চিটাৰা ডেস্ক, 9 জুলাই : ভাৰতীয় পপ আইকন ঊষা উথুপৰ স্বামী জনী চাকো উথুপৰ সোমবাৰে কলকাতাত মৃত্যু ঘটে ৷ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় তেওঁৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ । তেওঁৰ অন্তিম সংস্কাৰ আজি, জুলাই 9 তাৰিখে সম্পন্ন কৰা হ'ব । জনী চাকো উথুপৰ কলকাতাত মৃত্যু হোৱা বুলি পপ গায়িকা ঊষা উথুপৰ পৰিয়ালৰ লোকে নিশ্চিত কৰিছে ।
এখন বাতৰি কাকতৰ তথ্য অনুসৰি ঘৰত টিভি চাই থকাৰ সময়তে জনীয়ে অসুস্থ অনুভৱ কৰিছিল আৰু দ্ৰুতগতিত চিকিৎসাৰ বাবে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল ৷ কিন্তু দুৰ্ভাগ্যবশতঃ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰাৰ বাবে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ।
এটা আৱেগিক শ্ৰদ্ধাঞ্জলি শ্বেয়াৰ কৰে ঊষাৰ কন্যা অঞ্জলিয়ে ৷ তেওঁ লিখে, "আপ্পা...সোনকালে গুচি গ’ল...কিন্তু যিদৰে ষ্টাইলিছভাৱে জীয়াই আছিলা...পৃথিৱীৰ আটাইতকৈ ধুনীয়া মানুহ...আমি তোমাক ভাল পাওঁ❤️ এজন প্ৰকৃত ভদ্ৰলোক আৰু... লৰেন্সিয়ান টু দ্য কোৰ এণ্ড দ্য ফাইনেষ্ট টি টেষ্টাৰ❤️।"
চাহ বাগান উদ্যোগত কাম কৰা জনী আছিল ঊষা উথুপৰ দ্বিতীয় স্বামী । তেওঁলোকৰ প্ৰেমকাহিনী ১৯৭০ ৰ দশকৰ আৰম্ভণিতে ট্ৰিংকাচ নামৰ নাইট ক্লাবত আৰম্ভ হৈছিল । ছানী নামৰ তেওঁলোক দুয়োৰে এটি পুত্ৰ সন্তান আছে ৷ জনীৰ অন্তিম সৎকাৰ ৯ জুলাই, মঙলবাৰে অনুষ্ঠিত হ'ব ।
লগতে পঢ়ক : অনন্যাৰ গাত আজি তৎ নাই, পৰিয়ালত বাঢ়িল সদস্যৰ সংখ্যা - Ananya Panday nephew