ETV Bharat / entertainment

উড়ান খ্যাত অভিনেত্ৰী কবিতা চৌধুৰী আৰু নাই

Kavita Chaudhary Died: ‘উড়ান’ খ্যাত অভিনেত্ৰী কবিতা চৌধুৰীৰ দেহাৱসান ৷ ৬৭ বছৰ বয়সত মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ ৷

author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 1:45 PM IST

Udaan actor Kavita Chaudhary passed away at 67
কবিতা চৌধুৰীৰ মৃত্যু

চিটাৰা ডেস্ক, ১৬ ফেব্ৰুৱাৰী: ‘উড়ান’ খ্যাত অভিনেত্ৰী কবিতা চৌধুৰী আৰু নাই ৷ দূৰদৰ্শনৰ অতি জনপ্ৰিয় ধাৰাবাহিক ‘উড়ান’ত আই পি এছ বিষয়া কল্যাণী সিঙৰ চৰিত্ৰত অভিনয় কৰি কবিতাই অপৰিসীম জনপ্ৰিয়তা লাভ কৰিছিল । জানিব পৰা মতে হাৰ্ট এটাকৰ ফলত মৃত্যুক আকোৱালি লৈছে অভিনেত্ৰীগৰাকীয়ে । মৃত্যুৰ সময়তে তেওঁৰ বয়স আছিল ৬৭ বছৰ । অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ পিচতে এতিয়া অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ।

বৃহস্পতিবাৰে নিশা কবিতা চৌধুৰীৰ মৃত্যু হয়

নেশ্যনেল স্কুল অৱ ড্ৰামাত কবিতা চৌধুৰীৰ বেচমেট হিচাপে পৰিগণিত হোৱা অভিনেতা আনং দেশায়ে সংবাদ মাধ্যমক দিয়া তথ্য অনুসৰি যোৱা নিশা কবিতা চৌধুৰীৰ মৃত্যু হৈছে । কবিতা চৌধুৰীৰ ভতিজা অজয় ​​সয়ালে সংবাদ মাধ্যমক জনোৱা মতে, বিগত তিনি-চাৰি দিন ধৰি অমৃতসৰৰ পাৰ্বতী দেৱী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল অভিনেত্ৰীগৰাকী । কিন্তু যোৱা নিশা ৮.৩০ বজাত চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে কবিতাই ।

উল্লেখ্য যে, কবিতা চৌধুৰী যোৱা কেইবছৰমানৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল । কবিতাৰ ভতিজা অজয় ​​সয়ালে কয় যে কবিতা চৌধুৰীৰ অন্ত্যেষ্টিক্ৰিয়া অমৃতসৰত কৰা হ’ব ।

‘উড়ান’ৰ পৰা খ্যাতি লাভ কৰিছিল কবিতা চৌধুৰীয়ে

১৯৮৯ চনত দূৰদৰ্শনত ‘উড়ান’ টেলিকাষ্ট হৈছিল আৰু কবিতাই এই ধাৰাবাহিকখনত আই পি এছ বিষয়া কল্যাণী সিঙৰ চৰিত্ৰত অভিনয় কৰিছিল । তেওঁ এই ধাৰাবাহিখনত অভিনয় কৰাই নহয়,​ পৰিচালনাও কৰিছিল । কিৰণ বেদীৰ পিচত দ্বিতীয়জন আই পি এছ বিষয়া হিচাপে পৰিগণিত হোৱা ভগ্নী কাঞ্চন চৌধুৰী ভট্টাচাৰ্যৰ জীৱনৰ ওপৰত আধাৰিত এই আছিল এই ধাৰাবাহিকখন ।

সেই সময়ত ছবি আৰু টেলিভিশ্যনত মহিলা আই পি এছ বিষয়াৰ বিশেষ প্ৰতিনিধিত্ব নথকাৰ বাবে কবিতাই তেওঁৰ শ্ব’ উড়ানৰ জৰিয়তে মহিলা সবলীকৰণৰ নিদৰ্শন হৈ পৰিছিল । পিচলৈ কেৰিয়াৰত কবিতাই ‘ইউয়াৰ অনাৰ’ আৰু ‘আই পি এছ ডায়েৰীছ’ৰ দৰে শ্ব’ প্ৰযোজনা কৰিছিল ।

আশী আৰু নব্বৈৰ দশকত চাৰ্ফ এডত ললিতাজীৰ চৰিত্ৰত অভিনয় কৰাৰ বাবেও কবিতা পৰিচিত আছিল । বিজ্ঞাপনত তেওঁ এগৰাকী জ্ঞানী গৃহিণীৰ চৰিত্ৰত অভিনয় কৰিছিল, যিয়ে নিজৰ ধন খৰচ কৰাৰ সময়ত সদায় সঠিক বাছনি কৰে ।

লগতে পঢ়ক: চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ মল্লিকা ৰাজপুতৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.