ETV Bharat / entertainment

ছিংগাপুৰৰ প্ৰযোজনা সংস্থা Akanga Film Asia ই প্ৰযোজনা কৰিব ৰীমা দাসৰ মালতী মাই লাভ

author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 5:04 PM IST

Rima Das new film Malati My Love: পোন প্ৰথমবাৰৰ বাবে ছিংগাপুৰৰ প্ৰযোজনা সংস্থা Akanga Film Asia ই প্ৰযোজনা কৰিব ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসৰ আগন্তুক ছবি ‘মালতী মাই লাভ’ ৷

Singapore-based production company Akanga Film Asia will produce Rima Das's Malati My Love
Akanga Film Asia ই প্ৰযোজনা কৰিব ৰীমা দাসৰ মালতী মাই লাভ

চিটাৰা ডেস্ক, ২০ ফেব্ৰুৱাৰী: অসমীয়া ছবিজগতলৈ এটা ভাল খবৰ ৷ ছিংগাপুৰৰ প্ৰযোজনা সংস্থা Akanga Films Asia ই প্ৰযোজনা কৰিব অসমৰ চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসৰ নতুন ছবি । হয়, ৰীমা দাসৰ ‘মালতী-মাই লাভ’ নামৰ ছবিখন প্ৰযোজনা কৰিব ছিংগাপুৰস্থিত এই প্ৰযোজনা সংস্থাই ৷

দৰাচলতে বিগত বৰ্ষৰ অক্টোবৰ মাহত বুছান ফিল্ম ফেষ্টিভেলে আয়োজন কৰা এছিয়ান প্ৰজেক্ট মাৰ্কেটৰ বাবে নিৰ্বাচিত হৈছিল ৰীমা দাসৰ "মালতী মাই লাভ" । উল্লেখ্য যে, ৫০খন দেশৰ পৰা ৩৯৯ টা ফিছাৰ প্ৰজেক্টৰ ভিতৰত নিৰ্বাচিত হৈছিল ৰীমা দাসৰ এই ছবিখন । তাতেই ছবিখনৰ কাহিনী ছিংগাপুৰৰ প্ৰযোজনা সংস্থা Akanga Films Asia ই খুব ভাল পাইছিল আৰু সেয়েহে এতিয়া এই সংস্থাটোৱে ছবিখন প্ৰযোজনা কৰিব বুলি প্ৰকাশ কৰিছে ৷

মালতী-মাই লাভৰ কাহিনী কি ?

মালতী মাই লাভ ছবিখনত মূলতঃ প্ৰেম আৰু নাৰীত্বৰ জটিলতাৰ কাহিনী দেখুওৱা হ’ব ৷ ছবিখনত এখন সৰু চহৰত বাস কৰা দম্পতী অপূৰ্ব আৰু মালতীৰ কাহিনী দেখুওৱা হ’ব ৷ দুয়োৰে জীৱনত প্ৰথম সকলো ঠিকে ঠাকে থাকে, কিন্তু হঠাৎ এই দম্পতীৰ জীৱনলৈ নামি আহে কাল অমানিশা ৷ দৰাচলতে কিবা কাৰণবশতঃ কাৰাগাৰলৈ নিক্ষেপ কৰা হয় মালতীৰ স্বামী অপূৰ্বক আৰু তাৰ পিচতে যেন সকলো সলনি হৈ পৰে মালতীৰ জীৱনত ৷ স্বামীৰ অবিহনে মালতীয়ে সন্মুখীন হোৱা জীৱন সংগ্ৰামৰ বিষয়ে অতি সুন্দৰকৈ দেখুওৱা হ’ব এই ছবিখনত ।

এই কাহিনীটোৱে বাৰুকৈ আকৰ্ষিত কৰিছিল ছিংগাপুৰৰ প্ৰযোজনা সংস্থা Akanga Films Asia ক ৷ যাৰ বাবে এতিয়া এই ছবিখন প্ৰযোজনা কৰিবলৈ আগবাঢ়ি আহিছে ছিংগাপুৰৰ এই প্ৰযোজনা সংস্থাটোৰ স্বত্বাধিকাৰী ফ্ৰান বাৰ্গীয়ান ৷ ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব ২০২৫ চনত ৷

এইখিনিতে উল্লেখ কৰিব লাগিব যে, ২০১৭ চনত "ভিলেজ ৰকষ্টাৰ" নামৰ ছবিখনৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছিল চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাস । এতিয়ালৈকে "ভিলেজ ৰকষ্টাৰ" ছবিখন প্ৰায় ৮০ খন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে । কেৱল ইমানেই নহয়, ৪৪ টা বিভিন্ন শিতানত পুৰস্কাৰো লাভ কৰিছে ছবিখনে ।

ইয়াৰ উপৰিও তেওঁৰ আনখন জনপ্ৰিয় ছবি "বুলবুল কেন ছিং"য়েও কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে বহু বঁটাও লাভ কৰিছে । এতিয়া এই দুখন ছবিৰ দৰেই "মালতী মাই লাভ" ছবিখনো ৰাইজৰ মাজত সমাদৰ লাভ কৰিব বুলি আশাবাদী পৰিচালক ৰীমা দাস ।

লগতে পঢ়ক: Malti My Love: বুছান ফিল্ম ফেষ্টিভেলৰ এছিয়ান প্ৰজেক্ট মাৰ্কেটলৈ নিৰ্বাচিত ৰীমা দাসৰ মালতী মাই লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.