গুৱাহাটী, 21 আগষ্ট : আৰম্ভ হ'ল 2024-25 ৰ নাট্যবৰ্ষ । ইতিমধ্যে বহুকেইটা নাট্যগোষ্ঠীয়ে এইবৰ্ষৰ নাট্যযাত্ৰাৰ পাতনি মেলিছে । সমান্তৰালভাৱে সাজু হৈছে ৰাজমুকুট থিয়েটাৰ । 21 আগষ্ট অৰ্থাৎ বুধবাৰৰ পৰা নাট্যযাত্ৰাৰ পাতনি মেলিব দলটোৱে । জন্মৰ পাছৰে পৰাই নাট প্রদর্শনৰ ক্ষেত্রত ব্যতিক্রমী চিন্তাৰে নাট প্ৰদৰ্শন কৰি দৰ্শকক আমোদ দি আহিছে ৰাজমুকুট থিয়েটাৰে । এই ধাৰাবাহিকতা অটুট ৰখাৰ প্ৰয়াসেৰে বুধবাৰৰ পৰা পাঠশালা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চলিত নাট্যবৰ্ষৰ পাতনি মেলিব নাট্যদলটোৱে ।
![bhramyaman theatre 2024-25 season primere of rajmukut theatre for the season begins](https://etvbharatimages.akamaized.net/etvbharat/prod-images/21-08-2024/rajmukuttheatre_20082024144521_2008f_1724145321_607.jpg)
তিনিখনখন ব্যতিক্ৰমী নাটকেৰে চলিত নাট্যবৰ্ষৰ বাবে সাজু হৈছে নাট্যদলটো । নাট তিনিখন হৈছে ক্ৰমে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ "মহাৰণৰ বলীয়া ঘোঁৰা", ৰাজদ্বীপৰ "বধ- এক হিংস্ৰ জীৱন" আৰু ৰঞ্জিত কুমাৰ দত্তৰ "বকুল বনৰ পক্ষী"। 21 আগষ্টৰ দিনা নাট্যকাৰ ৰঞ্জিত কুমাৰ দত্ত ৰচিত আৰু ৰাজেশ ভূঞা পৰিচালিত নাট "বকুল বনৰ পক্ষী" ৰ মঞ্চায়নেৰে শুভমুক্তি হ’ব ৰাজমুকুট থিয়েটাৰৰ নৱম নাট্যবৰ্ষৰ ৷
![bhramyaman theatre 2024-25 season primere of rajmukut theatre for the season begins](https://etvbharatimages.akamaized.net/etvbharat/prod-images/21-08-2024/rajmukuttheatre_20082024144521_2008f_1724145321_109.jpg)
এইবাৰ ৰাজমুকুট থিয়েটাৰৰ মঞ্চত অভিনয় কৰিব জনপ্ৰিয় অভিনেতা প্ৰসেনজিৎ বৰা, গুঞ্জন ভৰদ্বাজ, চিন্ময় কটকী, কবিতা চুতীয়া, শ্ৰীমন্ত মাধৱ দত্ত, শংকৰজ্যোতি ৰাজখোৱা, প্ৰিয়ংকা শইকীয়া, সুমন ভৰদ্বাজ, বিদ্যুৎ, বিপ্লৱকে ধৰি বহু কেইগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।
![bhramyaman theatre 2024-25 season primere of rajmukut theatre for the season begins](https://etvbharatimages.akamaized.net/etvbharat/prod-images/21-08-2024/rajmukuttheatre_20082024144521_2008f_1724145321_879.jpg)
আনহাতে ৰাজমুকুট থিয়েটাৰৰ গীতসমূহ মুক্তিৰ পাচতে ৰাইজৰ মাজত বিশেষভাৱে জনপ্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে । কণ্ঠশিল্পী জুবিন গাৰ্গে কণ্ঠদান কৰা গীত 'প্ৰণয়ৰ সপোন', অংগৰাগ পাপন মহন্তৰ গীত 'তুমি অহা বাটে' আৰু প্ৰিয়ংকা ভৰালীৰ কণ্ঠত 'মহাদুষ্ট এই ৰাতি' এই তিনিটা গীতে ইতিমধ্যে দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে । উল্লেখ্য যে, এইবৰ্ষত নাট্যদলটোৰ সম্পাদকৰ দায়িত্বত আছে লংকেশ্বৰ বৰ্মন ।
লগতে পঢ়ক : এইবছৰ কোনখন থিয়েটাৰৰ কোনখন নাটকে দৰ্শকক কৰিব আকৰ্ষণ ? - Bhramyaman theatre 2024 25