ETV Bharat / entertainment

উদুলি-মুদুলি নলবাৰীৰ আখৰাগৃহ : নাট মেলিলে বৰদৈচিলা থিয়েটাৰে - MOBILE THEATRE OF ASSAM - MOBILE THEATRE OF ASSAM

Nalbari Bordoishila Theatre : ২৭ সংখ্যক নাট্যবৰ্ষৰ নতুন উদ্যম-নতুন পৰিকল্পনাৰে শুভাৰম্ভ হ’ল বৰদৈচিলা থিয়েটাৰৰ আখৰা । নলবাৰীৰ পূৱ বনগাঁওস্থিত আখৰা গৃহত নিশা শুভ উদ্বোধন কৰা হয় বৰদৈচিলাৰ এইবৰ্ষৰ ভিন্নৰসী তিনিখন নাটকৰ ৷

Nalbari Bordoishila Theatre Drama Rehursult Inauguration , as10049 , Visual
আখৰাৰ শুভাৰম্ভ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 5:50 PM IST

নলবাৰী, ২০ জুলাই : মুকলিমুৰীয়া পৰিৱেশত পুনৰ ন উদ্যমেৰে ২০২৪-২৫ নাট্যবৰ্ষৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি সম্পন্ন কৰি আখৰাৰ বাবে সাজু হৈ উঠিছে নলবাৰীৰ বৰদৈচিলা থিয়েটাৰ । অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল বৰদৈচিলা থিয়েটাৰ পুনৰ সাজু হৈছে দৰ্শকক মনোৰঞ্জন দিবলৈ । শুকুৰবাৰে নিশা নলবাৰী জিলাৰ পূৱ বনগাঁওস্থিত বৰদৈচিলা থিয়েটাৰৰ স্থায়ী আখৰা শিবিৰত আৰম্ভ হ'ল বৰদৈচিলা থিয়েটাৰৰ ২৭ সংখ্যক নাট্যবৰ্ষৰ নাট্য যাত্ৰা ।

কলা-কুশলী আৰু প্ৰযোজক আশাবাদী তিনিওখন নাটকক লৈ (ETV Bharat Assam)

নজৰুল ইছলাম প্ৰযোজিত বৰদৈচিলা থিয়েটাৰৰ শুকুৰবাৰে শুভ মহুৰত কৰা হয় । পূৱ বনগাঁৱত থকা স্থায়ী আখৰা শিবিৰত ফিটা কাটি আখৰা শিবিৰ মুকলি কৰে সাংস্কৃতিক কৰ্মী তথা নাট্যকাৰ সতীশ দাসে আৰু নাৰিকল ভাঙি থিয়েটাৰখনৰ আনুষ্ঠানিকভাৱে শুভ মহুৰত কৰে বিশিষ্ট নাট্যকাৰ শ্যামসূন্দৰ জালানে । গ্লেমাৰ শিল্পীৰ পৰিৱৰ্তে মঞ্চ জগতৰেই ন-পুৰণি শিল্পীৰ সমাহাৰেৰে আখৰাৰ বাবে সাজু হৈ উঠিছে বৰদৈচিলা থিয়েটাৰ ।

এইবেলি বলিষ্ঠ অভিনেতা মৃদুল বৰুৱা, দিপাংকৰ প্ৰতীম, গুণীন শৰ্মা, পংকজ বৰা, মোহময়ী অভিনেত্ৰী পল্লৱী ফুকন, হিমানী কলিতাকে ধৰি মঞ্চ জগতৰ ন-পুৰণি কেবাজনো অভিনেতা-অভিনেত্ৰী সাজু হৈছে বৰদৈচিলাৰ মঞ্চ কঁপাবলৈ । তিনিজনকৈ জনপ্ৰিয় নাট্যকাৰৰ তিনিখন নাটক প্ৰদৰ্শন কৰা হ'ব বৰদৈচিলাৰ ৰংগমঞ্চত । নাট্যকাৰ সতীশ দাসৰ “গংগাৰ পানী মক্কাৰ মাটি”, নৱৰত্ন পাটোৱাৰীৰ “সীতাৰ সংসাৰ” আৰু অভিজিৎ ভট্টাচার্যৰ “অঘৰী ছোৱালীৰ প্ৰেম” নাট তিনিখন মঞ্চস্থ হ’ব বৰদৈচিলা থিয়েটাৰৰ মঞ্চত । এই তিনিখন সামাজিক নাটক লৈ আখৰাৰ বাবে সাজু হৈ উঠিছে বৰদৈচিলা থিয়েটাৰ পৰিয়াল । তিনিওখন নাটক ৰাইজে আঁকোৱালি ল’ব বুলি আশাবাদী প্ৰযোজক নজৰুল ইছলামসহ থিয়েটাৰ পৰিয়ালবৰ্গ ।

লগতে পঢ়ক : ন-উদ্যমৰে ২০২৪-২৫ নাট্যবৰ্ষৰ আখৰা আৰম্ভ থিয়েটাৰ ভাগ্যদেৱীৰ - Theatre Bhagyadevi

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.