ETV Bharat / entertainment

বেহু ভেদ কৰি ওলাই আহিব আজিৰ অভিমন্যু - ABHIMANYU ASSAMESE FILM

অভিনেতা দেৱজিৎ মজুমদাৰে ক’লে চক্ৰবেহু ভাঙি ওলাই আহিব জানে আজি সময়ৰ অভিমন্যুৱে  ৷ অভিমন্যু- এখন নতুন অসমীয়া চিনেমা য’ত অভিনয় কৰিছে ৰাছিয়াৰ শিল্পীয়ে ৷

upcoming assamese movie abhimanyu team held a press meet at jorhat press club
নতুন অসমীয়া চিনেমা অভিমন্যু (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Nov 6, 2024, 11:43 AM IST

যোৰহাট : ৰাছিয়ান শিল্পীৰ অভিনয়েৰে অসমীয়া ছবিজগতত জোৱাৰ আনিবলৈ সাজু হৈছে নতুন অসমীয়া চিনেমা অভিমন্যু ৷ শ্বৱনমচ্ এন্টাৰটেইনমেন্টৰ বেনাৰত মতলেবুদ্দিন আহমেদৰ প্ৰযোজনা আৰু অচিন্ত শংকৰ কাহিনী আৰু পৰিচালনাত নিৰ্মিত হৈছে নতুন অসমীয়া ছবি ‘অভিমন্যু’ ৷ ৰোমাঞ্চ, এক্সন, থ্ৰীল আদি সকলো উপাদানেৰে সমৃদ্ধ পৰিয়ালৰ সকলোৱে একেলগে উপভোগ কৰিব পৰা ছবি অভিমন্যু ১৫ নৱেম্বৰত অসমৰ সকলো ছবিগৃহতে মুক্তি দিয়া হ’ব ৷

অভিমন্যু চিনেমাখনৰ দলটোৱে কালি যোৰহাট প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰে । এই নতুন অসমীয়া ছবিখনৰ এটা বিশেষ চৰিত্ৰত অভিনয় কৰা দেৱজিৎ মজুমদাৰে কয়, “মহাভাৰতত অভিমন্যুৱে চক্ৰবেহু ভাঙি ওলাই আহিব নোৱাৰি মৃত্যু বৰণ কৰিছিল, কিন্তু এই অভিমন্যুৱে ৰাইজৰ সহায় সহযোগিতা আৰু আৰ্শীবাদ পালে চক্ৰবেহু ভাঙি ওলাই আহিব পাৰিব, কাৰণ এইয়া হৈছে আজিৰ দিনৰ অভিমন্যু ৷”

কলা-কুশলীৰ মন্তব্য (ETV Bharat Assam)

ইতিমধ্যে ৰাইজে অভিমন্যুৰ প্ৰতি যোগাত্মক সঁহাৰি প্ৰদান কৰিছে ৷ ছবিখনৰ ট্ৰেইলাৰ আৰু মুক্তি পোৱা গীতে ৰাইজৰ সমাদৰ লাভ কৰিছে ৷ উক্ত চিনেমাখনৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যতো শ্বুটিঙ চলিছিল বুলি মজুমদাৰে জানিবলৈ দিয়ে ।

আনহাতে চিনেমাখনত ৰাজহ চক্ৰ বিষয়াৰ ৰূপত অভিনয় কৰা শ্ৰেয়া বৰঠাকুৰে কয় যে চিনেমাখনত সকলো তাৰকাই যথেষ্ট সা-সুবিধাৰ মাজেৰে কাম কৰাৰ সুযোগ পাইছিল ৷ চিকিৎসাৰ সা-সুবিধাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে তেওঁলোকক যথেষ্ট সুবিধা প্ৰদান কৰিছিল প্ৰযোজকে । চিনেমাখন অসমবাসী ৰাইজে আঁকোৱালি ল’ব বুলি আশাবাদী টীম অভিমন্যু ।

উল্লেখ্য যে, অভিমন্যু চিনেমাখনৰ এটি গীতত লিজা নামৰ এগৰাকী ৰাছিয়ান শিল্পীয়ে অভিনয় কৰিছে ৷ অভিমন্যুৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা কমল লোচন আৰু জনপ্ৰিয় কণ্ঠশিল্পী দীপলীনা ডেকাই । তেওঁলোকৰ লগতে ছবিখনত অভিনয় কৰিছে বিশিষ্ট অভিনেতা দেৱজিৎ মজুমদাৰ, হিৰণ্য ডেকা, ৰিম্পী দাস, ভাগৱত প্ৰীতম, ৰাজীৱ গোস্বামী, হিমাংশু প্ৰসাদ দাস, চাংকু নিৰঞ্জন নাথ, জলি লস্কৰ, অসীম কৃষ্ণ বৰা, শ্ৰেয়া বৰঠাকুৰ, কৌশিক নাথকে ধৰি বহু ন-পুৰণি কলা-কুশলীয়ে ৷

ছবিখনৰ সংগীত কৰিছে দিগন্ত ভাৰতী, অৰূপজ্যোতি বৰুৱা আৰু ৰাজদ্বীপে । গীতৰ কথা লিখিছে দিগন্ত ভাৰতী, অৰূপজ্যোতি বৰুৱা, ৰাজদ্বীপ আৰু ৰাহুল গৌতম শৰ্মাই ৷ ছবিখনৰ একশ্যনৰ কাম কৰিছে দক্ষিণৰ এটা দলে । ছবিখনৰ চিত্ৰনাট্য তথা সংলাপ হিমাংশু নাথৰ । প্ৰদীপ দৈমাৰীৰ দৃশ্যগ্ৰহণেৰে নিৰ্মিত ছবিখনৰ ছাউণ্ডৰ কামত আছে অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমায়ে । কৰিঅ’গ্ৰাফাৰ হিচাপে আছে দীপক দে’ ৷

লগতে পঢ়ক : ‘সিংঘম’ আৰু ‘ভুল ভুলইয়া ৩’ ৰ বাবে দৰ্শক কমিব নেকি ‘অভিমন্যু’ ৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.