ETV Bharat / entertainment

শীৰ্ষত কোন বলীউডৰ বাদশ্বাহ নে টলীউডৰ পুষ্পাৰাজ ? - Highest tax paying celeb in India

author img

By ETV Bharat Entertainment Team

Published : Sep 5, 2024, 2:21 PM IST

Top Tax Payers Indian Celebs : 2024 চনৰ কৰ পৰিশোধৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে এইজন ছিলভাৰ স্ক্ৰীণৰ তাৰকা ৷ আনহাতে কপিল শৰ্মাই এই তালিকাত পিছ পেলালে বিশ্বব্যাপী জনাজাত এইজন তাৰকাক ৷ ফ’ৰচুন ইণ্ডিয়াৰ তালিকাই দেখুৱাইছে কৰ পৰিশোধ কৰা শীৰ্ষ চেলেব্ৰিটীসকল-

shah rukh khan tops in paying taxes in 2024 Kapil Sharma pays more than Allu Arjun here's top celebs in the-list of fortune india
ছিলভাৰ স্ক্ৰীণৰ তাৰকা (IANS)

চিটাৰা ডেস্ক, 5 ছেপ্টেম্বৰ : চেলেব্ৰিটীৰ ভিতৰত সৰ্বাধিক কৰ আদায় দিয়া তাৰকাজন হ’ল এনে এজন তাৰকা যাৰ অনুৰাগী কেৱল ভাৰততে নাই ৷ বিশ্বব্যাপী জনাজাত এইজন তাৰকা ৷ যাৰ নাম শুনিলেই বিদেশী বহুতৰে মনত পৰে ভাৰতৰ কথা ৷ দেশখনক গোলকীয় মঞ্চত বহুবাৰ সন্মানিত কৰিছে এইজন তাৰকাই ৷ এইজন আন কোনো নহয়, শ্বাহৰুখ খান । শ্বাহৰুখে তাৰকাৰ ভিতৰত আদায় দিয়ে সৰ্বাধিক কৰ ৷ প্ৰতিবেদনটোত চাওক শীৰ্ষ 10 জন কৰ দাতাৰ নাম-

শ্বাহৰুখ খানে হুৰুন ইণ্ডিয়া ৰিচ লিষ্টত স্থান লাভ কৰিছিল । এই তালিকাত, শ্বাহৰুখ খানৰ নাম বহুতো প্ৰবীণ ব্যৱসায়ীৰ সৈতে অন্তৰ্ভুক্ত হৈছিল । এতিয়া ফ’ৰচুনে 2023-24 বিত্তীয় বৰ্ষত সৰ্বাধিক কৰ পৰিশোধ কৰা চেলিব্ৰেটীৰ তালিকা প্ৰকাশ কৰিছে । শ্বাহৰুখ খানৰ নাম কৰ পৰিশোধ কৰা চেলিব্ৰেটীৰ তালিকাৰ শীৰ্ষত আছে ।

প্ৰতিবেদন অনুসৰি, শ্বাহৰুখ খানে সৰ্বাধিক 92 কোটি টকা কৰ পৰিশোধ কৰিছে । শ্বাহৰুখ খানৰ লগতে ছলমান খান, অমিতাভ বচ্চন আৰু কপিল শৰ্মাও এই তালিকাত স্থান লাভ কৰিছে । মন কৰিবলগীয়া কথাটো হ’ল কপিল শৰ্মাই এই তালিকাখনত আল্লু অৰ্জুনক পিছ পেলাইছে ।

2023 চনত শ্বাহৰুখ খানে এখন নহয়, তিনিখনকৈ ছুপাৰহিট ছবি পাঠান, জোৱান আৰু ডাংকি দৰ্শকক উপহাৰ দিছিল । এই তিনিখন ছবিৰ পৰা 2023 চনত শ্বাহৰুখ খানে 2.5 হাজাৰ কোটিতকৈ অধিক উপাৰ্জন কৰিছিল ৷ এই উপাৰ্জনৰ সৈতে এবছৰতে ইমান উপাৰ্জন কৰা একমাত্ৰ অভিনেতা হিচাপে পৰিগণিত হৈছে শ্বাহৰুখ খান । আনহাতে শ্বাহৰুখ খান আৰু অন্যান্য চেলেব্ৰিটীসকলে বিজ্ঞাপনৰ পৰা লাভ কৰা আয়ো এই কৰত অন্তৰ্ভুক্ত কৰা হৈছে ।

তালিকাৰ শীৰ্ষ 5 জন কৰ পৰিশোধকাৰী অভিনেতাৰ বিষয়ে ক’বলৈ গ’লে বিজয় থালাপতি দ্বিতীয় স্থানত আছে । প্ৰতিবেদন অনুসৰি, বিজয় থালাপতিয়ে 80 কোটি টকাৰ কৰ পৰিশোধ কৰিছে । ইয়াৰ পিছত, ছলমান খান (75 কোটি টকা), অমিতাভ বচ্চন (71 কোটি) আৰু তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে 66 কোটি টকা কৰ পৰিশোধ কৰিছে । উল্লেখ্য যে, পুষ্পা ষ্টাৰে 14 কোটি টকা আৰু কপিল শৰ্মাই 26 কোটি টকা পৰিশোধ কৰিছে ।

লগতে পঢ়ক : বিজয়-শ্বাহৰুখক পিছ পেলাই শীৰ্ষস্থানত কোন ? - Most Popular Star in Ormax Report

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.