ETV Bharat / entertainment

লণ্ডনত বেট-বল হাতত তুলি ল’লে পিতৃ-কন্যা যুটিয়ে - shah rukh khan in london with fam

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 10:29 AM IST

Shah Rukh Khan in London with fam: সুহানাই বেটিং কৰাৰ বিপৰীতে শ্বাহৰুখ খানে কৰিছে ফিল্ডিং ৷ লণ্ডনত পৰিয়ালৰে সৈতে সুন্দৰ সময় অতিবাহিত কৰিছে শ্বাহৰুখে ৷ ভাইৰেল হৈ পৰিছে এখন ক্ৰিকেট খেলি থকা ফটো-

shah rukh khan enjoying holidays with family in london see viral photo
সুহানা-শ্বাহৰুখ (ETV Bharat)

চিটাৰা ডেস্ক, 25 জুন : বৰ্তমান লণ্ডনত আছে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান । তাত তেওঁ পৰিয়ালৰ সৈতে অৱসৰৰ সময় উপভোগ কৰি আছে । বিগত সপ্তাহত লণ্ডনলৈ ৰাওনা হৈছিল ছুপাৰষ্টাৰগৰাকী । শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত কিং খানৰ এখন ফটো প্ৰকাশ পাইছে, য’ত এখন পাৰ্কত তেওঁ পৰিয়ালৰ সৈতে ধেমেলীয়া মুহূৰ্ত কটাই থকা দেখা গৈছে ।

এছ আৰ কে ফেন ক্লাবে সামাজিক মাধ্যম এক্সত ছুপাৰষ্টাৰগৰাকীৰ ছবি পোষ্ট কৰিছে । ছবিখনত পিতৃ-কন্যাৰ যুটিয়ে পৰিয়ালৰ সৈতে প্ৰীতি মেচ খেলি থকা দেখা গৈছে । কেজুৱেল আউটফিটত দেখা গৈছে কিং খানক । মূৰত টুপী পিন্ধা শ্বাহৰুখক কন্যা সুহানা খানৰ সৈতে মেচ খেলি থকা দেখা গৈছে ।

ভাইৰেল ছবিখনত শ্বাহৰুখক ফিল্ডিং কৰি থকা দেখা গৈছে । আনহাতে সুহানাই বেটিং কৰিবলৈ বাছি লৈছে । সুহানাই নিজৰ বিশেষ কিছু দক্ষতা দেখুৱাই নিজৰ ক্ৰীড়াপ্ৰেমৰ দিশটো দেখুৱাই আছে । আন কিছুমান মানুহেও এই খেলত অংশ লোৱা দেখা গৈছে । ফটোখনত আইতাক সবিতা ছিব্বৰেও পৰিয়ালটোৰ ওপৰত চকু ৰাখি থকা দেখা গৈছে । বেঞ্চ এখনত আৰামত বহি তেওঁ ফেমিলি মেচ উপভোগ কৰি থকা দেখা গৈছে ।

এই পাৰিবাৰিক ভ্ৰমণ এনে এটা সময়ত হৈছে যেতিয়া শ্বাহৰুখে লণ্ডনত উপস্থিত হৈ তেওঁৰ আগন্তুক ছবি ‘কিং’ ৰ কাম আৰম্ভ কৰিছে । এই নতুন প্ৰকল্পটোৰ বিষয়ে বহু আলোচনা চলিছে । এইবাৰ প্ৰথমবাৰৰ বাবে হ’ব, য’ত সুহানাৰ সৈতে স্ক্ৰীন শ্বেয়াৰ কৰা দেখিবলৈ পোৱা যাব ছুপাৰষ্টাৰগৰাকীক । পিতৃ-কন্যাৰ যুটিয়ে ছবিখনৰ কাম আৰম্ভ কৰাৰ পূৰ্বে লণ্ডনত কিছুমান একশ্যন ছিকুৱেন্সৰ শ্বুটিং কৰিব ।

লগতে পঢ়ক : মুম্বাই বিমানবন্দৰত আব্ৰামৰ হাত এৰি নিদিলে শ্বাহৰুখে - abram khan Shah Rukh Khan video

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.