চিটাৰা ডেস্ক, ১৬ ফেব্ৰুৱাৰী: জনপ্ৰিয় চিনেমাট’গ্ৰাফাৰ কে কে চেন্থিল কুমাৰৰ পত্নী তথা যোগ প্ৰশিক্ষক ৰুহী ওৰফে ৰুহিনাজৰ বৃহস্পতিবাৰে দেহাৱসান ঘটে । একাধিক স্বাস্থ্যজনিত জটিলতাৰ বাবে ছিকন্দৰাবাদৰ কিমছ হাস্পতালত মৃত্যু হয় ৰুহীৰ । জানিব পৰা মতে, একাধিক অংগ বিকল হোৱাৰ বাবেই ৰুহীৰ মৃত্যু হয় ।
ইফালে, চিনেমাট’গ্ৰাফাৰ কে কে চেন্থিলৰ দলে এক প্ৰেছ বিবৃতি শ্বেয়াৰ কৰিছে । য’ত লিখা আছে, “চিনেমাট’গ্ৰাফাৰ চেন্থিলৰ পত্নী ৰুহী গাৰু (বৃহস্পতিবাৰে) দুপৰীয়া ২ বজাত শেষ নিশ্বাস ত্যাগ কৰে । পুৱা ৯ বজাত জুবিলী হিলছৰ মহাপ্ৰস্থানমত শেষকৃত্য (শুকুৰবাৰে) কৰা হ’ব ।’’ এতিয়া ছ’চিয়েল মিডিয়াত ৰুহীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে অনুৰাগীয়ে । বাহুবলী চেটৰ পৰা প্ৰভাস আৰু অনুষ্কা শেট্টীৰ ৰুহী আৰু চেন্থিলৰ সৈতে থকা পুৰণি ছবি এতিয়া ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে ।
ৰুহীয়ে বহু চেলিব্ৰিটিক প্ৰশিক্ষণ দিছিল
যোগ প্ৰশিক্ষক ৰুহীয়ে অনুষ্কা, প্ৰভাস আৰু ইলিয়ানা ডি ক্ৰুজৰ দৰে বহু চেলিব্ৰিটিক প্ৰশিক্ষণ দিছিল । ভাৰত ঠাকুৰৰ হায়দৰাবাদ সংমণ্ডলৰ যোগাসনৰ মুৰব্বী আছিল ৰুহী । ২০০৯ চনৰ জুন মাহত বিয়াৰ পিচত চেন্থিল আৰু ৰুহীৰ এটি পুত্ৰ সন্তান জন্ম হয় । শেহতীয়াকৈ চেন্থিলে ৰুহীৰ যত্ন ল’বলৈ কামৰ পৰা ছুটী লৈছিল । প্ৰথমে প্ৰেম তাৰ পিচত বিবাহপাশত আৱদ্ধ হৈছিল এই প্ৰেমিক যুগল । বিয়াৰ পিচত ৰুহী হায়দৰাবাদলৈ গুচি যায় আৰু তাতেই নিজাকৈ ব্যৱসায় আৰম্ভ কৰে ।
কে কে চেন্থিল কুমাৰ কোন ?
জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা এছ এছ ৰাজামৌলিৰ বহু ব্লকবাষ্টাৰ ছবিৰ দলৰ সদস্য চেন্থিল । এই যুটিয়ে একেলগে বহু প্ৰজেক্টত কাম কৰিছে । তেওঁলোকৰ সহযোগিতাৰ ছবিসমূহ বেছিভাগেই বক্স অফিচত সফল হৈছিল । ৰাজামৌলিৰ কৰ্মৰাজিৰ প্ৰশংসা কৰাসকলৰ পৰা চিনেমাট’গ্ৰাফাৰগৰাকীয়ে যথেষ্ট কৃতিত্ব লাভ কৰে ।
লগতে পঢ়ক: উড়ান খ্যাত অভিনেত্ৰী কবিতা চৌধুৰী আৰু নাই