাপক বেদ প্ৰকাশে ।

লগতে পঢ়ক : USTM এ ডি লিট সন্মান ঘোষণাৰ পাছতে মাতৃক লৈ সামাজিক মাধ্যমত আবেগিক পোষ্ট জুবিন গাৰ্গৰ - Zubeen Garg

লগতে পঢ়ক : সংবিধানখনত যথেষ্ট সুৰুঙা আছে, সলনি কৰিব লাগে সংবিধানখন : জুবিন গাৰ্গ - Zubeen Garg

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.