ETV Bharat / entertainment

অলৌকিক শক্তিৰ সন্মুখীন হৈছিল অজয় ​​দেৱগন ! খোদ এই কথা প্ৰকাশ কৰিলে অভিনেতাগৰাকীয়ে

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 10:42 AM IST

Ajay Devgn Movie Shaitaan: ‘চয়তান’ ছবিৰ ট্ৰেইলাৰ মুকলিৰ সময়ত অজয় ​​দেৱগনে নিজৰ জীৱনত সন্মুখীন হোৱা অলৌকিক শক্তিৰ বিষয়ে উল্লেখ কৰে ৷ কেনেধৰণৰ শক্তিৰ সন্মুখীন হৈছিল অভিনেতাগৰাকী জানিবলৈ পঢ়ক এই প্ৰতিবেদনত ৷

Shaitaan Actor Ajay devgn experienced supernatural power in his life
অজয় ​​দেৱগনে নিজৰ জীৱনত অলৌকিক শক্তিৰ সন্মুখীন হৈছিল

চিটাৰা ডেস্ক, ২৩ ফেব্ৰুৱাৰী: ২২ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিছে অজয় ​​দেৱগনৰ বহু প্ৰত্যাশিত ছবি ‘চয়তান’ৰ ট্ৰেইলাৰ ৷ ট্ৰেইলাৰ মুক্তিৰ পিচতে ছ’চিয়েল মিডিয়াত সৃষ্টি হৈছে আলোড়নৰ ৷ ছবিখনৰ ট্ৰেইলাৰে মানুহৰ মাজত ইমানেই সমাদৰ লাভ কৰিছে যে দৰ্শকে এতিয়া ছবিখনৰ মুক্তিৰ বাবে ৰৈ থাকিব পৰা নাই ৷

এইখিনিতে উল্লেখ কৰিব লাগিব যে এই ছবিখন ৮ মাৰ্চত ছবিগৃহত মুক্তি লাভ কৰিব ৷ অজয়ৰ সৈতে এই ছবিখনত অভিনয় কৰিছে জ্যোতিকা আৰু আৰ মাধৱনে । ট্ৰেইলাৰটোৰ পৰা অনুমান কৰিব পাৰি যে এইবাৰ নিশ্চিয় কিবা এটা ব্যতিক্ৰম দৃশ্য উপভোগ কৰিব পাৰিব দৰ্শকে ৷

ছবিখনত চয়তানৰ চৰিত্ৰত অভিনয় কৰিছে আৰ মাধৱনে আৰু অভিনেতাগৰাকীক প্ৰথমবাৰৰ এনে এক চৰিত্ৰত দেখা যাব । অজয় দেৱগনে ছবিখনৰ সমগ্ৰ দলৰ সৈতে এই অলৌকিক ছবি চয়তানৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে প্ৰচাৰৰ সময়চোৱাত অজয়ে নিজৰ জীৱনৰ সৈতে জড়িত কিছু চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰে । ট্ৰেইলাৰ মুকলি অনুষ্ঠানত অজয়ে কয় যে তেওঁ নিজেও এনে অলৌকিক অভিজ্ঞতাৰ সন্মুখীন হৈছে । কেৰিয়াৰৰ প্ৰাৰম্ভিক দিনকেইটাত এনেধৰণৰ অভিজ্ঞতা লাভ কৰা বুলি কয় অভিনেতাগৰাকীৰ ।

এই সন্দৰ্ভত কি ক’লে অজয় ​​দেৱগনে ?

ট্ৰেইলাৰ মুকলিৰ সময়ত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি অজয় ​​দেৱগনে কয়, "কেৰিয়াৰৰ প্ৰথম ১০-১২ বছৰত মই অলৌকিক শক্তি অনুভৱ কৰিছিলো । সেই অভিজ্ঞতাবোৰৰ লগত কি জড়িত আছিল সেই বিষয়ে মই ক’বলৈ নাযাওঁ, কিন্তু সেইবোৰ যথেষ্ট বিৰক্তিকৰ আছিল ।’’

ক’লা যাদুক লৈ কি ক’লে অজয়ে ?

অজয় দেৱগনে কয় যে ক’লা যাদুৰ দৰে কথাবোৰ পৃথিৱীৰ প্ৰতিটো ধৰ্মতে উল্লেখ কৰা হৈছে । অজয়ে কয় যে তেওঁ অলৌকক ছবিৰ ধাৰাটো বৰ ভাল পায় আৰু সমগ্ৰ বিশ্বৰ দৰ্শকে এই ধাৰাটোৰ সৈতে সংযোগ স্থাপন কৰে কাৰণ প্ৰতিটো ধৰ্মতে ক’লা যাদুৰ কথা উল্লেখ আছে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে তেওঁক ‘কাল’ আৰু ‘ভূত’ৰ দৰে অলৌকিক শক্তিৰ আধাৰত নিৰ্মিত ছবিতো দেখা গৈছে ।

ক’লা যাদুৰ আধাৰত নিৰ্মিত চয়তান

‘চয়তান’ ছবিখনৰ ট্ৰেইলাৰৰ পৰা এই কথা স্পষ্ট হৈ পৰে যে এই ছবিখন ক’লা যাদুৰ আধাৰত নিৰ্মিত ছবি । ট্ৰেইলাৰত এজন অচিনাকি মানুহ এটা পৰিয়ালত আহি তেওঁলোকৰ কন্যাক ক’লা যাদুৰ নিজৰ বশ কৰি লয় ৷ ইয়াৰ পিচত গোটেই পৰিয়ালটোৱে চয়তানৰ পৰা বাচিবলৈ সংগ্ৰাম কৰা দেখা যায় ।

লগতে পঢ়ক: আৰ মাধৱনৰ ক’লা যাদুৰ পৰা কন্যাক ৰক্ষা কৰিব পাৰিবনে অজয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.