ETV Bharat / entertainment

অষ্টবিংশতিতম নটসূর্য নাট সমাৰোহৰ আজিৰ নাট ‘অহম্ শকুনি’ - NATASURYA NAAT SAMAROH

অষ্টবিংশতিতম নটসূর্য নাট সমাৰোহৰ আজি দ্বিতীয় দিন । দ্বিতীয় দিনা মঞ্চস্থ কৰা হ’ব নাট ‘অহম্ শকুনি’।

NATASURYA NAAT SAMAROH
নাট ‘অহম্ শকুনি’ (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Dec 3, 2024, 5:31 PM IST

গুৱাহাটী : পাঁচদিনীয়া কাৰ্যসূচীৰে সোমবাৰৰ পৰা আৰম্ভ হৈছে ‘অষ্টবিংশতিতম নটসূর্য’ নাট সমাৰোহ । নটসূর্য সোঁৱৰণী উদযাপন সমিতিৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ২ ডিচেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্রীশ্রী মাধবদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অনুষ্ঠিত হৈছে এই সমাৰোহ ।

আজি দ্বিতীয় দিনা মঞ্চস্থ হ’ব হবিসমি ক্রিয়েশ্যন যোৰহাটৰ প্রযোজনাত ৰূপ কুমাৰ বৰাৰ ৰচনা আৰু গুণাকৰ দেৱগোস্বামীৰ পৰিচালনাৰে নাট ‘অহম্ শকুনি’ । সন্ধিয়া ৫-৪৫ বজাত মঞ্চস্থ হ’ব এই নাটখন । অভিনেতা তথা নটসূর্যৰ সদস্য চিন্ময় ভট্টাচার্যৰ সোঁৱৰণত উৎসর্গিত এই নাট্য সন্ধিয়াটো উদ্বোধন কৰিব বিশিষ্ট অভিনেত্রী মৃদুলা বৰুৱাই ।

আনহাতে ৪ ডিচেম্বৰত মঞ্চস্থ হ’ব ৰংমহল নগাঁৱৰ প্রযোজনাত নাট্যকাৰ গৌতম শইকীয়া ৰচিত আৰু বিদ্যুৎ কুমাৰ নাথ পৰিচালিত নাটক ‘আধা অঁকা ছবি’ । সন্ধিয়া ৫-৩০ বজাত মঞ্চস্থ হ’ব নাটখন । বিখ্যাত সংগীতজ্ঞ ভূপেন উজীৰৰ সোঁৱৰণত উৎসর্গিত হ’বলগীয়া এই নাট্য সন্ধিয়াটো উদ্বোধন কৰিব যশস্বী ভাস্কর্য শিল্পী বীৰেন সিংহই ।

একেদিনাই বিশিষ্ট সাংবাদিক আৰু বুদ্ধিজীৱী হাইদৰ হুছেইনক নটসূর্যৰ তৰফৰ পৰা সম্বর্ধনা জ্ঞাপন কৰা হ’ব । লগতে ৫ ডিচেম্বৰৰ সন্ধিয়া মঞ্চস্থ কৰা হ’ব দুখনকৈ নাট । সন্ধিয়া ৫-৪৫ বজাত মঞ্চস্থ হ’ব ‘নটসূর্য’ৰ প্রযোজনাত নাট্যকাৰ অভিজিৎ ৰঞ্জন ভট্টাচার্য ৰচিত আৰু মন্মথ বৰুৱা পৰিচালিত নাটক ‘হালধীয়া মানুহ’ আৰু সন্ধিয়া ৭-১৫ বজাত মঞ্চস্থ হ’ব অসম জাতীয় বিদ্যালয়, নুনমাটিৰ প্রযোজনা আৰু অসীম কৃষ্ণ বৰুৱাৰ ৰচনা আৰু পৰিচালনাৰে নাটক ‘গুৰুকুল’ । বিশিষ্ট আলোক শিল্পী অচ্যুৎ কুমাৰ বিষয়াৰ সোঁৱৰণত উৎসর্গিত হ’বলগীয়া এই নাট্য সন্ধিয়াটো উদ্বোধন কৰিব শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ সচিব সুদর্শন ঠাকুৰে ।

৬ ডিচেম্বৰৰ সন্ধিয়া মঞ্চস্থ হ’ব একজুটে টেলেন্ট ফৰাম, মুম্বাইৰ প্ৰযোজনা আৰু জুহি বাব্বৰ ছ'নিৰ ৰচনা আৰু পৰিচালনাৰে উইথ লৱ আপকী ছৈয়াৰা । বিশিষ্ট নাট্যকাৰ, পৰিচালক তথা সু-অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যৰ সোঁৱৰণত উৎসর্গিত হ’ব এই নাট্য সন্ধিয়াটি ৷ প্রথম দর্শনী আৰু দ্বিতীয় দর্শনী দুয়োটা দৰ্শনীতে প্ৰদৰ্শন কৰা হ’ব নাটখন ।

৬ ডিচেম্বৰৰ সন্ধিয়াৰ বাবে বুক মাই শ্ব’ৰ যোগেদি অথবা আয়োজকৰ (৯৮৬৪০২১৭৪৫, ৯১৭০০২৬১৩৬, ৯৯৫৭৬২৬৫১৩, ৯৮৬৪০৮৪৩২৬, ৯৮৬৪০৪১৬৪৫) ফোন নম্বৰত যোগাযোগ কৰি প্রবেশ পত্র সংগ্ৰহ কৰিব পাৰিব । আনহাতে অন্য দিনেকইটাত বিনামূলীয়াকৈ দৰ্শকে উপভোগ কৰিব পাৰিব নাটক । অন্তিম দিনাৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ, পর্যটন বিভাগ ইত্যাদিৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱা, অইল ইণ্ডিয়া লিমিটেডৰ মানৱ সম্পদ বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক অৰুণজ্যোতি বৰুৱা ।

লগতে পঢ়ক : কলাক্ষেত্ৰত পাঁচদিনীয়া কাৰ্যসূচীৰে নটসূর্য নাট সমাৰোহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.