গুৱাহাটী : দেশৰ আকৰ্ষণীয় সাংস্কৃতিক উৎসৱসমূহৰ ভিতৰত অন্যতম এটা হৈছে মেঘালয়ৰ ‘‘শ্বিলং চেৰী ব্ল’ছম ফেষ্টিভেল’’ । এই চেৰী ব্লছম ফেষ্টিভেললৈ দেশ-বিদেশৰ দৰ্শক-শ্ৰোতা আহে ৷ এইবাৰো দুদিনীয়াকৈ আয়োজন কৰা হৈছে চেৰী ব্ল’ছম ফেষ্টিভেলৰ ৷
মেঘালয়ৰ পৰ্যটন বিভাগে অহা ১৫-১৬ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে ‘‘শ্বিলং চেৰী ব্ল’ছম ফেষ্টিভেল’’ৰ । এইবাৰৰ ‘‘শ্বিলং চেৰী ব্ল’ছম ফেষ্টিভেল’’ত কেইবাগৰাকীও আন্তৰাষ্ট্ৰীয় সংগীত শিল্পী আৰু স্থানীয় তাৰকাই সংগীতানুষ্ঠান পৰিৱেশন কৰিব ।
মেঘালয়ৰ পৰ্যটন বিভাগে জনোৱা মতে, “শ্বিলঙৰ আৰ ডি এচ এ স্পৰ্টছ কমপ্লেক্সত অনুষ্ঠিত হ’বলগীয়া শ্বিলং চেৰী ব্ল’ছম ফেষ্টিভেলৰ প্ৰথম দিনা জনপ্ৰিয় আন্তঃৰাষ্ট্ৰীয় বেণ্ড বনী এম এ সংগীতানুষ্ঠান পৰিৱেশন কৰিব । ১৬ নৱেম্বৰ অৰ্থাৎ উৎসৱৰ দ্বিতীয় দিনা একন, ডিজে আৰ৩ এইচ এ বি, কণিকা কাপুৰৰ সংগীতানুষ্ঠান আছে ৷ তেওঁলোকৰ দৰে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় শিল্পীৰ লগতে ৰিতু ৰিবা, কুইন ছেনছেশ্যন, খাচী ব্লাডজৰ দৰে স্থানীয় শিল্পী আৰু বেণ্ড অনুষ্ঠান পৰিৱেশন কৰিব ।
উল্লেখ্য যে, এইবাৰৰ শ্বিলং চেৰী ব্ল’ছম ফেষ্টিভেলত জাপানক সহযোগী দেশ হিচাপে ঘোষণা কৰা হৈছে । জাপান আৰু মেঘালয়তে শ্বিলং চেৰী ব্ল’ছম ফেষ্টিভেল পালন কৰা হয় বাবেই জাপানক সহযোগী ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হৈছে ।
এই বৰ্ষৰ শ্বিলং চেৰী ব্ল’ছম ফেষ্টিভেলস্থলীত স্থাপন কৰা এখন বিপণিৰ জৰিয়তে উপস্থিত ৰাইজে জাপানৰ সংস্কৃতি আৰু ঐতিহ্যৰ আভাস পাব পাৰিব । য়েৰ অফ লিজেণ্ড থীমেৰে আয়োজন কৰা হৈছে এইবাৰৰ শ্বিলং চেৰী ব্ল’ছম ফেষ্টিভেল ৷ এই উৎসৱত সংগীতানুষ্ঠানৰ লগতে ফেশ্বন শ্ব’, নিত্যানুষ্ঠান, শিল্পকলাৰ প্ৰদৰ্শনী আদিৰো আয়োজন কৰা হৈছে ৷ লগতে খাদ্য আৰু পানীয় বিপণিৰ ব্যৱস্থা কৰা হৈছে ।
ইচ্ছুক দৰ্শকে https://BookMyShow.com আৰু https://RockskiTickets.com ৰ জৰিয়তে টিকট কাটি এই উৎসৱৰ অনুষ্ঠান উপভোগ কৰিব পাৰিব ।
লগতে পঢ়ক : ৰোমাণ্টিক গান ‘কবিতা কবিতা লগা গান’ৰ ভিডিঅ’ সংস্কৰণ মুকলি