ETV Bharat / entertainment

প্রকৃতি ৰক্ষা আৰু আদিবাসীৰ অধিকাৰৰ বাৰ্তা লৈ আহি আছে 'মৃগয়া' - NEW FILM MRIGAYAA - NEW FILM MRIGAYAA

New film Mrigaya: তেজপুৰত দৃশ্যগ্ৰহণ হ’ব এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কথাছবিৰ ৷ আদিবাসী সমাজজীৱনৰ আধাৰত নিৰ্মাণ হ'বলগীয়া 'মৃগয়া' নামৰ এই নতুন ছবিখনৰ মূল চৰিত্ৰটো ৰূপায়ণ কৰিব প্ৰথিতযশা শিল্পী বাহাৰুল ইছলামে ৷ ছবিখনৰ পৰিচালক দেবাশিস মণ্ডল আৰু ক্ৰিয়েটিভ ডিৰেক্টৰ নাৰায়ণ শীলৰ সৈতে ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক বিশেষ সাক্ষাৎকাৰ ৷

shooting of a national level film titled mrigayaa to be held in assams tezpur
প্রকৃতি ৰক্ষা আৰু আদিবাসীৰ অধিকাৰৰ বাৰ্তা লৈ আহি আছে 'মৃগয়া' (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Aug 17, 2024, 8:38 PM IST

তেজপুৰ, 17 আগষ্ট : অসমৰ শোণিতপুৰ জিলাৰ বিভিন্ন অঞ্চলত দৃশ্যগ্ৰহণ হ’ব এখন ব্যতিক্ৰমধৰ্মী ৰাষ্ট্ৰীয় পৰ্যায়ৰ কথাছবিৰ । মূল দুটা ভাষাত নিৰ্মাণ হ’বলগীয়া এই ছবিখনৰ শ্বুটিং হ’ব ঢেকীয়াজুলি, তেজপুৰ, কাজিৰঙা, গুৱাহাটীৰ কিছু অংশত । ছবিখনৰ ক্ৰিয়েটিভ ডিৰেক্টৰ হিচাপে আছে অসমৰ এগৰাকী জ্যেষ্ঠ পৰিচালক নাৰায়ণ শীল । বিভিন্ন সময়ত অসমৰ ৰাইজক বহুকেইখন ধাৰাবাহিক-তথ্যচিত্ৰ উপহাৰ দিছে নাৰায়ণ শীলে । ছবিখনৰ কাহিনী, পৰিচালনা আৰু প্ৰযোজনা হৈছে দেবাশিস মণ্ডলৰ ৷

পৰিচালক দেবাশিস মণ্ডল আৰু ক্ৰিয়েটিভ ডিৰেক্টৰ নাৰায়ণ শীলৰ সৈতে বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)

চাহ-বাগিচাত প্ৰচলিত ভাষা চাদ্ৰী আৰু হিন্দী ভাষাত নিৰ্মাণ হ’ব এই ছবিখন ৷ লগতে ছবিখন অসমীয়া আৰু বাংলা ভাষালৈও ডাবিং কৰা হ’ব বুলিও দুই পৰিচালকে জানিবলৈ দিয়ে ৷ ছবিখনৰ সহকাৰী পৰিচালক হিচাপে কাম কৰিছে সুপ্ৰভাত গোপে ৷ গীতৰ কথা সুবীল বাগৰ আৰু সংগীতত আছে কীৰ্তিমান ৰেড ৷

লগতে পঢ়ক : শীঘ্ৰেই আহি আছে অসমৰ পৰা নিৰ্মাণ হ’বলগীয়া হিন্দী ছবি ‘মৃগয়া’ - hindi movie Mrigayaa

‘মৃগয়া’ৰ দৃশ্যগ্ৰহণ আৰম্ভ হ’ব 30 আগষ্টৰ পৰা ৷ ছবিখনত জনপ্ৰিয় অভিনেতা বাহাৰুল ইছলামে মুখ্য চৰিত্ৰত অভিনয় কৰিব ৷ ইয়াৰ লগতে তামিল ছবি জগতৰ এজন জনপ্ৰিয় অভিনেতাকো এই ছবিখনত দেখিবলৈ পোৱা যাব ৷

shooting of a national level film titled mrigayaa to be held in assams tezpur
দৃশ্যগ্ৰহণথলী পৰিদৰ্শন (ETV Bharat Assam)

প্ৰকৃতি ধ্বংস আৰু ইয়াৰ নেতিবাচক পৰিণামেই হৈছে ছবিখনৰ মূল বিষয়বস্তু ৷ ছবিখনত কিছু পৰিমাণে একশ্যনৰ দৃশ্যাংশও থাকিব বুলি জানিবলৈ দিয়ে পৰিচালকদ্বয়ে ৷ মুঠ 35 দিনৰ ভিতৰত ছবিখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰাৰ প্ৰস্তুতি তেওঁলোকে কৰিছে ৷

অসমৰ এগৰাকী প্ৰতিভাবান উদীয়মান অভিনেত্ৰী ধ্যানী মহন হ’ব ছবিখনৰ নায়িকা ৷ প্রকৃতি আৰু গছ সংৰক্ষণৰ লগতে আদিবাসীসকলৰ অধিকাৰ মৃগয়াৰ পটভূমি ৷

লগতে পঢ়ক : দৰৱৰ নামত জনতালৈ বৰবিহ: ৰাজনীতিৰ মেৰপাকত কোটিটকীয়া ব্যৱসায় - Baharul Islam starrer web series

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.