চিটাৰা ডেস্ক, 25 এপ্ৰিল : বলীউডৰ মোহময়ী অভিনেত্ৰী-গায়িকা শ্ৰুতি হাছান আৰু ডুডল শিল্পী শান্তনু হাজৰিকাৰ প্ৰেমৰ সম্পৰ্কই সম্প্ৰতি ব্যাপক চৰ্চা লাভ কৰিছে ৷ দুয়োৰে সম্পৰ্কত ফাঁট মেলাৰ আশংকা কৰিছে একাংশই ৷ শেহতীয়াকৈ দুয়োৱে ইজনে সিজনক ইনষ্টাগ্ৰামত আনফল’ কৰাৰ খবৰো পোহৰলৈ আহিছে ৷
সম্প্ৰতি শ্ৰুতিয়ে তেওঁৰ একাউণ্টৰ পৰা তেওঁলোক দুয়োৰে ফটো আঁতৰাই দিয়াও পৰিলক্ষিত হৈছে ৷ ইয়াৰ পিচতে এতিয়া দুয়োৰে সম্পৰ্কত ফাঁট মেলা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷
শ্ৰুতি সাধাৰণতে ইনষ্টাগ্ৰামত যথেষ্ট সক্ৰিয় হৈ থাকে ৷ তেওঁ অনুৰাগীসকলৰ সৈতে জড়িত হৈ থকাৰ লগতে তেওঁৰ ষ্টৰীসমূহ প্ৰায়েই শ্বেয়াৰ কৰে । শেহতীয়াকৈ শ্ৰুতি বহুদিন ধৰি ইনষ্টাগ্ৰামত এক্টিভ নাছিল ৷ তাৰ পিচতে শ্ৰুতিয়ে সক্ৰিয় হৈয়েই তেওঁ নিজৰ লগত সময় অতিবাহিত কৰাৰ ইংগিত দিছিল, তেওঁ ইনষ্টাগ্ৰাম ষ্টৰীত লিখিছিল, "এয়া মোৰ বাবে এক মিশ্ৰিত সময় আছিল, মই এই সময়খিনিত মোৰ আৰু মানুহৰ বিষয়ে বহু কথাই শিকিলো ৷"
একেলগে বাস কৰা শ্ৰুতি আৰু শান্তনু এতিয়া এমাহৰ পৰা পৃথকে পৃথকে বাস কৰি আছে বুলি জানিব পৰা গৈছে ৷ যদিও শ্ৰুতি বা শান্তনুৱে তেওঁলোকৰ সম্পৰ্কৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাছিল, এতিয়া এনে লাগিছে যে তেওঁলোকে নিজৰ সম্পৰ্কটো আগবঢ়াব নোৱাৰিলে ৷ অৱশ্যে এতিয়ালৈকে এই সন্দৰ্ভত দুয়োগৰাকীয়ে কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই ৷
শেনীল দেও পৰিচালিত আহিবলগীয়া এক্সন ড্ৰামা "ডকাইত: এ লাভ ষ্টৰী"ত শ্ৰুতিক অদিভি চেশৰ সৈতে দেখা যাব । এই ছবিখন দুগৰাকী বিচ্ছিন্ন প্ৰেমিক-প্ৰেমিকাই ডকাইতিৰ ঘটনা সংঘটিত কৰাৰ ওপৰত প্ৰস্তুত কৰা হৈছে ।
লগতে পঢ়ক: ৰণদ্বীপ হুড্ডালৈ লতা দীননাথ মংগেশকাৰ বঁটা - Randeep Hooda