চিটাৰা ডেস্ক, 13 জুন : অভিনেত্ৰী সোনাক্ষী সিনহা আৰু জাহীৰ ইকবালৰ বিবাহৰ নিমন্ত্ৰণী পত্ৰ ফাদিল হৈছে ৷ মুম্বাইত 23 জুনত বিবাহৰ পৰিকল্পনা প্ৰকাশ কৰিছে বুলি জানিব পৰা গৈছে । নিমন্ত্ৰণী পত্ৰখন চৰ্চালৈ অহাৰ কাৰণ হ’ল যে এই পত্ৰখনত এটা QR কোড আছে ৷ আলোচনীৰ ক’ভাৰ হিচাপে ষ্টাইল কৰা হৈছে পত্ৰখন ৷ পিছে কিউআৰ কোড স্কেন কৰি অতিথিয়ে টকা-পইচা দিব নালাগে ৷ কিউআৰ কোডত এটা অডিঅ' বাৰ্তাহে উপলব্ধ কৰা হৈছে ৷ এই নিমন্ত্ৰণে অনুৰাগীসকলক উৎসাহিত কৰিছে আৰু দীৰ্ঘদিনীয়া সম্পৰ্কৰ উৰাবাতৰি নিশ্চিত কৰিছে ।
এই বিবাহৰ আমন্ত্ৰণ এতিয়া ছ’চিয়েল মিডিয়াত লিক হৈছে, যাৰ ফলত অনুৰাগীসকলৰ মাজত উন্মাদনাই দেখা দিছে । ভাইৰেল হৈ পৰা অডিঅ' বিবাহৰ নিমন্ত্ৰণে প্ৰকাশ কৰিছে যে দুয়ো ২৩ জুনত মুম্বাইত বিবাহপাশত আৱদ্ধ হ'বলৈ সাজু হৈছে । তেওঁলোকৰ বিবাহ সন্দৰ্ভত কোনেও একো কোৱা নাই যদিও, লিক হোৱা নিমন্ত্ৰণী অডিঅ’টোৱে অতি প্ৰত্যাশিত দিনটোৰ বহুখিনি কথাই উদঙাই দিলে ।
আলোচনী এখনৰ বেটুপাত হিচাপে নিৰ্মাণ কৰা এই আমন্ত্ৰণী পত্ৰত দুয়োৰে এখন মৰমলগা ছবি দেখুওৱা হৈছে, য'ত জাহীৰে তেওঁৰ হ’বলগীয়া কইনাক মৰমেৰে এটা চুমা যাচিছে । উৎসৱ হিচাপে অনুষ্ঠিত হ’বলগীয়া এই বিয়াত সন্ধিয়াৰ বাবে ড্ৰেছ কোডো নিৰ্ধাৰণ কৰা হৈছে, এটা গ্লেমাৰাছ অনুষ্ঠানৰ সাক্ষী হৈ ৰ’ব সকলো ৷ আমন্ত্ৰণী পত্ৰখনত তেওঁলোকৰ সম্পৰ্কক কেন্দ্ৰ কৰি চলি থকা উৰাবাতৰিৰ বিষয়ে উল্লেখ কৰা হৈছে, "উৰাবাতৰি সঁচা আছিল ৷"
লগতে পঢ়ক : বিগ ফেট ইণ্ডিয়ান ৱেডিঙৰ তালিকাত নোসোমাব নেকি এইখন বিয়া ? - Sonakshi Zaheer Iqbal Wedding
আমন্ত্ৰণী পত্ৰত সন্নিৱিষ্ট QR কোড স্কেন কৰাৰ লগে লগে অতিথিসকলক দুয়োৰে ফালৰ পৰা এটি অতি মনোমোহা অডিঅ’ বাৰ্তাৰে সম্ভাষণ জনোৱা হয় । সোনাক্ষীয়ে তেওঁলোকৰ "হিপ, টেক-চেভি আৰু জাছুচ বন্ধু আৰু পৰিয়াল"ক উষ্ম অভিবাদন জনায় ৷ আনহাতে জাহীৰে তেওঁলোকৰ সাত বছৰীয়া যাত্ৰাৰ কথা উল্লেখ কৰে । "সকলো আনন্দ, প্ৰেম, হাঁহি আৰু বহুত দুঃসাহসিক অভিযানে আমাক এই মুহূৰ্তটোৰ কাষলৈ আনিছে," আৱেগেৰে ভৰা কণ্ঠৰে তেওঁ কয় ।
সোনাক্ষী-জাহীৰে উৰাবাতৰি যুটি হোৱাৰ পৰা ইজনে সিজনৰ অফিচিয়েল স্বামী-স্ত্ৰী হোৱালৈ তেওঁলোকৰ উত্তেজনা প্ৰকাশ কৰে । সকলো কাম বাদ দি ২৩ জুনত অনুষ্ঠিত হোৱা উদযাপনত যোগদান কৰিবলৈ তেওঁলোকে নিজৰ আপোনজনক উষ্ম আমন্ত্ৰণ জনাইছে । "আপোনালোকৰ অবিহনে এই উদযাপন সম্পূৰ্ণ নহ'ব, গতিকে আমাৰ সৈতে পাৰ্টী কৰিবলৈ আহক," তেওঁলোকে একেলগে কয় ।
সোনাক্ষী আৰু জাহীৰৰ ৰোমাঞ্চ অনুৰাগীৰ বাবে আকৰ্ষণৰ বিষয় হৈ পৰিছে ৷ ৭ বছৰ ধৰি এই যুটিৰ প্ৰেমৰ সম্পৰ্ক আছিল । মুম্বাইৰ বিভিন্ন স্থানত সঘনাই একেলগে দেখা পোৱা দুয়োৱে নিজৰ সম্পৰ্কক ৰাজহুৱাভাৱে স্বীকাৰ কৰাৰ পৰা কেতিয়াও আঁতৰি থকা নাই । প্ৰথম অৱস্থাত তেওঁলোকে নিজৰ ৰোমাঞ্চ লুকুৱাই ৰাখিছিল যদিও শেহতীয়াকৈ তেওঁলোকে ইজনে সিজনৰ প্ৰতি থকা মৰমৰ কথা মুকলিকৈ কয় আৰু প্ৰায়ে ছ’চিয়েল মিডিয়াত আদৰণীয় পোষ্ট শ্বেয়াৰ কৰে ।
পেছাগতভাৱে এই দম্পতীয়ে ২০২২ চনৰ ছবি ডাবল এক্সএল আৰু মিউজিক ভিডিঅ’ ব্লকবাষ্টাৰত সহযোগিতা কৰিছিল । জীৱনৰ এই নতুন অধ্যায়ত আগবাঢ়িবলৈ প্ৰস্তুতি চলোৱাৰ সময়তে অনুৰাগীসকল তেওঁলোকৰ বিশেষ দিনটো প্ৰত্যক্ষ কৰিবলৈ আগ্ৰহেৰে বাট চাই আছে । বিয়াৰ নিমন্ত্ৰণ পত্ৰখনলৈ চাই ক’ব পাৰি যে সোনাক্ষী আৰু জাহীৰৰ বাবে দিনটো স্মৰণীয় হৈ ৰ’ব ।
লগতে পঢ়ক : জীয়েকৰ বিয়া: বাপেকে কৈছে- আজিকালিৰ ল’ৰা-ছোৱালীয়ে একো নোসোধে ! - Sonakshi Zaheer Iqbal Wedding