ETV Bharat / entertainment

BIFF ৰ মঞ্চত ভাৰতৰ পৰা একমাত্ৰ ফিছাৰ হিচাপে চিহ্নিত ৰীমা দাসৰ "ভিলেজ ৰকষ্টাৰ্ছ 2" - Village Rockstars 2 in 29th BIFF

author img

By ETV Bharat Entertainment Team

Published : Aug 27, 2024, 5:58 PM IST

Rima Das Village Rockstars 2 : ৰাষ্ট্ৰীয় চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসে লিখা আৰু পৰিচালনা কৰা বঁটা বিজয়ী ফিছাৰ ছবি ভিলেজ ৰকষ্টাৰ্ছৰ ছিকুৱেল ‘ভিলেজ ৰকষ্টাৰছ 2’ 29 সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিশ্ব প্ৰিমিয়াৰৰ বাবে সাজু হৈছে ।

Rima Das Village Rockstars 2 only indian feature to compete for Kim Jiseok Award at 29th BIFF
ৰীমা দাসৰ আন এক সফলতা (ETV Bharat Assam/ Rima Das Instagram)

চিটাৰা ডেস্ক, 27 আগষ্ট : অসমকন্যা ৰীমা দাসে আকৌ এবাৰ গৌৰৱান্বিত কৰিলে ৰাজ্যবাসীৰ লগতে দেশবাসীক ৷ বিশ্বৰ মঞ্চত প্ৰশংসিত হোৱা ৰীমা দাসৰ ছবি ভিলেজ ৰকষ্টাৰ্ছৰ ছিকুৱেল ভিলেজ ৰকষ্টাৰ্ছ 2 বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ পালেগৈ ৷ উক্ত মহোৎসৱত ছবিখনৰ বিশ্ব প্ৰিমিয়াৰ হোৱাৰ কথা ৷ মহোৎসৱৰ জিছেঅ’ক প্ৰতিযোগিতালৈয়ো নিৰ্বাচিত হৈছে ভিলেজ ৰকষ্টাৰ্ছ 2 ৷ প্ৰশংসনীয় কথাটো হ’ল যে জিছেঅ’ক প্ৰতিযোগিতা শিতানত আঠখন ছবিৰ ভিতৰত নিৰ্বাচিত হোৱা একমাত্ৰ ভাৰতীয় ফিছাৰ হিচাপে চিহ্নিত হৈছে ভিলেজ ৰকষ্টাৰ্ছ 2 ।

চলচ্চিত্ৰখন হৈছে 2017 ৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী ফিছাৰ "ভিলেজ ৰকষ্টাৰ্ছ"ৰ ছিকুৱেল ৷ আন্তৰ্জাতিকভাৱে প্ৰশংসিত হৈছিল এই ছবিখন ৷ 2017 চনত টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হোৱাৰ লগতে একাডেমী বঁটা 2019 ত ভাৰতৰ পৰা আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰিছিল ।

এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, 2 অক্টোবৰৰ পৰা আৰম্ভ হ'বলগীয়া বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ 29 সংখ্যক সংস্কৰণত জিছেঅ’ক প্ৰতিযোগিতা শাখাত নিৰ্বাচিত হোৱা আঠখন চলচ্চিত্ৰৰ ভিতৰত "ভিলেজ ৰকষ্টাৰ্ছ 2" হৈছে একমাত্ৰ ভাৰতীয় ফিছাৰ ফিল্ম ।

এই বছৰৰ আৰম্ভণিতে একাডেমি অফ মোশ্যন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্সছৰ দ্বাৰা পৰিচালকৰ শাখাত যোগদান কৰিবলৈ আমন্ত্ৰণ লাভ কৰা দাসে কয় যে তেওঁ বি আই এফ এফত "ভিলেজ ৰকষ্টাৰ্ছ 2"ৰ বিশ্ব প্ৰিমিয়াৰৰ বাবে অপেক্ষা কৰি আছে ।

লগতে পঢ়ক : অস্কাৰ একাডেমীৰ সদস্যৰূপে মনোনিত ৰীমা দাস - Rima Das in Oscar Academy list

"ভিলেজ ৰকষ্টাৰ্ছে সদায় মোৰ হৃদয়ত এক বিশেষ স্থান দখল কৰি থাকিব । মই আনন্দিত যে 'ভিলেজ ৰকষ্টাৰ্ছ 2'ৰ প্ৰিমিয়াৰ বুছানত হৈছে ৷" একাধিক বঁটা বিজয়ী পৰিচালকগৰাকীয়ে এক বিবৃতিত এইদৰে কয় ।

প্ৰথম "ভিলেজ ৰকষ্টাৰ্ছ" এ ধুনু নামৰ এজনী 10 বছৰীয়া ছোৱালীৰ কাহিনী উপস্থাপন কৰিছিল, যিজনী ছোৱালীৰ ল'ৰাৰ এটা দলৰ সৈতে বন্ধুত্ব গঢ়ি উঠে আৰু তাই ৰকষ্টাৰ হোৱাৰ সপোন দেখে ।

"যদিও ই ছিকুৱেল, এই ছবিখনৰ নিজস্বতা আছে ৷ ধুনুৰ মাক, পৃথিৱীৰ সৌন্দৰ্য আৰু সংগীতৰ সৈতে ধুনুৰ সম্পৰ্কত গভীৰভাৱে ডুব গৈছে এই ছবিখন । মই এই ছবিখন প্ৰতিভা আৰু সপোন থকা কিন্তু সেইবোৰ লাভৰ বাবে সীমিত সম্পদ থকা সকলো যুৱক-যুৱতীৰ বাবে উৎসৰ্গা কৰিছো । মই আশাবাদী যে যেনেকৈ দৰ্শকে ‘ভিলেজ ৰকষ্টাৰ্ছ’ ক আকোৱালি লৈছিল, তেওঁলোকে এই ছবিখনকো আঁকোৱালি ল’ব,” তেওঁ লগতে এইদৰে কয় ।

2017 চনত প্ৰতিষ্ঠা হোৱা কিম জিছেঅ’ক বঁটাৰ জৰিয়তে এছিয়ান চিনেমাৰ আৱিষ্কাৰ আৰু বৃদ্ধিৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা প্ৰয়াত কিম জিছেঅ’কক স্মৰণ কৰা হয় । এছিয়ান চিনেমাৰ সমসাময়িক স্থিতি প্ৰতিফলিত কৰা শ্ৰেষ্ঠ ছবি দুখনক এই বঁটা দিয়া হয় ।

যোৱা বছৰ শ্ৰীলংকাৰ চলচ্চিত্ৰ নিৰ্মাতা প্ৰসন্ন ভিথানেগেৰ "পেৰাডাইজ" আৰু কাৰ্গিজ পৰিচালক মিৰ্লান আব্দিকালিকোভৰ "ব্ৰাইড কিডনেপিং" ছবিয়ে কিম জিছেঅ’ক বঁটা লাভ কৰিছিল । 11 অক্টোবৰত 29 সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ অন্ত পৰিব ।

লগতে পঢ়ক : ছিংগাপুৰৰ প্ৰযোজনা সংস্থা Akanga Film Asia ই প্ৰযোজনা কৰিব ৰীমা দাসৰ মালতী মাই লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.