ETV Bharat / entertainment

হাতত খাদ্যৰ টোপোলা লৈ বানাক্ৰান্তৰ কাষত দীপলীনা ডেকা - Assam flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 7:30 PM IST

Deeplina Deka at flood relief camp : হাতত খাদ্যৰ টোপোলা লৈ বান শিৱিৰে-শিৱিৰে উপস্থিত হ’ল দীপলীনা ডেকা ৷ বুজ ল’লে বানাক্ৰান্তৰ দুখ-দুৰ্দশাৰ ৷ অতদিনে বান সমস্যাৰ স্থায়ী সমাধান নোহোৱাত প্ৰশ্নৰ উদ্বেগ শিল্পীগৰাকীৰ মনত ৷

Deeplina Deka at flood relief camp
হাতত খাদ্যৰ টোপোলা লৈ বানাক্ৰান্তৰ কাষত দীপলীনা ডেকা (ETV Bharat Assam)

কলিয়াবৰ, ১১ জুলাই : মানৱীয়তাৰ ধৰ্ম পালন কৰি বানাক্ৰান্তৰ কাষত ঠিয় দিলে জনপ্ৰিয় কণ্ঠশিল্পী-অভিনেত্ৰী দীপলীনা ডেকাই ৷ শিৱিৰে শিৱিৰে আশ্ৰয় লৈ থকা লোকৰ বতৰা লৈ পাৰ্যমানে নিজাববীয়াকৈ খাদ্যৰ টোপোলা প্ৰদান কৰিলে শিল্পীগৰাকীয়ে ৷

বৃহস্পতিবাৰে কলিয়াবৰৰ জখলাবন্ধা আৰু হাটবৰৰ বানাক্ৰান্তৰ খবৰ ল’বলৈ উপস্থিত হ’ল শিল্পী দীপলীনা ডেকা ৷ জখলাবন্ধাৰ কাষৰীয়া গাঁওসমূহৰ অস্থায়ী শিৱিৰত আশ্ৰয় লৈ থকা কলঙৰ বানৰ কৱলত পৰা লোকৰ খা-খবৰ লৈ গায়িকা-অভিনেত্ৰীগৰাকীয়ে সাহায্য আগবঢ়ায় ৷ তদুপৰি হাটবৰৰ কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অস্থায়ী আশ্ৰয় শিৱিৰত থকা পৰিয়ালসমূহৰ অৱস্থাৰ বুজ লৈ সহায়ৰ হাত আগবঢ়ায় দীপলীনা ডেকাই ৷

লগতে পঢ়ক : কেউফালে কেৱল পানী আৰু পানী : মথাউৰিতে মৃতকৰ তিলনি দুৰ্ভগীয়া পৰিয়ালৰ

উল্লেখ্য যে কলিয়াবৰৰ বান পৰিস্থিত কিছু শাম কাটিছে যদিও এতিয়াও আশ্ৰয় শিৱিৰতে আছে বহু পৰিয়াল । আজিও নিজৰ ঘৰখনলৈ উভতি যাব পৰা নাই কলিয়াবৰৰ বহু পৰিয়াল । এই সন্দৰ্ভত দীপলীনা ডেকাই কয়, ‘‘ এই সময়ছোৱাত বানাক্ৰান্তক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বহুজন সু-হৃদয়ৱান লোক ৷ ময়ো ৰৈ থাকিব নোৱাৰিলো ৷ আমিও আমাৰ ফালৰ পৰা এই দুখৰ সময়ত সামান্য কিবা এটা আগবঢ়াইছো ৷ প্ৰাকৃতিক দুৰ্যোগত কাৰো হাত নাথাকে ৷ এই দুৰ্যোগৰ সময়ত ইজন-সিজনৰ কাষত থকাটো অতিকে প্ৰয়োজনীয় ৷ কাইলৈ মোৰ কিবা বিপদ হ’লে তেওঁলোকেই সহায় কৰিব ৷ সেইটোৱেই পৃথিৱীৰ নিয়ম ৷’’

লগতে পঢ়ক : আমি গান্ধীবাদী দল, বিপদৰ সময়তহে ৰাইজৰ ওচৰলৈ আহো: বিকাশ উপাধ্যায়

আনহাতে, অসমৰ এই বান সমস্যাটোৰ এক সমাধান সূত্ৰ উলিয়াবলৈ চৰকাৰক আহ্বান জনাই দীপলীনা ডেকাই ৷ তেওঁ কয়, ‘‘ অসমৰ সকলোৱে এই দীৰ্ঘদিনীয়া সমস্যাটোৰ এক স্থায়ী সমাধান বিচাৰে । এইক্ষেত্ৰত চৰকাৰ আৰু কাৰিকৰী বিশেষজ্ঞসকলে অসমৰ বান সমস্যাৰ স্থায়ী সমাধান কৰাত গুৰুত্ব দিয়ক । অসমৰ বান সমস্যাই ৰাষ্ট্ৰীয় পৰ্যায়ত কিয় স্থান নাপায় ? এনে বহু প্ৰশ্ন আছে আমাৰ ৷’’

লগতে পঢ়ক : নিয়ন্ত্ৰণহীন ৰাজ্যৰ পাচলিৰ বজাৰ : হোৰাহোৰে বাঢ়িছে দাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.