ETV Bharat / entertainment

BVFF ত দক্ষিণৰ অভিনেত্ৰী ঐশ্বৰ্য লক্ষ্মীৰ ভাষ্য ‘‘আমি ভৌগলিকভাৱেহে দূৰ’’ - AISHWARYA LEKSHMI AT BVFF

ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ দক্ষিণৰ অভিনেত্ৰী ঐশ্বৰ্য লক্ষ্মীৰ । মহোৎসৱত এক আন্তৰিক বাৰ্তালাপ অনুষ্ঠানত ভাগ লয় অভিনেত্ৰীগৰাকীয়ে ৷ ক’লে অসমৰ চিনেমাত....

South Actor Aishwarya Lekshmi attends brahmaputra valley film festival in guwahati
অভিনেত্ৰী ঐশ্বৰ্য লক্ষ্মী (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Dec 7, 2024, 11:39 AM IST

গুৱাহাটী : অসমত উপস্থিত দক্ষিণৰ অভিনেত্ৰী ঐশ্বৰ্য লক্ষ্মী । মালয়ালম আৰু তামিল চলচ্চিত্ৰ জগতৰ অভিনেত্ৰীগৰাকী বৰ্তমান চলি থকা নৱম সংখ্যাক ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱত অংশ ল’বলৈ গুৱাহাটীত উপস্থিত হয় । মহানগৰীৰ জ্যোতিচিত্ৰবনত এই চলচ্চিত্ৰ মহোৎসৱ চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে ৷

মহোৎসৱত এক মত বিনিময় অনুষ্ঠানত অংশ লয় অভিনেত্ৰীগৰাকীয়ে । উক্ত অনুষ্ঠানতে ই টিভি ভাৰতৰ সাংবাদিক দিপাঞ্জলি শৰ্মাই এক আছুতীয়া সাক্ষৎকাৰ গ্ৰহণ কৰে অভিনেত্ৰীগৰাকীৰ ৷

ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱ সন্দৰ্ভত ঐশ্বৰ্যৰ অনুভৱ

"বহুত বেছি ভাল লাগিছে এই মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ পায় । মই কেৰেলাৰ পৰা আহিছো । আমাৰ যিসমূহ ছবি আছে সেই ছবিসমূহৰ কথা সকলোৱে জানে । চলচ্চিত্ৰ মহোৎসৱ মই ভালপাওঁ । ইয়াৰ পৰা বহুত কথা শিকিব পাৰি । মহোৎসৱসমূহত চলচ্চিত্ৰ লেখকৰ পৰা আৰম্ভ কৰি পৰিচালক, ছবিৰ লগত জড়িত ব্যক্তিসকলক লগ পোৱা যায় । শেহতীয়াকৈ মই কেৰেলা চলচ্চিত্ৰ মহোৎসৱত যেতিয়া অংশ লৈছিলো তেতিয়াও মই তাৰ বহুত বেছি কথা শিকিবলৈ পাইছিলো ।"

অভিনেত্ৰী ঐশ্বৰ্য লক্ষ্মীৰ ভাষ্য (ETV Bharat Assam)

অসম সদায়ে ঐশ্বৰ্যৰ ভ্ৰমণ তালিকাত আছিল

"ফুৰি মই বহুত বেছি ভালপাওঁ । অসমলৈ অহাৰ ইচ্ছা আগৰে পৰা আছিল ৷ অসম মোৰ বাকেট লিষ্টত আগৰ পৰাই আছিল । কিন্তু দুখৰ কথা এইটোৱে যে মই অসমলৈ এদিনৰ বাবেই আহিছো । শ্বুটিং থকাৰ বাবে এদিনৰ ভিতৰতে পুনৰ মই উভতি যাব লাগিব । কিন্তু অসমৰ কথা বহুত শুনিছো । অসমৰ লগতে উত্তৰ-পূবৰ কথা বহুতে মোক কৈছে । মই প্ৰকৃতি ভালপাওঁ, পাহাৰৰ মনোমোহা দৃশ্য, নদীৰ সৌন্দৰ্য উপভোগ কৰি এক অন্য ধৰণৰ শান্তি পাওঁ । সেয়ে যি সকলে মোক জানে তেওঁলোকে অসমলৈ আহিবলৈ উপদেশ দিয়ে ।"

অসমীয়া বা উত্তৰ-পূবৰ ছবিত অভিনয়ৰ সুবিধা পালে কৰিব নে ?

"নিশ্চয় কৰিম । যদি মোৰ লগত খাপ খোৱা কিবা চৰিত্ৰ পাওঁ তেতিয়া নিশ্চয় অসমীয়া বা উত্তৰ-পূবৰ ছবিত অভিনয় কৰিম ।"

দক্ষিণ আৰু অসমৰ ছবিজগত সন্দৰ্ভত মন্তব্য

"মই এইটো বিশ্বাস কৰো যে আমি ভৌগলিকভাৱে নতুবা মুখৰ চেহেৰাৰ ক্ষেত্ৰতহে দূৰ বা বেলগে, হ'লেও আমাৰ আৱেগ সদায় একেই, কাৰণ আমি সকলো মানুহেই হয় । দুখৰ অনুভৱ সকলোৰে একেই । বাস্তৱ জীৱনৰ লগত ঘটি থকা কিছুমান ঘটনাই ছবি আকাৰে দেখুৱাও আমি । তাত দক্ষিণ বা অসম বুলি একো নাই । মই ভাৱো আমি সকলোৱে মিলি ভাল কাম কৰিব যাব লাগে ৷"

২০২৫ ৰ পৰিকল্পনা কি ?

"এতিয়ালৈ একো পৰিকল্পনা নাই । শ্বুটিং চলি আছে মই বৰ্তমান তাতে ব্যস্ত হৈ আছো । মই এটাই বিচাৰো এতিয়াতকৈয়ো যাতে আগলৈ ভাল চৰিত্ৰ লাভ কৰো । ভাল ভাল কাম কৰিব পাৰো এইয়াই মই নতুন বর্ষত আশা কৰো ।"

লগতে পঢ়ক : নৱম ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ: শীতৰ আমেজত ৰঙীন জ্যোতি চিত্ৰবন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.