ETV Bharat / entertainment

IIFA ৰ এটা অনুষ্ঠানত ৰাজহুৱাকৈ কৰণ জোহৰক ঠাট্টা শ্বাহৰুখৰ - SRK Karan Johar at IIFA

author img

By ETV Bharat Entertainment Team

Published : Sep 11, 2024, 1:47 PM IST

Updated : Sep 11, 2024, 2:30 PM IST

Shah Rukh Khan IIFA 2024: ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া আই আই এফ এ এৱাৰ্ডছৰ আয়োজন কৰিব শ্বাহৰুখ খান আৰু কৰণ জোহৰে । ইয়াৰ পূৰ্বে অন্য এটা অনুষ্ঠানত শ্বাহৰুখ খানে কৰণ জোহৰক সকলোৰে সন্মুখতে জোকায় ।

Shah Rukh Khan teases Karan Johar at IIFA event Make more films host less shows WATCH
শ্বাহৰুখ খান আৰু কৰণ জোহৰ (Photo: ANI)

চিটাৰা ডেস্ক, 11 ছেপ্টেম্বৰ : শ্বাহৰুখ খান আৰু কৰণ জোহৰক আকৌ এবাৰ আইফাৰ মঞ্চত দেখিবলৈ পোৱা যাব । হিট বলীউড যুটিটোৱে আন্তৰ্জাতিক ভাৰতীয় চলচ্চিত্ৰ একাডেমী বঁটা (আইফা) 2024 ৰ 14 সংখ্যক ছিজন আয়োজন কৰিব আৰু ইতিমধ্যে ইয়াৰ আৰম্ভণি হৈছে । শ্বাহৰুখ খান আৰু কৰণ জোহৰ যোৱা নিশা মুম্বাইত আইফাৰ আৰম্ভণিৰ অনুষ্ঠান এটাত উপস্থিত হৈছিল । আইফা বঁটা 2024 28 ছেপ্টেম্বৰৰ পৰা ইয়েছ আইলেণ্ডত (আবু ধাবি) আৰম্ভ হ'বলৈ গৈ আছে । বঁটাৰ নিশা শ্বাহিদ কাপুৰকে ধৰি বহুতো তাৰকাই তেওঁলোকৰ নৃত্য প্ৰদৰ্শনেৰে দৰ্শকক আমোদ দিবলৈ সাজু হৈছে ।

শ্বাহৰুখ খান আৰু কৰণ জোহৰৰ ধেমালি (ANI VIDEO)

কৰণ জোহৰক সকলোৰে সন্মুখতে জোকালে শ্বাহৰুখ খানে

উক্ত মঞ্চত যেতিয়া কৰণ জোহৰে শ্বাহৰুখ খানক সোধে যে তেওঁ আকৌ এবাৰ আইফা মঞ্চলৈ উভতি আহি কেনে অনুভৱ কৰিছে, তেতিয়া শ্বাহৰুখ খানে কৰণ জোহৰক ঠাট্টা কৰি কয়, “আপুনি এনেদৰে কথা কৈছে যেন আপুনি বাৰে বাৰে এই অনুষ্ঠানলৈ মোক মাতিছে, 10 বছৰত মাত্ৰ এবাৰ ফোন কৰিছে ।” ইয়াৰ পিছত শ্বাহৰুখ খানে অৱশ্যে এয়া ধেমালি বুলি উল্লেখ কৰে ।

শ্বাহৰুখ খানে কয়, “আই আই এফ এ এৱাৰ্ডছ ভাৰতীয় চিনেমাৰ এক বৃহৎ উদযাপন, যিটো সমগ্ৰ বিশ্বতে বিখ্যাত, বছৰ বছৰ ধৰি ইয়াৰ অংশ হৈ মই অতি সুখী, মই নিজকে পুনৰবাৰ আই আই এফ এ বঁটা আয়োজন কৰিবলৈ প্ৰস্তুত কৰিছো ।”

আই আই এফ এ 2024 উদযাপন 3 দিনলৈ চলিব

আইফা 2024 এইবাৰ 27 ৰ পৰা 29 ছেপ্টেম্বৰলৈ তিনিদিন ধৰি চলিব । প্ৰথম দিনা, আইফা 2024 উৎসৱৰ আয়োজন কৰা হ'ব, য'ত দক্ষিণৰ চাৰিটা চলচ্চিত্ৰ উদ্যোগক উদযাপন কৰা হ'ব । দ্বিতীয় দিনা, আইফা বঁটা 2024 ৰ নিশাৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব । একে সময়তে, তৃতীয় আৰু অন্তিম দিনটোত অৰ্থাৎ 29 ছেপ্টেম্বৰত, সংগীত উদ্যোগৰ বাবে আইফা বঁটা 2024 ৰকছ অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক : বলীউডৰ বাদশ্বাহৰ জীৱনত প্ৰভাৱ পেলোৱা উপন্যাসে সহায় কৰিব পাৰে আপোনাকো - Shah Rukh Khan Favourite Novel

Last Updated : Sep 11, 2024, 2:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.