ETV Bharat / entertainment

অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিঙৰ অন্তত মুম্বাইলৈ উভতিল শ্বাহৰুখ-ছলমান - অনন্ত ৰাধিকাৰ প্ৰি ৱেডিং

SRK and Salman Return to Mumbai : অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠান শেষ হোৱাৰ পিচত এতিয়া মুম্বাইলৈ উভতি আহিছে ছলমান খান আৰু শ্বাহৰুখ খান ।

Shah Rukh khan with Family and Salman khan Return to Mumbai from Anant Radhika Pre Wedding Bash WATCH
মুম্বাইলৈ উভতিল শ্বাহৰুখ-ছলমান
author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 1:01 PM IST

চিটাৰা ডেস্ক, ৫ মাৰ্চ: তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠানৰ অন্ত পৰিল ৷ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠান শেষ হোৱাৰ পাচতে এতিয়া জামনগৰৰ পৰা মুম্বাইলৈ উভতিছে তাৰকাসকল ৷ শেহতীয়াকৈ বলীউডৰ তাৰকা দম্পতী ৰণবীৰ কাপুৰ-আলিয়া ভাট, বিকি কৌশল-কেটৰিণা কাইফ আৰু সিদ্ধাৰ্থ মালহোত্ৰা-কিয়াৰা আদৱানীকে ধৰি বহু তাৰকাক মুম্বাইলৈ উভতি অহা দেখা গৈছিল । ইফালে ৪ মাৰ্চৰ নিশা শ্বাহৰুখ খানে পৰিয়ালসহ মুম্বাইলৈ ৰাওনা হয়, আনহাতে ছলমান খানো উভতি আহে মুম্বাইলৈ ।

পৰিয়ালৰ সৈতে কুল লুকত দেখা গ’ল কিং খানক

শ্বাহৰুখ খানক বিমানবন্দৰত দেখা গৈছিল পত্নী গৌৰী খান, কন্যা চুহানা খান, পুত্ৰ আৰিয়ান খান আৰু আব্ৰম খানৰ সৈতে। এই সময়চোৱাত শ্বাহৰুখ খানক দেখা গৈছিল অল ব্লেক লুকত । আনহাতে, চুহানা খানে পৰিধান কৰিছিল ধূসৰ ৰঙৰ সাজ-পোছাক । আৰ্মী প্ৰিন্ট পেণ্ট আৰু জিপাৰ পৰিধান কৰা দেখা গৈছিল আৰিয়ান খানক । আনহাতে, গৌৰী খানে ক’লা পেণ্টৰ সৈতে বগা চাৰ্ট পৰিধান কৰিছিল ।

ভাগিনীয়েকৰ সৈতে দেখা গ’ল ছলমানক

আনহাতে, জামনগৰৰ পৰা ওলাই যোৱাৰ সময়ত বিমানবন্দৰত দেখা গৈছিল বলীউডৰ আন এজন ছুপাৰষ্টাৰক ৷ হয়, আমি কৈছো ছলমান খানৰ কথা । এই সময়চোৱাত নীলা ৰঙৰ লোয়াৰৰ সৈতে নীলা ৰঙৰ চাৰ্ট পৰিধান কৰিছিল ছলমান খানে ৷ অৱশ্যে তেওঁৰ সৈতে আছিল ভাগিনীয়েক আলিজেহ অগ্নিহোত্ৰী, পাপাৰাজীৰ সন্মুখত ছলমানে আলিজেহৰ সৈতে পোজ দিয়ে ৷

উল্লেখ্য যে, অনন্ত-ৰাধিকাৰ তিনিদিনীয়া প্ৰি-ৱেডিং অনুষ্ঠানত শ্বাহৰুখ খান, ছলমান খান আৰু আমিৰ খানক একেলগে মঞ্চত নৃত্য পৰিৱেশন কৰা দেখা গৈছিল । আনহাতে বহুদিনৰ পিচত তিনি খানক একেলগে দেখি আনন্দিত হৈ পৰিছিল অনুৰাগী ৷

লগতে পঢ়ক: পুনৰ ভাইৰেল আলিয়া-ৰণবীৰৰ সৈতে কন্যা ৰাহাৰ এটি মৰমলগা ভিডিঅ’

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.