সৰুপথাৰ, 13 ছেপ্টেম্বৰ : স্বপ্নভিলাষী এজনী ছোৱালী, নাম টিনা লাহন ৷ সৰুপথাৰৰ টিনাই খোজ দিছে ৰেম্পত ৷ মডেলিং জগতত এয়া টিনাৰ প্ৰথম খোজ ৷ সেই প্ৰথম খোজতেই সফলতা লাভ কৰিলে টিনাই ৷ টিনাৰ এই সফলতাত সুখী হৈ পৰিছে পৰিয়ালৰ সদস্য, ওচৰ চুবুৰীয়াৰ লগতে অসমবাসী ৷
টিনা লাহনৰ শিৰত জিলিকিল টিন গ্ৰেণ্ড উইনাৰ মুকুট (Teen Grand Winner)। গোৱাত অনুষ্ঠিত হোৱা ফেশ্বন ষ্টাৰ অফ ইণ্ডিয়া (Fashion Star of India) 2024-25 ত সৰুপথাৰৰ টিনা লাহনে টিন গ্ৰেণ্ড উইনাৰ মুকুট পাবলৈ সক্ষম হৈছে । 11-12 ছেপ্টেম্বৰত গোৱাত অনুষ্ঠিত ফেশ্বন ষ্টাৰ অফ ইণ্ডিয়াত অংশগ্ৰহণ কৰিছিল সৰুপথাৰৰ টিনা লাহনে ।
উল্লেখ্য যে, চলিত বৰ্ষৰ জুন-জুলাই মাহত অনুষ্ঠিত মডেলিং প্ৰতিযোগিতাত সৰুপথাৰৰ টেঙাহোলা গাঁৱৰ টিনা লাহনে লাভ কৰিছিল প্ৰথম ৰানাৰ্ছ আপৰ মুকুট । সৰুপথাৰৰ টেঙাহোলা গোঁহাই গাঁৱৰ নিবাসী ৰূপম লাহন আৰু টনিমা লাহনৰ কন্যা টিনা লাহনে গুৱাহাটীত অনুষ্ঠিত হোৱা ‘স্পাৰ্ক মিছ টিন আছাম-2024’ মডেলিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।
![tina lahon from assam sarupathar wins first runner up Teen grand winner at Fashion star of India held in goa](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-09-2024/teengrandwinnerfashionstarofindia_13092024083628_1309f_1726196788_885.jpg)
সৰুপথাৰৰ ডনবস্ক’ হাইস্কুলৰ নৱম শ্ৰেণীত পঢ়ি থকা টিনা লাহনে মডেলিঙৰ ক্ষেত্ৰত নিজা প্ৰচেষ্টা আৰু পিতৃ-মাতৃৰ আশীৰ্বাদত আগবাঢ়ি গৈছে বুলি সাংবাদিকৰ আগত উল্লেখ কৰে । মডেলিঙৰ জগতত ভৰি দিয়েই টিনাই প্ৰথম ৰানাৰ্ছ আপ হ'বলৈ সক্ষম হোৱাত সকলো আনন্দিত হৈ পৰিছিল ।
![tina lahon from assam sarupathar wins first runner up Teen grand winner at Fashion star of India held in goa](https://etvbharatimages.akamaized.net/etvbharat/prod-images/24-09-2024/teengrandwinnerfashionstarofindia_13092024083628_1309f_1726196788_607.jpg)
শেহতীয়াকৈ গোৱাত অনুষ্ঠিত হোৱা ফেশ্বন ষ্টাৰ অফ ইণ্ডিয়াত টিনা লাহনে টিন গ্ৰেণ্ড উইনাৰ মুকুট পাবলৈ সক্ষম হৈছে । কোনোধৰণৰ প্ৰশিক্ষণ নোহোৱাকৈ নিজা প্ৰচেষ্টাৰে আগুৱাই গৈছে টিনা লাহনে ।
লগতে পঢ়ক : ভইচ টেষ্টলৈ মাতি কিয় একেদিনাই কৰা হৈছিল 'ৰত্নাকৰ'ৰ গীতৰ ৰেকৰ্ডিং - Artist Harshita Bhattacharjya