ETV Bharat / entertainment

ৰোমাণ্টিক ছানচেটৰ সৈতে সোণাক্ষী-জাহীৰৰ হনিমুন : ফ’টো ভাইৰেল - Sonakshi Sinha Zaheer Iqbal

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 3:00 PM IST

Sonakshi-Zaheer: নৱবিবাহিত সোণাক্ষী সিনহা আৰু জাহীৰ ইকবালে বিয়াৰ পিচত ইজনে আনজনৰ সৈতে সময় অতিবাহিত কৰা দেখা গৈছে । শেহতীয়াকৈ দুয়োজনে ছ’চিয়েল মিডিয়াত কিছুমান ছবি শ্বেয়াৰ কৰিছে য’ত দম্পতীটোৱে ৰোমাণ্টিক সূৰ্যাস্ত উপভোগ কৰি আছে ।

Sonakshi Sinha enjoys sunset with husband Zaheer Iqbal, shares romantic pics
ৰোমান্টিক ছানচেটৰ সৈতে সোণাক্ষী-জাহীৰৰ হনিমুন : ফ’টো ভাইৰেল (INSTAGRAM)

চিটাৰা ডেস্ক, 3 জুলাই: বিগত 23 জুনত বিবাহপাশত আৱদ্ধ হোৱা সোণাক্ষী সিনহা আৰু জাহীৰ ইকবালে বৈবাহিক জীৱনৰ ভৰপূৰ আনন্দ লৈছে ৷ শেহতীয়াকৈ দম্পতীটোৰ কেইখনমান ফটো সামাজিত মাধ্যমত ভাইৰেল হৈ পৰিছে, য’ত তেওঁলোকক একেলগে ছুইমিং পুলত সময় পাৰ কৰা দেখা গৈছে ৷

Sonakshi Sinha enjoys sunset with husband Zaheer Iqbal, shares romantic pics
ৰোমান্টিক ছানচেটৰ সৈতে সোণাক্ষী-জাহীৰৰ হনিমুন : ফ’টো ভাইৰেল (Sonakshi Sinha Instagram Story)

মঙলবাৰে সোণাক্ষীয়ে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত ধাৰাবাহিকভাৱে ছবিসমূহ শ্বেয়াৰ কৰে । য’ত তেওঁ স্বামী জাহীৰৰ সৈতে পুলৰ কাষত সূৰ্যাস্ত উপভোগ কৰি আছে । প্ৰথমটো পোষ্টত সোণাক্ষীয়ে এটা সুন্দৰ সূৰ্যাস্তৰ ভিডিঅ’ শ্বেয়াৰ কৰিছিল । দুয়োৰে ভৰিৰ আভাসো ক্লিপটোত দেখা গৈছে ।

হনিমুনত সোণাক্ষী-জাহীৰ

তৃতীয়খন ফটোত সোণাক্ষীক পুলৰ সীমাত বহি থকা দেখা গৈছে, য’ত জাহীৰ ইকবালকো একেলগে তেওঁৰ সৈতে দেখা গৈছে । বহু জল্পনা-কল্পনা কৰা হৈছে যে দুয়োজনেই হনিমুনত আছে যদিও তেওঁলোক ক’ত আছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই ।

বিগত ২৩ জুনত সোণাক্ষী সিনহা আৰু জাহীৰ ইকবালে ব্যক্তিগতভাৱে এক অনুষ্ঠান আয়োজন কৰি বিবাহপাশত আৱদ্ধ হয় । য’ত কেৱল তেওঁলোকৰ ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সদস্যসকলেহে অংশগ্ৰহণ কৰিছিল । শেহতীয়াকৈ তেওঁলোকে ছ’চিয়েল মিডিয়াত তেওঁলোকে তেওঁলোকৰ বিবাহৰ সময়ৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত দম্পতীটোৱে কোৰ্ট মেৰিজ কৰা দেখা গৈছে ।

সোণাক্ষীৰ মুম্বাইৰ ঘৰত ব্যক্তিগত অনুষ্ঠানৰ অন্তত দম্পতীটোৱে মুম্বাইৰ এখন বিলাসী ৰেষ্টুৰেণ্টত তাৰকাৰে ভৰা অভ্যৰ্থনাৰ আয়োজন কৰে । অভ্যৰ্থনা অনুষ্ঠানত সোণাক্ষী আৰু জাহীৰে জোৰদাৰভাৱে নৃত্য কৰি ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু আত্মীয়ৰ সৈতে তেওঁলোকৰ বিশেষ দিনটো উপভোগ কৰে । য’ত ছলমান খান, ৰেখা, কাজল, অনিল কাপুৰ, ৰবীনা টণ্ডন, অদিতি ৰাও হাইদাৰী, সিদ্ধাৰ্থ, সোণাক্ষীৰ বেষ্ট ফ্ৰেণ্ড হুমা কুৰেশীকে ধৰি বহু বলীউডৰ তাৰকাই অংশগ্ৰহণ কৰিছিল ।

লগতে পঢ়ক: সোণাক্ষী-জাহীৰৰ বিবাহনুষ্ঠানত একেলগে বাজি উঠিল আজান-মন্ত্ৰৰ ধ্বনি - Sonakshi Sinha Zaheer Iqbal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.