চিটাৰা ডেস্ক, 29 জুন : নিজস্ব ব্যক্তিত্বৰে দুয়োগৰাকী অভিনেতাই ভাল ৷ দুয়োৰে আছে অসংখ্য অনুৰাগী ৷ দেশৰ বাহিৰতো তেওঁলোকৰ অনুৰাগী আছে, লগতে আছে ফেনক্লাব ৷ নিজ নিজ অভিনয় পাৰদৰ্শিতাৰে তেওঁলোকে এক দীঘলীয়া সময়জুৰি দৰ্শকক মনোৰঞ্জন দি আহিছে ৷ শ্বাহৰুখ-ছলমান এতিয়া আৰু কেৱল অভিনেতাই হৈ থকা নাই, তেওঁলোকক একো একোটা ব্ৰেণ্ড ৷

বলীউডত ছুপাৰষ্টাৰৰ মাজত শীৰ্ষস্থানক লৈ প্ৰতিযোগিতা চলি থাকে বুলি আমি প্ৰায়ে শুনিবলৈ পাওঁ ৷ কৰণ-অৰ্জুন হিচাপে জনাজাত শ্বাহৰুখ-ছলমানৰ বন্ধুত্ব যেনেদৰে বিখ্যাত, মাজতে তেওঁলোক দুয়ো ভিতৰুৱা মতানৈক্যৰ বাবেও চৰ্চাত আছিল ৷ পিছে সকলো যেনিবা ঠিক হ’ল, দুয়োকে পুনৰ পৰ্দাত একেলগে দেখিবলৈ পোৱা গ’ল ৷ কেতিয়াবা শ্বাহৰুখ নহ’লে কেতিয়াবা ছলমানক ইজনে সিজনৰ ছবিত কেমিঅ’ কৰা দেখা যায় । আশা কৰো এই কৰণ-অৰ্জুন যুটি চিৰস্থায়ী হওক ৷
শেহতীয়াকৈ দুয়ো তাৰকাৰ নাম শিৰোনামলৈ অন্য এজন অভিনেতাৰ বাবেহে ৷ বলীউডৰ বিভিন্ন ছবিত খলনায়কৰ চৰিত্ৰত অভিনয় কৰা গোবিন্দ নামদেৱে শ্বাহৰুখ-ছলমান সন্দৰ্ভত প্ৰকাশ কৰিছে কিছু কথা ৷ এই অভিনেতাগৰাকীয়ে শ্বাহৰুখ খান আৰু ছলমান খানৰ সৈতে কাম কৰিছে আৰু এতিয়া শ্বুটিং চেটত তেওঁলোকৰ কোনগৰাকী কেনেকুৱা সেই কথা প্ৰকাশ কৰিছে । তেওঁ শ্বেয়াৰ কৰিছে কাম কৰাৰ অভিজ্ঞতা ৷
শ্বাহৰুখ খানৰ সৈতে অভিজ্ঞতা
এক সাক্ষাৎকাৰত গোবিন্দ নামদেৱে ছলমান খান আৰু শ্বাহৰুখ খানৰ সৈতে কাম কৰাৰ অভিজ্ঞতা ব্যক্ত কৰে । গোবিন্দে ২০০০ চনত শ্বাহৰুখ খানৰ সৈতে ফিৰ ভি দিল হে হিন্দুস্তানী ছবিত কাম কৰিছিল ।
সাক্ষাৎকাৰ অনুসৰি নামদেৱে প্ৰথমে শ্বাহৰুখ খানৰ বিষয়ে কয় আৰু তেওঁৰ কাম কৰাৰ ধৰণ বেলেগ বুলি কয় । অভিনেতাজনে কয়, ‘শ্বাহৰুখে একেলেথাৰিয়ে কাম কৰি থাকে, ৪ ঘণ্টা শোৱে আৰু তেওঁৰ পৰৱৰ্তী প্ৰজেক্টৰ কথা চিন্তা কৰি থাকে ৷ মই বহুতে কঠোৰ পৰিশ্ৰম কৰাৰ কথা শুনিছো, কিন্তু শ্বাহৰুখ সকলোতকৈ বেলেগ আৰু তেওঁ কেৱল নিজৰ কামৰ প্ৰতি আকৰ্ষিত । শ্বাহৰুখৰ বিষয়ে এইবোৰ কথা শুনিছিলোঁ আৰু আমি যেতিয়া একেলগে কাম কৰিছিলো তেতিয়া মই বিশ্বাস কৰিছিলোঁ ।’
অভিনেতাজনে আৰু কয়, 'শ্বাহৰুখ খান এই ছবিখনৰ প্ৰযোজক আছিল আৰু তেওঁ আমাৰ সকলোৰে সৈতে ছেটত ৰাতিৰ আহাৰ গ্ৰহণ কৰিছিল আৰু যথেষ্ট আনন্দ কৰিছিল আৰু তাৰ পিচত পুৱা ২ বজাত শুই পিচদিনা পুৱা চেন্নাইলৈ উৰা মাৰিছিল আৰু তাৰ পৰা উভতি আহি ছবিখনৰ কাম আৰম্ভ কৰিছিল, তেওঁ যথেষ্ট ধূমপান কৰে আৰু একেৰাহে কামো কৰে ।'
ছলমান খানৰ সৈতে অভিজ্ঞতা
আনহাতে, গোবিন্দ নামদেৱে ছলমান খানৰ সৈতে কাম কৰিছিল ব্লকবাষ্টাৰ ছবি ‘ৱাণ্টেড’ত । ছলমানৰ সৈতে কাম কৰাৰ অভিজ্ঞতা ব্যক্ত কৰি অভিনেতাগৰাকীয়ে কয়, ‘ছলমান খানে কেৱল নিজৰ কামতহে গুৰুত্ব দিয়ে, তেওঁ শ্বাহৰুখৰ দৰে নহয়, যিয়ে ক্ৰুৰ সৈতে কথা পাতে, তেওঁ নিজৰ ব্যক্তিগত কথা শ্বেয়াৰ নকৰে । কিন্তু কেতিয়াবা কেতিয়াবা তেওঁ কয় পিতৃ চেলিম খানে তেওঁক ভুল কৰিলে শুধৰাই দিয়ে, ছলমান খান শ্বাহৰুখৰ সম্পূৰ্ণ বিপৰীত আৰু তেওঁৰ মন কেৱল নিজৰ কামত । গোবিন্দ নামদেৱক বিকী কৌশলৰ ছবি ছেম বাহাদুৰত দেখা গৈছিল ।
লগতে পঢ়ক : কলাৰ সূক্ষ্ম উপস্থাপনেৰে যিজন অভিনেতা চিৰবিদ্যমান - Irrfan Khan 4th death anniversary