ETV Bharat / entertainment

সংসদত স্বামীৰ নামেৰে সম্বোধন কৰাটো নতুন নাটক বুলি ক’লে জয়া বচ্চনে - Jaya Amitabh Bachchan controversy

Jaya Bachchan name controversy: ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখাৰে স্বামী অমিতাভৰ নাম মধ্যনাম হিচাপে লৈ জয়াক সম্বোধন কৰাৰ লগে লগে পুনৰ ‘জয়া অমিতাভ বচ্চন’ নাম বিতৰ্কৰ আৰম্ভণি হয় । এইদৰে নাম সম্বোধন কৰাৰ লগে লগে দুয়োৰে মাজত কিছু কথাৰ আদান-প্ৰদান হয়, য’ত জয়াই ইয়াক শেহতীয়াকৈ আৰম্ভ হোৱা নাটক বুলি উল্লেখ কৰে ।

author img

By ETV Bharat Entertainment Team

Published : Aug 6, 2024, 12:50 PM IST

'This Drama You Have Started New': Jaya 'Amitabh' Bachchan Reignites Name Row in Parliament
জয়া বচ্চনৰ নাম বিতৰ্ক (ANI)

চিটাৰা ডেস্ক, 6 আগষ্ট : শেহতীয়া সংসদীয় অধিৱেশনত ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখাৰৰ সৈতে বাৰ্তালাপ কৰি পুনৰবাৰ ‘জয়া অমিতাভ বচ্চন’ নাম বিতৰ্ক মুকলি কৰে অভিনেত্ৰী তথা সমাজবাদী পাৰ্টীৰ সাংসদ জয়া বচ্চনে । এক আলোচনাৰ সময়ত এই ঘটনা সংঘটিত হয় য’ত অধ্যক্ষ ধনখাৰে চৰকাৰী ৰেকৰ্ড অনুসৰি তেওঁক জয়া অমিতাভ বচ্চন বুলি সম্বোধন কৰে । স্বামী অমিতাভৰ নাম বাৰে বাৰে উল্লেখ কৰাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জয়াই মন্তব্য কৰে যে ই এক নাটক, যিটো আগতে নাছিল ।

দুয়োপক্ষৰে মতৰ আদান-প্ৰদান আৰু অধিক হয় যেতিয়া অধ্যক্ষ ধনখাৰে তেওঁক আনুষ্ঠানিকভাৱে নাম সলনি কৰাৰ পৰামৰ্শ দিয়ে, যাৰ উত্তৰত জয়াই স্বামী তথা বলীউডৰ আইকন অমিতাভ বচ্চনৰ নামক লৈ গৌৰৱ কৰে বুলি জনায় । "নাই ছাৰ, মই বৰ গৌৰৱান্বিত, মই মোৰ নাম আৰু মোৰ স্বামী আৰু তেওঁৰ কৃতিত্বৰ লৈ গৌৰাৱান্বিত । এই নাটকখন আপুনি নতুনকৈ আৰম্ভ কৰিছে, এইখন আগতে নাছিল ৷" তেওঁ ক'লে ।

29 জুলাইত চৰকাৰী তথ্য অনুসৰি উপাধ্যক্ষ হৰিবংশই তেওঁৰ সম্পূৰ্ণ নাম (জয়া অমিতাভ বচ্চন) লোৱাৰ পিচত জয়াই অসন্তুষ্টি প্ৰকাশ কৰে ৷ জয়াই বেয়া পোৱাৰ পিচতে এই সকলোবোৰ আৰম্ভ হয় । নিজৰ অসন্তুষ্টি দেখুৱাই অভিনেত্ৰীৰ পৰা ৰাজনীতিবিদ হোৱা জয়াই এইদৰে কয়, "এইটো কিবা নতুন কথা, যে মহিলাসকলক তেওঁলোকৰ স্বামীৰ নামেৰে স্বীকৃতি দিয়া হ'ব যেন তেওঁলোকৰ নিজৰ কোনো অস্তিত্ব বা সফলতা নাই ।"

জয়া ভাদুৰী হিচাপে জন্মগ্ৰহণ কৰা জয়াই 1973 চনৰ 3 জুনত মেগাষ্টাৰ অমিতাভ বচ্চনক বিয়া কৰায় । চিনেমা আৰু ৰাজনীতিৰ ক্ষেত্ৰত জয়াৰ কেৰিয়াৰে তেওঁক মহিলাৰ অধিকাৰ আৰু সামাজিক সমস্যাৰ বাবে ওকালতি কৰা এগৰাকী বিশিষ্ট ব্যক্তি হিচাপে চিহ্নিত কৰিছে ।

তেওঁৰ শেহতীয়া মন্তব্যই সামাজিক নিয়ম আৰু ৰাজহুৱা আৰু ব্যক্তিগত ক্ষেত্ৰত মহিলাৰ প্ৰতিনিধিত্বৰ ওপৰত এক বিস্তৃত বিতৰ্কৰ সৃষ্টি কৰিছে । অভিনেত্ৰীগৰাকীয়ে জঞ্জীৰ, শ্বোলে আৰু কভি খুশী কভি গমৰ দৰে আইকনিক চলচ্চিত্ৰত তেওঁৰ স্বামীৰ সৈতে সুন্দৰ অভিনয় কৰিছিল ৷ জয়াৰ প্ৰভাৱ অনস্ক্ৰীণ আৰু অফস্ক্ৰীণ দুয়োটাতে দেখিবলৈ পোৱা যায় ।

লগতে পঢ়ক : ৰাম গোপাল বাৰ্মাৰ ভাষাত পৌৰাণিক চলচ্চিত্ৰসমূহক 'বিপজ্জনক' - Ram Gopal Varma mythological films

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.