ETV Bharat / entertainment

দেশ-ৰাজ্যক প্ৰতিনিধিত্ব কৰাৰ সপোন পূৰণৰ দিশে তিনি যুৱক - hip hop dancers from Assam

author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 5:42 PM IST

Hip hop dancers from Assam : আগন্তুক 5 ৰ পৰা 10 আগষ্টলৈ আমেৰিকাৰ হেৰিযনা গ্ৰেণ্ড ৰিজৰ্টত অনুষ্ঠিত হ’ব লগা World Hip-Pop Dance Championship 2024 প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ গৈয়ো চৰকাৰী পক্ষৰ চূড়ান্ত উদাসীনতাৰ সন্মুখীন হৈছে ৰাজ্যৰ তিনি প্ৰখ্যাত নৃত্য শিল্পী । ৰাজ্য আৰু কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ে সহযোগিতা আগবঢ়াব নে এইসকল নৃত্যশিল্পীক ?

three-hip-hop-dancers-from-assam-will-fly-to-usa-to-participate-in-world-hip-pop-dance-championship-2024
তিনি প্ৰখ্যাত নৃত্য শিল্পী (ETV Bharat Assam)

মৰিগাঁও, 22 জুলাই : পশ্চিমীয়া দেশৰ অন্যতম জনপ্ৰিয় হিপ হপ নৃত্য কৰিবলৈ আমেৰিকালৈ উৰা মাৰিব অসমৰ তিনিজনীয়া নৃত্যশিল্পীৰ এটা দল । বিশ্বৰ নৃত্য ক্ষেত্ৰখনত আছে বহুকেইটা নৃত্যশৈলী । ইয়াৰে অন্যতম জনপ্ৰিয় শৈলী এটা হৈছে Hip hop নৃত্য । পশ্চিমীয়া দেশসমূহত এই নৃত্য শৈলী খুবেই জনপ্ৰিয় । প্ৰথমবাৰৰ বাবে এই নৃত্য কৰিবলৈ আমেৰিকালৈ উৰা মাৰিব ধেমাজিৰ অভিষেশ মাহাতো, মৰিগাঁৱৰ ভৱজিৎ মেধি আৰু গুৱাহাটীৰ চন্দন নাথে ।

দেশ-ৰাজ্যক প্ৰতিনিধিত্ব কৰাৰ সপোন পূৰণৰ দিশে তিনি যুৱক (ETV Bharat Assam)

আমেৰিকাত অনুষ্ঠিত হোৱা World Hip Hip dance championship 2024 ত অংশগ্ৰহণ কৰাৰ দীৰ্ঘদিনীয়া সপোন পুহি ৰাখিছিল অসমৰ এই তিনিজনীয়া নৃত্যশিল্পীৰ দলটোৱে ৷ বিশ্বৰ আটাইতকৈ উচ্চ পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰিব বিচাৰিছিল তেওঁলোকে । কিয়নো বিশ্ববিখ্যাত এই প্ৰতিযোগিতাত বিশ্বৰ প্ৰায় 4 ৰ পৰা 5 হাজাৰ প্ৰতিযোগীয়ে ভাগ লৈ নিজ নিজ দেশক প্ৰতিনিধিত্ব কৰে । উৎকৃষ্ট নৃত্য প্ৰদৰ্শন কৰি আঁজুৰি আনে খিতাপ । সকলো নৃত্যশিল্পীৰ সপোনৰ এই প্ৰতিযোগিতালৈ দেশৰ হৈ এইবেলি প্ৰতিনিধিত্ব কৰিবলৈ কঁকালত টঙালি বান্ধিছে ৰাজ্যৰ তিনি নৃত্যশিল্পীয়ে ।

ভাৰতক প্ৰতিনিধিত্ব কৰিবলগীয়া তিনি নৃত্যশিল্পীৰ ভাষ্য মতে আমেৰিকাত অনুষ্ঠিত হোৱাৰ এই উচ্চ পৰ্যায়ৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত হ’বলৈ বিগত ন-দহ বছৰে কষ্ট কৰিব লগীয়া হৈছে তেওঁলোকে । সোমবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁলোকে কয় যে এই বিশ্ব চেম্পিয়নশ্বিপত ভাগ ল’বলৈ তিনি শিল্পীয়ে খৰচ কৰিব লগা হৈছে 15 ৰ পৰা 17 লাখ টকা । আনহাতে আমেৰিকাতো বহু খৰচ কৰিবলগীয় হ’ব প্ৰতিযোগিতাৰ সময়ছোৱাত । সেয়েহে তেওঁলোকে চৰকাৰৰ পৰা আৰ্থিকভাৱে সহায় বিচাৰিছে ৷

লগতে পঢ়ক : নতুন অসমীয়া ছবি "সুন্দৰপুৰ কেঅ’ছ" ৰ পৰিচালকে ক’লে এডজাষ্ট কৰাৰ কথা... - assamese film Sundarpur Chaos

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.